ভানুমতী (দুৰ্যোধনৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
21 নং শাৰী:
মহাভাৰতৰ শান্তি পৰ্বত দুৰ্যোধনৰ বিবাহ বিষয়ে পোৱা যায়। মহাভাৰতত মহৰ্ষি নাৰদে কলিঙ্গৰাজ চিত্ৰাঙ্গদাৰ জীয়েকৰ স্বয়ম্বৰৰ কাহিনী বৰ্ণনা কৰিছে। কাহিনীটোত কিন্তু ক’তো ৰাজকুমাৰীৰ নাম উল্লেখ কৰা হোৱা নাই মাত্ৰ তেওঁক সুন্দৰী বুলি কোৱা হৈছে।<ref name="Chakravarti"/>
 
দুৰ্যোধনক কলিঙ্গৰ ৰজা চিত্ৰাঙ্গদাৰ জীয়ৰীৰ স্বয়ম্বৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। দুৰ্যোধন তেওঁৰ পৰম মিত্ৰ কৰ্ণক লগত লৈ ৰাজাপুৰা চহৰলৈ গৈছিল। উক্ত অনুষ্ঠানটোত শিশুপাল, জৰাসন্ধ, ভীষ্মক, বক্ৰ, কপটাৰমন, নীল, ৰুক্মি, শৃঙ্গ, অশোক, শতধনৱান আদি বহুতো কিংবদন্তি শাসকে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটো আৰম্ভ হোৱাৰ পিছত, ৰাজকুমাৰীয়ে হাতত বৰমালা লৈ খেলপথাৰতস্বয়ম্বৰ সভাত প্ৰৱেশ কৰিছিল। তেওঁৰ চাৰিওকাষে তেওঁৰ দাসী আৰু দেহৰক্ষীসকল আছিল। যেতিয়া স্বয়ম্বৰ সভাত অংশগ্ৰহণ কৰা ৰজাসকলৰ নাম আৰু তেওঁলোকৰ বংশৰ বিষয়ে অৱগত কৰা হৈছিল, তেওঁ দুৰ্যোধনৰ ওচৰৰ পৰা আঁতৰি গৈছিল। ইতিমধ্যে দুৰ্যোধন ৰাজকুমাৰীৰ ৰূপত মুগ্ধ হৈ পৰিছিল সেয়ে তেওঁৰ প্ৰত্যাখ্যান স্বীকাৰ কৰিবলৈ অমান্তি হৈছিল আৰু অন্য ৰজাসকলক প্ৰত্যাহ্বান জনাই জোৰ কৰি ভানুমতীক ৰথত তুলি লৈ গৈছিল। কৰ্ণই তেওঁৰ বন্ধুক সুৰক্ষা দিবলৈ বাকী ৰজাসকলৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। কৰ্ণই অতি সহজে তেওঁলোকক অনুসৰণ কৰা ৰজাসকলক পৰাস্ত কৰিছিল আৰু আন ৰাজকীয় প্ৰাৰ্থীসকলে কৰ্ণৰ যুদ্ধ কৰাৰ দক্ষতা দেখি তেওঁলোকক অনুসৰণ কৰা বাদ দি উভতি গৈছিল। হস্তিনাপুৰত উপস্থিত হোৱাৰ পিছত, দুৰ্যোধনে তেওঁৰ ককাদেউতাক ভীষ্মই তেওঁৰ ভাতৃ বিচিত্ৰবৰ্মাৰ বাবে কাশীৰ তিনিগৰাকী ৰাজকুমাৰীক অপহৰণ কৰাৰ উদাহৰণ দি তেওঁৰ এই কাৰ্য্য ন্যায়সঙ্গত বুলি প্ৰতিষ্ঠা কৰিছিল। অৱশেষত, ৰাজকুমাৰীয়েও দুৰ্যোধনৰ পত্নী হবলৈ সন্মতি প্ৰদান কৰিছিল।<ref>{{Cite book|last=Anonymous|url=https://books.google.com/books?id=ygA2240G74kC&q=Narada+said%2C+%27Having+thus+obtained+weapons+from+him+of+Bhrigu%27s+race%2C+Karna+began+to+pass+his+days+in+great+joy%2C+in+the+company+of+Duryodhana%2C+O+bull+of+Bharata%27s+race.&pg=PT7783|title=The Mahabharata of Krishna-Dwaipayana Vyasa (Complete)|publisher=Library of Alexandria|isbn=978-1-4655-2637-3|language=en}}</ref>
 
দুৰ্যোধনৰ মৃত্যুৰ পিছত গান্ধৰীৰ উল্লেখৰ সৈতে ভানুমতীৰ কাহিনীৰ সমাপ্তি ঘটিছিল। ইয়াৰ পিছত তেওঁ অন্য কোনো পুৰুষক বিয়া কৰোৱাৰ কোনো কথা মহাভাৰতৰ ক’তো একো উল্লেখ কৰা হোৱা নাই।