অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য সংযোগ (edited with ProveIt)
(edited with ProveIt)
17 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
অমলেন্দু গুহ পূৰ্বপুৰুষ আছিল পূৰ্ববংগমূলৰ। তেওঁলোকৰ পাঁচ পিড়ি ঊৰ্ধ্বতন পুৰুষ ৰঘুনাথ গুহই ঢাকাৰ পৰা আহি মাণিকগঞ্জৰ শিমুলিয়াত বসবাস কৰিবলৈ লয়। তেওঁৰ পৰিনাতি ৰামসুন্দৰ গুহই ময়মনসিং জিলাৰ নাৰানদিয়ালৈ ঘৰজোঁৱাই হিচাপে আহি তাতে থিতাপি লয়। এওঁলোক আছিল তালুকদাৰ। তালুকদাৰ ৰামসুন্দৰৰ জ্যেষ্ঠপুত্ৰ গৌড় সুন্দৰৰ দ্বিতীয় পুত্ৰগৰাকীয়ে হ’ল ড॰ গুহৰ দেউতাক যামিনী সুন্দৰ গুহ।<ref name="জোৱাৰ-ভাটা">{{cite book | title=জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি | publisher=বনফুল প্ৰকাশন | author=[[অনিমা গুহ]] | year=২০০৯ | location=[[গুৱাহাটী]] | pages=২০০ | isbn=৯৭৮-৮১-৯০৯৫২৩-০-৯}}</ref>
 
যামিনী সুন্দৰ গুহ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। মাকৰ নাম আছিল জ্ঞানদা সুন্দৰী। যামিনী সুন্দৰ গুহ আৰু জ্ঞানদা সুন্দৰীৰ এঘাৰজন সন্তানৰ ছজন পুত্ৰ সন্তান আৰু পাঁচজনী কন্যা। অমলেন্দু গুহ আছিল ভাই-ভনীসকলৰ অষ্টমজন ।<ref name="জোৱাৰ-ভাটা"/>১৯২৪ চনৰ ৩০ জানুৱাৰীত [[ইম্ফল]]ত অমলেন্দু গুহৰ জন্ম হয়।<ref name="pratidin">{{cite web | url=http://www.asomiyapratidin.in/article.php?date=08-05-2015&page=1&article=19.jpg&cid=137051#.VVMP0o6qqko | title=ইতিহাসৰ দিকপাল ড॰ অমলেন্দু গুহৰ দেহাৱসান | publisher=অসমীয়া প্ৰতিদিন | date=৮ মে' ২০১৫ | accessdate=13 মে' 2015}}</ref> স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুচি আহে। তাত তেখেতে চিলভাৰ জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ.ত নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত [[কলকাতা বিশ্ববিদ্যালয়]]ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।<ref name="janambhumi">{{cite web | url=http://www.dainikjanambhumi.co.in/8may/index.php?q=10 | title=অমলেন্দু গুহ | publisher=Dinik Janambhumi | date=8 মে' 2015 | accessdate=14 মে' 2015 | pages=1, 10}}</ref> তেখেতে দিল্লীৰ ''স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজ''ত বিংশ শতিকাৰ [[আফগানিস্তান]]ৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar" /><ref name="জোৱাৰ-ভাটা"/> তেখেতে পুনেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ বুৰঞ্জী সন্মিলন আৰু [[শিৱসাগৰ]]ত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।<ref name="assamkart" />