ডিমিট্ৰি মুৰাটভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
20 নং শাৰী:
|awards= শান্তিৰ [[ন'বেল বঁটা]], ২০২১
}}
'''ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ''' ({{lang-en|Dmitry Muratov}}, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংবাদিক আৰু ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাৰ মুখ্য সম্পাদক।<ref name="neweditornov17">{{cite web | url=https://www.novayagazeta.ru/news/2017/11/17/137108-glavnym-redaktorom-novoy-gazety-stal-sergey-kozheurov | title=Главным редактором "Новой газеты" стал Сергей Кожеуров | work=Novaya Gazeta | date=17 November 2017 | access-date=17 November 2017}}</ref> গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ২০২১ বৰ্ষত সাংবাদিক [[মাৰিয়া ৰেচ্ছা]] আৰু তেওঁ যুটীয়ভাৱেযুটীয়াভাৱে শান্তিৰ [[ন'বেল বঁটা]] লাভ কৰে।<ref name="nobelprize.summary">[https://archive.is/20211008090154/https://www.nobelprize.org/prizes/peace/2021/summary/ The Nobel Peace Prize 2021]</ref>
মুৰাটভে ১৯৯৩ চনত আন কেইবাজনো সাংবাদিকৰ সৈতে গণতন্ত্ৰ পন্থী বাতৰি কাকত নোভায়া গাজেটাৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈ বাতৰি কাকতৰ মুখ্য সম্পাদক আছিল। পুনৰ ২০১৯ চনত তেওঁ এই পদ গ্ৰহণ কৰিছিল। বাতৰি কাকতখন চৰকাৰী দুৰ্নীতি আৰু মানৱ অধিকাৰ উলংঘনৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে জনাজাত।<ref name="cpj">{{Cite web|url=http://cpj.org/awards/2007/muratov.php|title = Dmitry Muratov, Editor of Novaya Gazeta, Russia}}</ref> মুখ্য সম্পাদক হিচাপে তেওঁ পুটিন চৰকাৰৰ সমালোচনা কৰা আন্না পলিটকভস্কায়াৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। সাংবাদিক সুৰক্ষা সমিতিৰ মতে মুৰাটভে "বৰ্তমান ৰাছিয়াত ৰাষ্ট্ৰীয় প্ৰভাৱ থকা একমাত্ৰ গুৰুত্বপূৰ্ণ বাতৰি কাকত" সৃষ্টি কৰাত সহায় কৰিছিল।<ref name=":1" /> চেচনিয়া আৰু উত্তৰ ককেছাছৰ অশান্ত পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰাত তেওঁৰ কাকত যথেষ্ট প্ৰভাৱশালী ভূমিকা পালন কৰিছে।
 
43 নং শাৰী:
মুৰাটভে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। বিপদৰ সন্মুখীন হৈ সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁৰ সাহসিকতাৰ বাবে তেওঁ ২০০৭ চনত সাংবাদিক সুৰক্ষা সমিতিৰ পৰা আন্তৰ্জাতিক প্ৰেছ স্বাধীনতা বঁটা লাভ কৰিছিল।<ref>{{cite web |title=CPJ congratulates Maria Ressa and Dmitry Muratov for winning the 2021 Nobel Peace Prize |url=https://cpj.org/2021/10/cpj-congratulates-maria-ressa-and-dmitry-muratov-for-winning-the-2021-nobel-peace-prize/ |publisher=CPJ |access-date=8 October 2021}}</ref> ২০১০ চনৰ ২৯ জানুৱাৰীত সাংবাদিকৰ স্বাধীনতাৰ প্ৰতি থকা স্থিতিৰ বাবে ফ্ৰান্স চৰকাৰে তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন অফ অনাৰ অৰ্ডাৰ প্ৰদান কৰে।<ref>{{Cite web|url=https://www.rferl.org/Watchdog|title=Watchdog|website=RadioFreeEurope/RadioLiberty}}</ref> মুৰাটভে ২০১০ চনৰ মে মাহত নোভায়া গাজেটাৰ হৈ ফৰ ফ্ৰীদম বঁটা লাভ কৰিছিল।<ref>{{Cite web|url=https://www.roosevelt.nl/sites/zl-roosevelt/files/ffa_2010.pdf|title=Yhe Franklin Delano Roosevelt Four Freedoms Awards 2020}}</ref> ২০১৬ চনত মুৰাটভে ৱৰ্ল্ড এছ'চিয়েশ্যন অৱ নিউজ পাব্লিচাৰ্ছৰ পৰা গোল্ডেন পেন অৱ ফ্ৰীডম বঁটা গ্ৰহণ কৰে।
 
'গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে' ২০২১ বৰ্ষত সাংবাদিক [[মাৰিয়া ৰেচ্ছা]] আৰু [[ডিমিট্ৰি মুৰাটভ|ডিমিট্ৰি মুৰাটভে]] যুটীয়ভাৱেযুটীয়াভাৱে শান্তিৰ [[ন'বেল বঁটা]] লাভ কৰে।<ref>{{Cite web|title=The Nobel Peace Prize 2021|url=https://www.nobelprize.org/prizes/peace/2021/press-release/|access-date=2021-10-08|website=NobelPrize.org|language=en-US}}</ref>
 
==তথ্য উৎস==