বিশ্বাস পক্ষপাতিতা
বিশ্বাস পক্ষপাতিতা (ইংৰাজী: Belief Bias) হৈছে একধৰণৰ প্ৰৱণতা যাৰ প্ৰভাৱত যুক্তি-চালিত সিদ্ধান্ত এটাক বিচাৰ কৰোঁতে যুক্তিটোৰ পৰিৱৰ্তে সিদ্ধান্তটোকহে গুৰুত্ব দিয়া হয়৷ [1] এজন ব্যক্তিয়ে সিদ্ধান্ত-বিৰোধী প্ৰতি-যুক্তিসমূহক নাকচ কৰি নিজৰ মূল্যবোধ, বিশ্বাস আৰু পূৰ্ব-আৰোপিত জ্ঞানক সমৰ্থন কৰা সিদ্ধান্ত এটাক গ্ৰহণ কৰাৰ সম্ভাৱনা বেছি৷ [2] বিশ্বাস পক্ষপাতিতা হৈছে সততে দৃষ্টিগোচৰ হোৱা সাধাৰণ পক্ষপাতিতা আৰু এটা বিশেষ ত্ৰুটি৷ আমি সহজতেই নিজৰ বিশ্বাসৰ দ্বাৰা অন্ধ হ'ব পাৰোঁ আৰু এটা অশুদ্ধ সিদ্ধান্তত উপনীত হ'ব পাৰোঁ৷ একাধিক যুক্তিনিৰ্ভৰ কাৰ্যত বিশ্বাস পক্ষপাতিতাই গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে; যেনে-চৰ্তযুক্ত যুক্তিবাদ (conditional reasoning)[3], সম্পৰ্ক যুক্তিবাদ(relation reasoning),[4] আৰু সকৰ্মক যুক্তিবাদ (transitive reasoning)[5]
ছিলোছিজম (syllogism)
সম্পাদনা কৰকছিলোছিজম হৈছে এক প্ৰকাৰৰ যৌক্তিক বক্তব্য য'ত দুটা বা ততোধিক আধাৰৰ (Premise) ওপৰত ভিত্তি কৰি এটা সিদ্ধান্ত নিৰ্মাণ কৰা হয়৷ তলত দুটামান উদাহৰণ দিয়া হৈছে-
- সকলো মানুহেই মৰণশীল৷ (প্ৰধান আধাৰ)
- ছক্ৰেটিছ এজন মানুহ৷ (গৌণ আধাৰ)
- সেয়েহে, ছক্ৰেটিছ মৰণশীল৷ (সিদ্ধান্ত)
অবৈধ ছিলোছিজমৰ এটা উদাহৰণ হৈছে:
- সকলো কিশোৰীয়েই উচ্চাকাংক্ষী৷
- কিশোৰীসকল অধ্যয়নত পৰিশ্ৰমী৷
- তেওঁলোক অধ্যয়নত পৰিশ্ৰমী, কাৰণ তেওঁলোক উচ্চাকাংক্ষী৷
একাধিক অধ্যয়নত দেখা গৈছে যে, ছিলোজিছমৰ ক্ষেত্ৰত অধিকসংখ্যক অংশগ্ৰহণকাৰীয়েই আধাৰৰ ওপৰত নিৰ্মাণ কৰা সিদ্ধান্ত এটাক অশুদ্ধভাৱে চিনাক্ত কৰে৷ [1] বাস্তৱ পৃথিৱীত এটা কথা সত্য হ'ব পাৰে যে, (ক) কিশোৰীসকলে অধ্যয়ন কৰে আৰু (খ) কাৰণ তেওঁলোক উচ্চাকাংক্ষী৷ পিছে এই বক্তব্যটোত এটা আঁসোৱাহ আছে; কিয়নো সিদ্ধান্তটো আধাৰৰ জৰিয়তে সমৰ্থিত নহয়৷ বক্তব্যৰ বৈধতাটো সিদ্ধান্তৰ সত্যতাৰ পৰা স্বাধীন৷ অসত্য সিদ্ধান্তৰ বাবে বৈধ বক্তব্য থাকিব পাৰে আৰু শুদ্ধ সিদ্ধান্তৰ বাবে অবৈধ বক্তব্য থাকিব পাৰে৷ সেয়েহে, সিদ্ধান্তৰ গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি বক্তব্য এটাৰ বৈধতা বিচাৰ কৰাটো ত্ৰুটিপূৰ্ণ৷ এই ত্ৰুটিকেই বিশ্বাস পক্ষপাতিতা হিচাপে নামকৰণ কৰা হৈছে৷ [1]
বিশ্বাস পক্ষপাতিতা আৰু সময়
সম্পাদনা কৰক২০০৫ চনত ইভানছ আৰু হমছৰ তত্ত্বাৱধানত এটা বিশেষ অধ্যয়ন সম্পন্ন হয়৷[6] তেওঁলোকে দুটা বিশেষ গোট নিয়োগ কৰি যুক্তিসংগত এলানি প্ৰশ্ন তেওঁলোকৰ সমুখত উত্থাপন কৰিলে৷ এটা গোটক উত্তৰ দিবলৈ মাথোঁ দুই ছেকেণ্ড সময় দিয়া হ'ল৷ আনহাতে আনটো গোটক পৰ্যাপ্ত সময় দিয়া হ'ল৷ ফলাফল আহিলত দেখা গ'ল যে, দুই ছেকেণ্ড সময়ৰ গোটটোৱে দাখিল কৰা অধিকসংখ্যক প্ৰশ্নতেই অশুদ্ধ৷ কিন্তু পৰ্যাপ্ত সময় দিয়া গোটটোত অশুদ্ধতাৰ সংখ্যা কম৷ পৰীক্ষকদ্বয়ে সৰ্বশেষত জনালে যে-এইয়া হৈছে যৌক্তিকতাৰ পৰিৱৰ্তে বিশ্বাস-নিৰ্ভৰ চিন্তনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিণতি৷
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Robert J. Sternberg; Jacqueline P. Leighton (2004). The Nature of Reasoning. Cambridge University Press. পৃষ্ঠা. 300. ISBN 978-0-521-00928-7. https://books.google.com/books?id=ujoNZNZrZcoC&pg=PA300। আহৰণ কৰা হৈছে: 3 September 2013.
- ↑ Evans, Jonathan; Newstead, Stephen; Byrne, Ruth (1993). Human Reasoning: The Psychology of Deduction. Lawrence Erlbaum Associates, Publishers. পৃষ্ঠা. 243. ISBN 9780863773136. https://archive.org/details/humanreasoningps0000evan_l5y4। আহৰণ কৰা হৈছে: 26 January 2017. "belief bias."
- ↑ Evans, Jonathan St. B. T.; Handley, Simon J.; Bacon, Alison M. (2009-01-01). "Reasoning Under Time Pressure". Experimental Psychology খণ্ড 56 (2): 77–83. doi:10.1027/1618-3169.56.2.77. ISSN 1618-3169. PMID 19261582.
- ↑ Andrews, Glenda (2010-10-01). "Belief-based and analytic processing in transitive inference depends on premise integration difficulty" (en ভাষাত). Memory & Cognition খণ্ড 38 (7): 928–940. doi:10.3758/MC.38.7.928. ISSN 0090-502X. PMID 20921105.
- ↑ Roberts, Maxwell J.; Sykes, Elizabeth D. A. (2003-01-01). "Belief bias and relational reasoning". The Quarterly Journal of Experimental Psychology Section A খণ্ড 56 (1): 131–154. doi:10.1080/02724980244000233. ISSN 0272-4987. PMID 12587899.
- ↑ Evans, Jonathan St B. T.; Curtis-Holmes, Jodie (2005-09-01). "Rapid responding increases belief bias: Evidence for the dual-process theory of reasoning". Thinking & Reasoning খণ্ড 11 (4): 382–389. doi:10.1080/13546780542000005. ISSN 1354-6783.