মোৰাৰজী দেশাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

RIGHT INFOBOX REPLACED
No edit summary
47 নং শাৰী:
=='''শিক্ষা'''==
 
কৃষিৰ ওপৰত নিৰ্ভৰশীল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান মোৰাৰজী দেশায়ে মাত্ৰ ১০ টকা বৃত্তিসহ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা অৰ্জন কৰিবলৈ [[মুম্বাই]] (বোম্বাই)লৈ যায়। মুম্বাইৰ '''উইলছন মহাবিদ্যালয়তমহাবিদ্যালয়'''ত ভৰ্তি হৈ বিজ্ঞান বিষয়ত অধ্যয়ন কৰে, তাত তেওঁ বিনামূলীয়াকৈ হোষ্টেলত থকাৰ সুবিদা পাইছিল আৰু এ আই এছ চিৰ বৃত্তিও লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিৰ টকাখিনিও বিধৱা মাকৰ খৰচৰ বাবেহে পঠাইছিল। টকা-পইচাৰ নাটনি হোৱাৰ কাৰণে যিমানদূৰ পাৰে কম খৰচতে চলিবলৈ যত্ন কৰিছিল। তেওঁ স্নাতক উপাধি লাভ কৰাৰ পিছত মুম্বাই প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিছত নিযুক্ত হয়। ১৯১৮ চনৰ পৰা তেওঁ আহমদাবাদত ডেপুটী কালেক্টৰ পদত অধিষ্ঠিত হয়।
 
কিন্তু মোৰাৰজী দেশাই আছিল স্বাধীন মনা। সেয়ে তেওঁ বেছিদিনলৈ চাৰকাৰী চাকৰি জীৱন পচন্দ নকৰিলে। সেই সময়ত দেশত স্বাধীনতা সংগ্ৰামৰ প্ৰবল ঢৌৰ জোৱাৰ উঠিছিল। সুপ্ত ভাৰতবাসীক জাগ্ৰত কৰাৰ মানসেৰে মহাত্মাই বক্তৃতাৰ উপৰিও অনেক কাকতত প্ৰচাৰ চলাইছিল, সেইবোৰেই মোৰাৰজী দেশাইকো আকৰ্ষিত কৰিছিল। সেয়ে তেওঁ চাকৰি বাদ দি হাজাৰ হাজাৰ মুক্তিকামী জনাতৰা সৈতে তেৱোঁ থিয় দিলে ভাৰতৰ স্বাধীনতাৰ সপোন ৰচি। ১৯৩০ চনত তেওঁ চৰকাৰী চাকৰি উস্তাফা দিছিল।
 
=='''স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক জীৱন'''==
 
মোৰাৰজী দেশায়ে গুজৰাট প্ৰদেশ কমিটীত যোগদান কৰিলে। গান্ধী আৰউইন চুক্তি আৰু কৰাচী চুক্তিৰ পিছত তেওঁ কংগ্ৰেছ কমিটীৰ সম্পাদক হিচাপে নিযুক্ত হয়। এই সময়চোৱাত তেওঁ এবাৰ কাৰাবাস খাটিব লগীয়া হয়। ১৯৩৭ চনৰ পৰা তেওঁ জনসাধাৰনৰ সেৱা কৰাৰ পোনপটীয়া সুবিধা লাভ কৰে। বি জি খেৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে তেওঁ মাটিৰ ৰায়তী স্বত্ব আইনখনৰ অমূল সংস্কাৰ সাধন কৰাৰ উপৰিও পুলিচ বিভাগটোৰ উল্লেখনীয় পৰিবৰ্তন আনিবলৈ সমৰ্থবান হয়। তেওঁ ন্যায়পালিকাক প্ৰাদেশিক কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল। ১৯৫২ চনত খেৰে বোম্বাই মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ লোৱাত দেশায়ে বোম্বাইৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈ ১৯৬৫ চনলৈকে কাৰ্যনিবাহ কৰে। পিছে ভাষিক ভিত্তিত বোম্বাই ৰাজ্য বিভক্ত হোৱাৰ ঘটনাটোক কেন্দ্ৰে কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰ চলায়। এই দুয়ো দপ্তৰ চলায় ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈকে। তাৰ পাছত তেওঁ বিত্ত দপ্তৰৰ ভাৰ গ্ৰহন কৰে। তেওঁৰ কাৰ্য্যকালতেই বিত্তীয় সংস্কাৰবোৰ সাধিত হয়। সেইসময়তেই দেখা দিয়া জটিল অৰ্থনৈতিক পৰিস্থিতিকো মাৰ্কিন সাহায্যৰে নিয়ন্ত্ৰনলৈ আনিব পৰাটো তেওঁৰ বাবে আন এটা কৃতকাৰ্যতা। তেওঁ এই দপ্তৰ চালোৱাৰ কাৰ্যকাল আছিল ১৯৫৮ চনৰ পৰা ১৯৬৩ চনলৈকে।
 
জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত দেশায়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দিতা কৰে। কিন্তু কামৰাজৰ ঐক্যমতৰ ধ্বনিৰ বাবে তেওঁ ফলপ্ৰসু হৱ নোৱাৰিলে। ১৯৬৫ চনত তেওঁক প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি পাতে। ১৯৬৭ চনত তেওঁ হয় উপ-প্ৰধানমন্ত্ৰী। ১৯৬৯ চনত দ্বিবিভক্ত কংগ্ৰছ দলৰ সাংগঠনিক কংগ্ৰেছৰ সভাপতি হয় মোৰাৰজী আৰু শাসক কংগ্ৰেছৰ নেত্ৰী হল ইন্দিৰা গান্ধী আৰু দেশায়ে বিৰোধীৰ ভূমিকা পালন কৰি তেওঁ নিজৰ মতত অচল-অটল হৈ থাকিল। [[গুজৰাট]]ত নিৰ্বাচন পাতিবলৈ হেঁচা দি ১৯৭৫ চনৰ এপ্ৰিলত তেওঁ অনশন আৰম্ভ কৰিছিল। অনশনৰ সপ্তম দিনত ইন্দিৰাই গুজৰাটত নিৰ্বাচন পাতিবলৈ সৈমান হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে ১৯৭৯ চনৰ ১০ জুনত [[পূৱ ইউৰোপ]]ৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি সেই ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কাৰিকৰী দিশত উভয়ৰ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোতে অসমলৈ আহোতে এটা ভয়ানক [[বিমান]] দুৰ্ঘটনাৰ কবলত পৰিছিল। তেওঁ অহা [[আকাশী যান]]খন ভূপতিত হৈছিল [[অসম]]ৰ [[যোৰহাট জিলা]]ত, কিন্তু দেশাইৰ কোনো অনিষ্ট হোৱা নাছিল। ১৯৭৯ চনৰ ১৫ জুলাইত ২৮ মহীয়া দেশাই চৰকাৰে আভ্যন্তৰীণ কন্দলৰ গৰাহত পৰি ৰাষ্ট্ৰপতি [[সঞ্জীৱ ৰেড্ডী]]ৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হয়।