শ্ৰেণী:অসমীয়া কবি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Nabeen Burhagohain (আলোচনা)-ই কৰা 282211 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Replaced Undo
4 নং শাৰী:
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:কবি]]
{{infobox writer
| name = বাব্‌লু প্ৰসাদ বৰুৱা
|image =
|image_size =
|caption =
|birth_date = ১৯৯১
|birth_place = [[ৰজাহাউলি, বালিগাঁও]], [[যোৰহাট জিলা]], [[অসম]]
|death_date =
|death_place =
|occupation = উদ্যোগী ব্যৱসায়ী, গ্ৰন্থ প্ৰকাশক, কবি আৰু সাহিত্য সমালোচক
|years_active = ২০০৩ৰ পৰা বৰ্তমানলৈকে।
| occupation = লেখক, সাংবাদিক, আলোচনী সম্পাদক
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity = [[কায়স্থ]]
| citizenship = ভাৰত
| education = ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ কলা শাখাৰ স্নাতকোত্তৰ। লগতে পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিষয়ত ডিপ্লʼমা প্ৰাপক।
| alma_mater =
| notableworks = ১। দিচৈপাৰৰ দ্যুতি<br/>২। মʼহগড় : অসম আৰু অসমীয়াৰ ঐতিহ্য<br/>৩। অʼ মোৰ হেৰোৱা মাত
| father = প্ৰদীপ কুমাৰ বৰুৱা
| mother = মীৰা বৰুৱা
| foster mother = সুবৰ্ণপ্ৰভা বৰুৱা (জেঠায়েক)
| awards = বালিগাঁও শাখা সাহিত্য সভাৰ ''শ্ৰেষ্ঠ কবি'' বঁটা (২০০৭)<br/>জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ''বৰ্ষশ্ৰেষ্ঠ কবি''- দুবাৰ (২০১০-১১)<br/>প্ৰথম 'বন্ধু-চাকি বঁটা' (২০১৯)।
| signature =
| signature_alt =
| website =
}}
'''বাব্‌লু প্ৰসাদ বৰুৱা''' ({{lang-en|Bablu Prasad Baruah}}) [[অসম]]ৰ এগৰাকী তৰুণ কবি, বাতৰি কাকতৰ স্তম্ভ-লেখক আৰু সাহিত্য সমালোচক। একবিংশ শতিকাৰ আধুনিক অসমীয়া কবিতাৰ জগতত তেখেত অন্যতম জনপ্ৰিয় কবি। ১৯৯১ চনৰ ১৯ অক্টোবৰ তাৰিখে [[যোৰহাট]] জিলাৰ [[ৰজাহাউলি, বালিগাঁৱ]]ত তেখেতৰ জন্ম হয়। যোৰহাট আৰু দেৰগাঁৱত তেখেতৰ শৈশৱকাল অতিবাহিত হয়। তেখেত কৰ্মসূত্ৰে এজন উদ্যোগী ব্যৱসায়ী আৰু গ্ৰন্থ প্ৰকাশক। ২০০৩ চনৰ পৰা তেখেতৰ সাহিত্য জীৱন আৰম্ভ হয়। প্ৰকাশিত গ্ৰন্থৰ সংখ্যা তিনিখন। ''অʼ মোৰ হেৰোৱা মাত'' (২০১৭) তেখেতৰ প্ৰথম প্ৰকাশিত কাব্যগ্ৰন্থ। ইয়াৰ লগতে ''পূবৰ জ্যোতি : হেম বৰুৱা'' (২০১৪) নামেৰে এখন মূল্যবান জীৱনী গ্ৰন্থ প্ৰকাশ হৈছে। তেখেতৰ পাঁচবছৰীয়া গৱেষণা আৰু অনুসন্ধানমুখী পৰিশ্ৰমৰ ফচল হিচাপে শঙ্কৰোত্তৰ যুগৰেপৰা বৰ্তমানলৈকে প্ৰায় ডেৰশ গৰাকী বিশিষ্ট যোৰহটীয়া কবিৰ নিৰ্বাচিত কবিতা আৰু চমু জীৱনী টোকা সন্নিৱিষ্ট ''দিচৈপাৰৰ দ্যুতি'' (২০২০) নামৰ এক অভিনৱ কাব্য সংকলন প্ৰকাশ পাইছে।
 
==ব্যক্তিগত জীৱন==
১৯৯১ চনৰ ১৯ অক্টোবৰত [[যোৰহাট]]ত বাব্‌লু প্ৰসাদ বৰুৱাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম প্ৰদীপ কুমাৰ বৰুৱা আৰু মাতৃ মীৰা বৰুৱা।<ref name="তোৰ নাই যে বন্ধোৱা বাট">{{cite journal | title=বাব্‌লু প্ৰসাদ বৰুৱাৰ তথ্য ভাণ্ডাৰ | author=বাব্‌লু প্ৰসাদ বৰুৱা, দেৱজিৎ গোস্বামী | journal=তোৰ নাই যে বন্ধোৱা বাট}}</ref> প্ৰদীপ কুমাৰ বৰুৱা হৈছে যোৰহাটৰ বাৰ এছʼচিয়েশ্যনৰ অনুমোদিত আৰ্জিনৱীশ আৰু [[যোৰহাট জিলা কংগ্ৰেছ কমিটি]]ৰ এজন প্ৰাক্তন সম্পাদক। তেখেতৰ ককাক হৈছে যোৰহাটৰ প্ৰখ্যাত গন্ধীয়া বৰুৱা পৰিয়ালৰ বিশিষ্ট গান্ধীবাদী সমাজসেৱক ৺ভোগেশ্বৰ বৰুৱা, যাৰ নেতৃত্বত সমগ্ৰ পূৰ্বোত্তৰ ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম যোৰহাটৰ ঐতিহ্যমণ্ডিত বালিগাঁৱৰ কঁকিলামুখত আচাৰ্য বিনোৱা ভাবেৰ আহ্বানমৰ্মে আৰু প্ৰসিদ্ধ অসমীয়া ব্যক্তি নীলমণি ফুকনৰ পৰামৰ্শক্ৰমে ''"সৰ্বোদয় আন্দোলন"''ৰ সূচনা হৈছিল আৰু স্বাৱলম্বী জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঠনৰ হেতু এক "গোশালা সমবায় সঙ্ঘ" গঠিত হৈছিল।<ref name="anyayug">{{cite web | url=https://www.anyayug.com/p/ranggharar-itibritta-june-2021.html?m=1 | title=ranggharar-itibritta | publisher=anyayug.com | accessdate=June 14, 2021 | author=Prodip Kumar Baruah}}</ref>
 
যোৰহাটতে পঢ়াশলীয়া শিক্ষা আৰম্ভ কৰা বৰুৱা ২০০৭ চনত [[যোৰহাট]]ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০১২ চনত তেখেতে [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২০১৭ চনত তেখেতে [[কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়]]ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
 
==অনুষ্ঠান==
বাব্‌লু প্ৰসাদ বৰুৱা অসমৰ বিভিন্ন সামাজিক-সাহিত্যিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত। তাৰে কেইটামান হ'ল:
 
* ত্ৰিবেণী মইনা পাৰিজাতৰ পৰিচালক
* মণিকাঞ্চন কলা-কৃষ্টি কেন্দ্ৰ : শিশু-কিশোৰ তথা যুৱ প্ৰজন্মৰ বৌদ্ধিক-মানসিক বিকাশৰ বাবে কাম কৰা শৈক্ষিক-সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক (২০১০-২০১৭ লৈকে)
* বালিগাঁও শাখা সাহিত্য সভা : সহকাৰী সম্পাদক (সোণালী জয়ন্তী বৰ্ষ)
* প্ৰজ্ঞানুসন্ধান: গ্ৰাম্য পুথিভঁৰাল
* নৱবিকাশ চেমনীয়া চʼৰা, বালিগাঁও- শিক্ষাৰ্থী আৰু যুৱসমাজৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সম্পাদক
* কেন্দ্ৰীয় ঐতিহ্য সংৰক্ষণ আৰু গৱেষণা সংসদ- শৈক্ষিক-সামাজিক প্ৰতিষ্ঠান
* অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
* সমন্বয় সংঘ (ৰংঘৰ), বালিগাঁও- শিক্ষাৰ্থী আৰু যুৱসমাজৰ শৈক্ষিক কেন্দ্ৰৰ প্ৰাক্তন সম্পাদক
* যোৰহাট জিলা সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক
*  অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক, ৰাজ্যিক সম্পাদক তথা ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ সদস্য<ref name="sentinelassam">{{cite web | url=https://www.sentinelassam.com/amp/news/assamese-language-must-be-developed-as-a-language-of-integration/#referrer=https%3A%2F%2Fwww.google.com&amp_tf=From%20%251%24s| title=assamese-language-must-be-developed-as-a-language-of-integration | publisher=Sentinel Assam | accessdate=June 14, 2021 |}}</ref>
* যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক
* সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ সম্পাদক, কাৰ্যালয় সম্পাদক, সাংগঠনিক সম্পাদক তথা সহকাৰী সম্পাদক হিচাপে দীৰ্ঘকাল ধৰি জড়িত।
* নেহৰু যুৱ কেন্দ্ৰ, যোৰহাটৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক।
 
==সাহিত্য কৰ্ম==
পঢ়াশলীয়া দিনতে বাব্‌লু প্ৰসাদ বৰুৱাই [[মৌচাক]], [[আমাৰ সাৰথি]], [[সঁফুৰা]], [[আমাৰ অসম]], [[জিজ্ঞাস]] আদিৰ পাতত নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলে। উচ্চ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে তেখেতে [[প্ৰান্তিক]], [[গৰীয়সী]], [[সাতসৰী]]ৰ দৰে বহুল প্ৰচলিত উচ্চ মানদণ্ডৰ আলোচনীত বহুকেইটা চিন্তাকৰ্ষী লেখা লিখি সাহিত্য-ৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কলেজীয়া দিনত তেখেত মহাবিদ্যালয় আলোচনী গোটৰ লগতো জড়িত আছিল। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰকাশ পোৱা বাৰ্ষিক কাব্যালোচনী 'অনুভৱ'ৰ দুটা সংখ্যা (২০১০-২০১১) তেখেতে সম্পাদনা কৰিছিল। যোৰহাটৰ পৰা প্ৰকাশিত শিশু উপযোগী আলোচনী 'সাৰথি'ৰ সৈতে বৰুৱা জড়িত আছিল। প্ৰথম ২০১৩ চনত [['কেন্দ্ৰীয় ঐতিহ্য সংৰক্ষণ আৰু গৱেষণা সমিতি, অসম']]ৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাকেন্দ্ৰিক সভ্যতাৰ ইতিহাস সম্পৰ্কে আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত 'মʼহগড় : অসম আৰু অসমীয়াৰ ঐতিহ্য' নামেৰে এখন অতি গুৰুত্বপূৰ্ণ তথ্য আৰু মূল্যবান প্ৰবন্ধ সন্নিৱিষ্ট গ্ৰন্থ সম্পাদনা কৰি উলিয়ায়। । তাৰ পিছত ২০১৪ চনত অসমসিংহ, আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত [[হেম বৰুৱা]]ৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে 'পূবৰ জ্যোতি: হেম বৰুৱা' নামেৰে জীৱনী-গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায়। ২০১৬ চনত [[ডাঃ দেৱীচৰণ ঠাকুৰ]] সম্পাদিত ''Tri-lingual Encyclopedic Dictionary of Medicinal Plants and Herbs'' (ঔষধীয় উদ্ভিদ বিশ্বকোষ) গ্ৰন্থৰ সমুদায় পাঠৰ সম্পাদনা-কৰ্মত সহযোগিতা আগবঢ়াবলৈ সুযোগ লাভ কৰে। হেমন্ত দত্ত সম্পাদিত ''তোৰে মোৰে আলোকৰে যাত্ৰা'' গ্ৰন্থতো তেখেতে সম্পাদনাত সহায় কৰে। বৰুৱাৰ ২০১৭ চনত প্ৰকাশিত প্ৰথম কাব্যগ্ৰন্থ হৈছে "অʼ মোৰ হেৰোৱা মাত"। ২০২০ চনত তেখেতে পাঁচবছৰীয়া নিৰলস গৱেষণা আৰু পৰিশ্ৰমী অধ্যয়নৰ ফচল ''দিচৈপাৰৰ দ্যুতি'' কিতাপখন সঙ্কলিত কৰি উলিয়ায়।
ইয়াৰ উপৰি অসমৰ সকলো আগশাৰীৰ বাতৰি কাকত-আলোচনীত তেখেতৰ বিভিন্ন চিন্তাকৰ্ষী লেখা আৰু মৌলিক কবিতা, নিবন্ধ প্ৰকাশ পাইছে। যোৰহাটৰ শব্দ শৈক্ষিক কেন্দ্ৰই আয়োজন কৰা যোৰহাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উপলক্ষ্যে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ "গ্ৰন্থ-চিন্তা", সদৌ অসম কবি সন্মিলনৰ বাৰ্ষিক মুখপত্ৰ ''সমলয়'', অসমীয়া সাহিত্য সন্মিলনী, যোৰহাট জিলাৰ মুখপত্ৰ "সন্মিলন" আদিৰ লগতে ''বাক্'' আৰু ''বৰ্ণবাক্'' নামৰ দুখন উচ্চ মানদণ্ডৰ আলোচনী তেখেতে সম্পাদনা কৰিছিল। বাব্‌লু প্ৰসাদ বৰুৱাৰ তথ্যসমৃদ্ধ লেখা আৰু গ্ৰন্থসমূহে ৰাইজৰ লগতে সাৰস্বত সমাজৰ সমাদৰ লাভ কৰিছে।
 
==তথ্য&nbsp; সংগ্ৰহ==
{{Reflist}}
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা]]
 
==বাহ্যিক&nbsp; সংযোগ==
* [https://www.anyayug.com/p/jorhator-kavyaprabahor-goti-progoti.html?m=1 '''jorhator-kavyaprabahor-goti-progoti'''] ''বাব্‌লু প্ৰসাদ বৰুৱা ৰচিত এটি সমালোচনামূলক নিবন্ধ (অসমীয়া)''
* [https://www.anyayug.com/p/kabita-oct-20.html?m=1#11 '''বিসংলগ্ন : এটা এণ্টি কবিতা'''] ''বাব্‌লু প্ৰসাদ বৰুৱা ৰচিত এটি কবিতা (অসমীয়া)''