যাদৱ পায়েং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

42 নং শাৰী:
 
==জনপ্ৰিয় মাধ্যমত==
যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে-''The Boy who grew a forest: The True Story of Jadav Payeng'' (অৰণ্য গঢ়া ল'ৰাজনঃ যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)।<ref>https://www.onlypicturebooks.com/2019/03/18/the-boy-who-grew-a-forest/</ref> ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। উল্লেখযোগ্য যে, গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে-''পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব। '' <small>(''"Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination..."'')</small>।<ref>https://www.sophiagholz.com/the-boy-who-grew-a-forest
</ref>