বিশ্ব হেপাটাইটিছ দিৱস
বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক পালন কৰা দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে। হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ ৰোগৰ চাৰিটা প্ৰকাৰ হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু হেপাটাইটিছ ডিৰ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপাটাইটিছত আক্ৰান্ত হয় আৰু তাৰে ১৩.৪ লাখ লোকৰ মৃত্যু হয়।[1] হেপাটাইটিছৰ পৰা যকৃত সম্পৰ্কীয় আন আনুষংগিক ৰোগ সংঘটিত হব পাৰে।
বিশ্ব হেপাটাইটিছ দিৱস | |
---|---|
![]() বিশ্ব হেপাটাইটিছ দিৱসৰ ল'গ' | |
পালন কৰে | বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহ |
তাৰিখ | ২৮ জুলাই |
উদযাপন | হেপাটাইটিছৰ বিষয়ে সজাগতা সৃষ্টি |
Next time | এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ |
সংঘটন | annual |
বিশ্ব হেপাটাইটিছ দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব মেলেৰিয়া দিৱস.[2] হেপাটাইটিছ গ্ৰুপ, ৰোগী, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে প্ৰতিবছৰে হেপাটাইটিছ দিৱস উদযাপন কৰাত আগ-ভাগ লয়।
ইতিহাসসম্পাদনা কৰক
প্ৰথম আন্তৰ্জাতিক হেপাটাইটিছ চি সজাগতা দিৱস ২০০৪ চনৰ ১ অক্টোবৰ তাৰিখে ইউৰোপ আৰু মধ্য প্ৰাচ্যৰ দেশৰ ৰোগীৰ গোটে উদযাপন কৰিছিল।[3] তেতিয়ায়ে হেপাটাইটিছৰ গোটেইকেইটা ভাগৰ বাবে এক উমৈহতীয়া দিৱস উদযাপন কথা চিন্তা কৰা হৈছিল।[4] তাৰপিছত ২০০৮ চনত বিশ্ব হেপাটাইটিছ সংঘ আৰু বিভিন্ন ৰোগীৰ গোটৰ সহযোগিতাত প্ৰথম হেপাটাইটিছ দিৱস ১৯ মে' তাৰিখে পালন কৰা হৈছিল।
হেপাটাইটিছ দিৱস পালনৰ চিন্তা ওড়িশাৰ কটকত আৰম্ভ হৈছিল। শ্ৰীৰামচন্দ্ৰ ভঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ গেষ্ট্ৰ'এনটোলজি বিভাগৰ মুৰব্বী অধ্যাপক এছ.পি. সিঙে পোন প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰতিষ্ঠানত ২৮ জুলাই তাৰিখে পালন কৰিছিল। পিছলৈ ২০১০ চনৰ মে' মাহত বিশ্ব স্বাস্থ্য সভাৰ ৬৩তম অধিবেশনত বিশ্ব হেপাটাইটিছ দিৱস উদযাপন গৃহীত হয়। হেপাটাইটিছ বি ভাইৰাছৰ আৱিষ্কাৰক নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী বাৰুছ চেমুৱেল ব্লুমবাৰ্গৰ সন্মানৰ অৰ্থে তেওঁৰ জন্মদিন এই দিৱস উদযাপনৰ বাবে বাচি লোৱা হৈছিল।
বিশ্ব হেপাটাইটিছ দিৱস বৰ্তমান বিশ্বৰ ১০০ তকৈ বেছি দেশত পালন কৰা হয়। এই দিৱসৰ দিনা সজাগতামূলক চলচ্চিত্ৰ প্ৰদৰ্শন, পোষ্টাৰ কেম্পেইন, প্ৰদৰ্শনী, সভা-সমিতি, আলোচনা সত্ৰ আদি অনুষ্ঠিত কৰা হয়।[5]
তথ্য উৎসসম্পাদনা কৰক
- ↑ World Health Organization, World Hepatitis Day. Accessed 8 April 2014.
- ↑ World Health Organization: WHO campaigns.
- ↑ http://www.elpa-info.org/index.php/general-news---reader/items/id-500-million-people-await-world-health-assembly-decision-on-viral-hepatitis.htm
- ↑ World Hepatitis Alliance Calls on Governments to Take Urgent Action to Tackle Chronic Viral Hepatitis B & C Epidemic; 2008. . World Hepatitis Day: Home Page (World Hepatitis Alliance). http://www.aminumber12.org/Content/PDF/news_0004.pdf। আহৰণ কৰা হৈছে: 2008-08-18.
- ↑ World Hepatitis Alliance, World Hepatitis Day Wrap-Up Report 2012.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত হেপাটাইটিছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিশ্ব হেপাটাইটিছ দিৱস
- বিশ্ব হেপাটাইটিছ দিৱস, বিশ্ব স্বাস্থ্য সংস্থা