বুৰঞ্জী
বুৰঞ্জী বা বুৰণ -জি (আহোম: 𑜈𑜥𑜍𑜨𑜃𑜫𑜊𑜣 būronjʸī)[1] হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। বুৰঞ্জী শব্দটোৰ মূল টাই-চীন আহোম ভাষা। ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম'-লৌঙ সকলেও বুৰঞ্জী লিখিছিল, যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু প্ৰকাশিত কিতাপৰ পাছত বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু সেয়া আধুনিক বুৰঞ্জীহে ৰাজকীয় সাঁচিপতিয়া বুৰঞ্জী নহয়[2][3][4]। সেই সময়ত এনেধৰণৰ বুৰঞ্জী লিখা প্ৰথা সেইসময়ত বিৰল আছিল আৰু লগতে টাই আহোমৰ উপৰিও আন বহুতো জাতি জনগোষ্ঠীৰ অতীতৰ বিষয়ে বিশ্বাসযোগ্য তথ্যৰ উৎস হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে।
আৰম্ভণি
সম্পাদনা কৰকআহোম ভাষাৰ অৰ্থ : প্ৰাচীন সাহিত্যৰ ভঁৰাল, বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওফা চুকাফাৰ নিৰ্দেশত ১২২৮ চনমানতে অসমত বুৰঞ্জী লিখা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন ঘটে। সেই সময়ত শাসকীয় পক্ষৰ লগতে বাকী লোকসকলেও ঘৰে ঘৰে বুৰঞ্জী লিখি ৰাখিছিল। গতিকে বুৰঞ্জীৰ মূলতঃ দুটা ভাগ দেখা যায়: ৰজাঘৰীয়া বুৰঞ্জী আৰু অন্যান্য পৰিয়ালসমূহে লিখা বুৰঞ্জী।[5] টাই আহোম ভাষাত লিখিত বুৰঞ্জীসমূহক বিষয়বস্তু অনুযায়ী লিট ফি আৰু ডিন বুৰঞ্জী হিচাপে দুই ভাগত ভগাব পাৰি। 'ফি' শব্দৰ অৰ্থ হ’ল দেউ ডাঙৰীয়া আৰু এনে বুৰঞ্জীত প্ৰাচীন চীনৰ মৌঙ ফি আৰু প্ৰাচীন টাই সকল আদিৰ বিষয়ে উপকথামূলক কাহিনী আছে। আনহাতে 'ডিন' শব্দৰ অৰ্থ হ’ল পৃথিৱী আৰু ইয়াত ম্যুং-ৰি-ম্যুং ৰাম ৰাজ্যত (বৰ্তমান চীনৰ Xishuangbanna অঞ্চল) খুন্-লুং আৰু খুনলাইৰ বংশধৰসকল আৰু চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যসমূহৰ বিষয়ে তথ্য-পাতি আছে। বুৰঞ্জীসমূহৰ আকাৰ, বিৱৰণ আদিৰ আধাৰত ইয়াক লাই লিক (ঘাই/ৰাজনীতি বিষয়ক পুথি), লিট (নথি পত্ৰ/পবিত্ৰ গ্ৰন্থ), ৰু-পুত (শিক্ষাৰ উদ্দেশ্যে ৰক্ষিত নথি পত্ৰ), উ-কুত (থোৰতে লিখি ৰখা ঘটনাপঞ্জী) আদি ভাগত ভগোৱা হয়।[6] আহোম সাম্ৰাজ্যৰ পতনৰ পিছত বুৰঞ্জী লিখাৰ প্ৰথাও লাহে লাহে নোহোৱা হয়।
আহোম ৰাজত্বকালত লিখা বুৰঞ্জীসমূহত আহোম ৰাজ্যৰ উপৰিও কাষৰীয়া চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্য (চুতীয়া, কছাৰী আৰু ত্ৰিপুৰা বুৰঞ্জী) তথা কূটনৈতিক সম্পৰ্ক থকা মোগল সাম্ৰাজ্যৰ (পাদশ্যাহ বুৰঞ্জী) বিষয়েও বিশদ বিৱৰণ আছে।[6] এই বুৰঞ্জীসমূহ ঘাইকৈ সাঁচিপাতত লিখা হৈছিল।
আহোম প্ৰশাসনত বুৰঞ্জী প্ৰণয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু চিৰিং ফুকন নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈছিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।[6] ৰাজেশ্বৰ সিংহৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যাদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।[7] তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।[6]
বুৰঞ্জী ভিক্তিক আধুনিক পুথি
সম্পাদনা কৰকনং. | পুথি খনৰ নাম | লেখক/সংকলক/সংগ্ৰাহক |
---|---|---|
১ | আচাম বুৰঞ্জী | হৰকান্ত বৰুৱা |
২ | আচাম বুৰঞ্জী | কাঁশীনাথ তামোলী ফুকন |
৩ | আহোম বুৰঞ্জী | গোলাপ চন্দ্ৰ বৰুৱা |
৪ | পুৰণি আচাম বুৰঞ্জী | হেমচন্দ্ৰ গোস্বামী |
৫ | তুংখুঙীয়া বুৰঞ্জী | সূৰ্য কুমাৰ ভূঞা |
৬ | ত্ৰিপুৰা বুৰঞ্জী | ৰত্ন কুণ্ডলী আৰু অৰ্জুন দাস, ১৭২৪ চনত |
৭ | চকৰি ফেঁটী বুৰঞ্জী (দ্বিতীয়খন) | নগেন হাজৰিকা, ১৯৯০ |
৮ | অবৌৰঞ্জীক | নগেন হাজৰিকা |
৯ | অজগৰ বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৬ |
১০ | মাটি ফেঁটী বুৰঞ্জী | নগেন হাজৰিকা |
১১ | The Buranjis, Historical Literature of Assam: A Critical Survey | লীলা গগৈ |
১২ | তুংখুঙীয়া বুৰঞ্জী | শ্ৰীনাথ দুৱৰা বেজবৰুৱা |
১৩ | জীৱন বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯০ |
১৪ | কাল ফেঁটী বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৩ |
১৫ | আহোম সভাৰ খুচুৰা বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৪ |
১৬ | আহোমৰ সংস্কৃতিৰ বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৬ |
১৭ | মকৰাজাল বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৬ |
১৮ | কাৰ্শলা বুৰঞ্জী | নগেন হাজৰিকা, ১৯৯৯ |
১৯ | বিভিন্ন ধৰ্মৰ বুৰঞ্জী | নগেন হাজৰিকা, ২০০২ |
২০ | তে তে বুৰঞ্জী | নগেন হাজৰিকা, ২০০৩ |
২১ | নগণ্য বুৰঞ্জী | নগেন হাজৰিকা, ২০০৮ |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Hartman 2011, পৃষ্ঠা. 227.
- ↑ লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৫৬. ISBN 81-7339-079-7.
- ↑ Goswami, Golockchandra (1982), Structure of Assamese, Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court
- ↑ (Goswami 2007, পৃষ্ঠা 436)
- ↑ (Hartman 1997, পৃষ্ঠা 227)
- ↑ 6.0 6.1 6.2 6.3 লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ১১০-১৪৬. ISBN 81-7339-079-7.
- ↑ Sarkar, J. N. (1992) The Buranjis: Ahom and Assamese in The Comprehensive History of Assam Vol II (ed H K Barpujari), Publication Board, Assam
উৎস প্ৰসংগ
সম্পাদনা কৰক- Hartmann, John F. (7 April 2011). "Phongsawadan Tai-Ahom: Ahom Buranji [Tai-Ahom Chronicles], 2 Vols. Transcribed and translated by Renu Wichasin. Bangkok: Amarin Printing and Publishing Ltd. Pp. xxiv, 993 [Continuous Pagination]. Map, Photos, Tables, Glossary. [In Thai]". Journal of Southeast Asian Studies খণ্ড 28 (01): 227–229. doi:10.1017/S002246340001554X.