নানাজী দেশমুখ

ভাৰতীয় সমাজকৰ্মী

চণ্ডীকাদাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ (মাৰাঠী: नानाजी देशमुख; ১১ অক্টোবৰ ১৯১৬ – ২৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। তেওঁ এজন ভাৰতীয় জনতা পাৰ্টিৰ নেতা আছিল। নানাজী দেশমুখ ১৯৭৭ চনত লোকসভালৈ নিৰ্বাচিত আৰু ১৯৯৯ চনত ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত মৰণোত্তৰ ভাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[2]

ৰাষ্ট্ৰ ঋষি

নানাজী দেশমুখ

ভাৰতীয় ডাক টিকটত নানাজী দেশমুখ
লোকসভাৰ সাংসদ (বলৰামপুৰ লোকসভা সমষ্টি)
কাৰ্যকাল
১৯৭৭ – ১৯৭৯[1]
পূৰ্বসূৰী চন্দ্ৰ ভাল মণি তিৱাৰী
উত্তৰসূৰী চন্দ্ৰ ভাল মণি তিৱাৰী
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯৯৯ – ২০০৫
সমষ্টি মনোনীত সাংসদ
ব্যক্তিগত তথ্য
জন্ম
চণ্ডীকাদাস অমৃতৰাও দেশমুখ

১১ অক্টোবৰ, ১৯১৬
কাদলি, হিংগলী জিলা, মহাৰাষ্ট্ৰ
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ২০১০ (৯৩ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
শিক্ষানুষ্ঠান বিৰলা কলেজ
পুৰস্কাৰ ভাৰত ৰত্ন, ২০১৯
পদ্মবিভূষণ, ১৯৯৯

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক