বিষ (ইংৰাজী: Pain) তীব্ৰ বা ক্ষতিকাৰক উদ্দীপকে কৰা এক যন্ত্ৰণাদায়ক অনুভূতি। "ইণ্টাৰেনচনেল এচ'চিয়েচন ফ'ৰ দা ষ্টাডী অৱ পেইন" সংস্থাই ডাঙি ধৰা সংজ্ঞাৰ মতে "বিষ এক অপ্ৰীতিকৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতা যি প্ৰকৃত বা সম্ভাব্য কলা ক্ষতি, বা তেনে ক্ষতিৰ লগত সম্পৰ্কিত।"[1] চিকিৎসা বিজ্ঞানত বিষক ৰোগৰ এক উপসৰ্গ হিচাপে ধৰা হয়।

বিষ
সিৰাৰ পৰা তেজ উলিওৱাৰ সময়ত মুখ বেঁকা কৰি এগৰাকী মহিলা
বিভাগ স্নায়ুবিজ্ঞান
ঔষধ বিষনাশক

বিষে ব্যক্তিজনক ক্ষতিকাৰক পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ, ক্ষতি হোৱা অংগ ৰক্ষা কৰিবলৈ আৰু ভৱিষ্যতে তেনে অভিজ্ঞতাৰ পৰা আঁতৰি থাকিবলৈ ইংগিত দিয়ে।[2] প্ৰায়বোৰ বিষেই ক্ষতিকাৰক উদ্দীপক আঁতৰিলে আৰু শৰীৰ পুনৰ ভাল হ'লে নাইকিয়া হয়, কিন্তু কেতিয়াবা ই দীৰ্ঘ সময়লৈ থাকিব পাৰে। কেতিয়াবা কোনো নিৰ্দিষ্ট উদ্দীপক, ক্ষতি বা ৰোগৰ নোহোৱাকৈও বিষ হয়।[3]

প্ৰায়বোৰ উন্নত দেশত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰধান কাৰণ হৈছে বিষ।[4][5] বহু ৰোগৰ ই প্ৰধান লক্ষণ আৰু ই ব্যক্তিজনৰ জীৱনৰ মান কমাই তুলিব পাৰে।[6] ২০%ৰ পৰা ৭০% ক্ষেত্ৰত সাধাৰণ বিষনাশক ঔষধেই কাম কৰে।[7] মানসিক কাৰক যেনে সামাজিক সমৰ্থন, উত্তেজনা আদিয়ে বিষৰ তীব্ৰতা সলাব পাৰে।[8] ইচ্ছামৃত্যু সমৰ্কীয় তৰ্কবোৰত বিষক শেষ স্তৰৰ ৰোগীসমূহৰ জীৱন নাশ কৰাৰ যুক্তি হিচাপে ব্যৱহাৰ কৰা হয়।[9]

শ্ৰেণীবিভাজন সম্পাদনা কৰক

ব্যাপ্তি সম্পাদনা কৰক

সাধাৰণতে ক্ষতিকাৰক উদ্দীপকটো আঁতৰালে বা ৰোগী সুস্থ হ'লে বিষ আঁতৰি যায়, কিন্তু ৰিউমেটইড আথ্ৰাইটিছ, পেৰিফেৰেল নিউৰ'পেথী, কৰ্কট ৰোগৰ বিষ আদি কেইবাবছৰলৈ থাকিব পাৰে। বেছি সময়লৈ থকা বিষক দীৰ্ঘম্যাদী বিষ (Chronic pain) বোলে আৰু সোনকালে ভাল হোৱা বিষক হস্ৰম্যাদী বিষ (Acute pain) বোলে। হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ পাৰ্থক্য আৰম্ভণি আৰু সমাপ্তিৰ সময় চাই ধৰা হয়; সাধাৰণতে বিষ আৰম্ভ হোৱাৰ ৩ মাহ আৰু ৬ মাহক ইয়াৰ মাপকাঠী বুলি গণ্য কৰা হয়।[10] কিন্তু কিছু গৱেষকে এই সময়সীমা ১২ মাহ বুলি ধৰে।[11]:93 আনসকলে ৩০ দিনতলৈ কম হ'লে একিউট আৰু ছমাহতকৈ বেছি হ'লে ক্ৰ'নিক বুলি ধৰে, আৰু ১ মাহৰ পৰা ৬ মাহলৈকে ছাব্‌একিউট (subacute) বুলি কয়।[12]

এল'ডাইনিয়া (Allodynia) সম্পাদনা কৰক

সাধাৰণৰে বিষ নকৰা উদ্দীপকৰ প্ৰভাৱত বিষ হ'লে ইয়াক এল'ডাইনিয়া বোলে।[13]

ফেণ্টম (Phantom) বিষ সম্পাদনা কৰক

শৰীৰৰ আঁতৰাই দিয়া অংগ (amputated) বা মস্তিষ্কই সংকেত নোপোৱা অংশত হোৱা বিষক ফেণ্টম বিষ বোলে।[14] প্ৰায় ৮২% হাত কটা ৰোগী আৰু ৫৪% ভৰি কটা ৰোগীৰ ক্ষেত্ৰত ফেণ্টম বিষ দেখা যায়।[14] প্ৰস্ৰাৱ কৰা বা শৌচ কৰা কাৰ্যৰ লগতো ফেণ্টম বিষ যুক্ত হ'ব পাৰে।[15]:61–9

ব্ৰেকথ্ৰু বিষ (Breakthrough pain) সম্পাদনা কৰক

এনে বিষ হঠাতে হয় আৰু ৰোগীৰ নিয়মীয়া বিষ চিকিৎসাই ইয়াত কাম নকৰে। এনে বিষৰ নিৰাময়ৰ বাবে অপিঅ‌ইডৰ তীব্ৰ ব্যৱহাৰ প্ৰয়োজন হ'ব পাৰে।[16][17][18]

অসংবেদনশীলতা সম্পাদনা কৰক

এজন ৰোগী আৰু চিকিৎসকে জন্মগত বিষ অসংবেদনশীলতাৰ বিষয়ে আলোচনা কৰিছে

আঘাতৰ পৰা ৰক্ষা পাবলৈ আৰু আঘাতৰ উপস্থিতি জানিবলৈ বিষৰ অভিজ্ঞতা হোৱাটো প্ৰয়োজনীয়। খেল বা যুদ্ধৰ দৰে উত্তেজনাপূৰ্ণ সময়ত সাময়িকভাৱে বিষৰ অসংবেদনশীলতা উদ্ভৱ হ'ব পাৰে; এনে সময়ত গুৰুতৰ আঘাত পালেও কেইবাঘণ্টাৰ বাবে সৈনিক এজনে বিষ অনুভৱ নকৰে।[19]

যদিও বিষৰ সংজ্ঞাত "অপ্ৰীতিকৰ" শব্দটো ব্যৱহাৰ কৰা হয়, পৰীক্ষামূলকভাৱে দেহত এনে অৱস্থাৰ সৃষ্টি কৰিব পাৰি। কেতিয়াবা জন্মৰে পৰা বিষৰ প্ৰতি অনুভৱ অন্য হ'ব পাৰে। এনে লোকৰ স্নায়ুবোৰ পৰীক্ষা কৰিলে কোনো অস্বাৱিকতা পোৱা নাযায়। তেওঁলোকে বিষ অপ্ৰীতিকৰ যেন অনুভৱ কৰে কিন্তু বিষৰ উদ্দীপক আঁতৰাবলৈ চেষ্টা নকৰে।[20] ইয়াক বিষৰ জন্মগত অসংবেদনশীলতা (Congenital insensitivity to pain) বোলে।

স্নায়ু তন্ত্ৰৰ ৰোগতো বিষৰ অসংবেদনশীলতা হ'ব পাৰে। স্নায়ুৰজ্জুৰ আঘাত, মধুমেহ বা কুষ্ঠৰোগত এনে হয়।[21]

স্নায়ুতন্ত্ৰৰ জন্মগত অস্বাভাৱিকতা থাকিলে ইয়াক "বিষৰ জন্মগত অসংবেদনশীলতা" (congenital insensitivity to pain) বোলে।[20] এনে ৰোগৰ শিশোৱে গম নোপোৱাকৈ বাৰে বাৰে জিভা, চকু, গাঁথি, ছাল আৰু পেশীত আঘাত লাগে। কিছুমানৰ বয়স্ক হোৱাৰ আগতেই মৃত্যু হয়।

প্ৰভাৱ সম্পাদনা কৰক

তীব্ৰ বিষত ৰোগীৰ মনোযোগ নিয়ন্ত্ৰণ, সাময়িক স্মৃতি, মানসিক নমনীয়তা (Cognitive flexibility), সমস্যা সমাধান আৰু তথ্য বিশ্লেষণৰ গতিৰ তাৰতম্য দেখা যায়।[22] হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ লগত বৰ্ধিত অৱসাদ, উদ্বেগ, ভয় আৰু খঙৰ সম্পৰ্কও আছে।[23]

If I have matters right, the consequences of pain will include direct physical distress, unemployment, financial difficulties, marital disharmony, and difficulties in concentration and attention…
—Harold Merskey 2000[24]

তত্ত্ব সম্পাদনা কৰক

ঐতিহাসিক সম্পাদনা কৰক

স্নায়ুকোষৰ আৱিষ্কাৰ আৰু বিষত সেইবোৰৰ ভূমিকা জনাৰ আগতে বিষৰ বাবে নানা তত্ত্ব আগবঢ়োৱা হৈছিল। প্ৰাচীন গ্ৰীক হিপ'ক্ৰেটিছৰ মতে অত্যাৱশ্যকীয় তৰলৰ ভাৰসাম্যহীনতাৰ কাৰণে বিষ হয়।[25] একাদশ শতিকাত এভিচেনাই কয় যে স্পৰ্শ, বিষ আৰু উত্তেজনাকে ধৰি কেইবাটাও অনুভৱৰ চেতনা আছে।[26]

১৬৪৪ চনত ৰেনে ডেকাৰ্টেই তত্ত্ব আগবঢ়ায় যে বিষ এক অস্থিৰতা যি স্নায়ুৰ মাজেৰে মস্তিষ্ক পায়গৈ।[25][27] ডেকাৰ্টে আৰু এভিচেনাৰ তত্ত্বই ১৯শ শতিকাৰ "সুনিৰ্দিষ্ট তত্ত্ব" (specificity theory) বিকাশ ঘটায়। এই তত্ত্বৰ মতে বিষ "এক নিৰ্দিষ্ট অনুভৱ যাৰ স্পৰ্শ বা আন চেতনাৰ পৰা মুক্ত নিজা সংবেদী সঁজুলি আছে।"[28]

১৯৫৫ চনত চিনক্লেয়াৰ আৰু ৱেডেলেজন পল নাফেৰ পৰামৰ্শক লৈ এক প্ৰান্তীয় নক্সা তত্ত্ব (peripheral pattern theory) আগবঢ়ায়। ইয়াৰ মতে চুলিৰ কোষৰ স্নায়ু বাদ ছালৰ সকলো স্নায়ুৰ প্ৰান্ত একেই আৰু এইবোৰৰ তীব্ৰ উদ্দীপনাতে বিষৰ সৃষ্টি হয়।[28] ইয়াৰ পাছত ১৯৬৫ চনত ৰনাল্ড মেলজাক আৰু পেট্ৰিক ৱালে এক দ্বাৰ নিয়ন্ত্ৰণ তত্ত্ব (gate control theory) আগবঢ়ায়।[29]

বিষৰ তিনি মাত্ৰা সম্পাদনা কৰক

১৯৬৮ চনত ৰনাল্ড মালজাক আৰু কেনেথ কেছীয়ে দীৰ্ঘম্যাদী বিষক তিনিটা মাত্ৰাত বৰ্ণনা কৰে:

  • "sensory-discriminative" (তীব্ৰতা, স্থান, মান আৰু সময় ব্যাপ্তিৰ অনুভৱ),
  • "affective-motivational" (অপ্ৰীতিকৰ অনুভৱ আৰু ইয়াৰ পৰা আঁতৰাৰ হাবিয়াস) আৰু
  • "cognitive-evaluative" (মূল্য নিৰূপণ, সাংস্কৃতিক মূল্য, মনোযোগ আঁতৰ আদি বোধ)।

তেওঁলোকে কয় যে বিষৰ তীব্ৰতা (sensory discriminative মাত্ৰা) আৰু অপ্ৰীতিকৰ অনুভৱ (affective-motivational মাত্ৰা) কেৱল বিষৰ উদ্দীপকৰ প্ৰাবল্যই নিৰূপণ নকৰে, লগতে "উচ্চ" বোধৰ কাৰ্যইও এইবোৰত প্ৰভাৱ পেলায়।

আধুনিক সম্পাদনা কৰক

 
বিষৰ লগত জড়িত চেৰিব্ৰেল কৰ্টেক্সৰ স্থানবোৰ।

বিষৰ সংকেত প্ৰান্তৰ পৰা স্নায়ুৰজ্জুলৈ A-ডেল্টা বা C স্নায়ু ফাইবাৰৰ যোগে প্ৰৱেশ কৰে।[30] ইয়াক "প্ৰথম অৰ্ডাৰ" বোলা হয়।

এই A-ডেল্টা আৰু C ফাইবাৰ স্নায়ুৰজ্জুৰ পশ্চ ভাগত "দ্বিতীয় অৰ্ডাৰ" স্নায়ুৰ লগত যুক্ত হয়। দ্বিতীয় অৰ্ডাৰৰ ফাইবাৰবোৰ স্পাইন'থেলামিক পথেৰে মস্তিষ্কলৈ অগ্ৰসৰ হয়।[31]

দ্বিতীয় অৰ্ডাৰ স্নায়ু থেলামাছ (thalamus)ৰ ventral posterolateral নিউক্লিয়াছত যুক্ত হয়। তাৰ পাছত ই somatosensory কৰ্টেক্সত তৃতীয় অৰ্ডাৰ স্নায়ুকোষৰ লগ লাগে। ইয়াৰ পৰা মস্তিষ্কৰ বিভিন্ন অংশত বিষৰ অনুভূতি বিয়পি পৰে।[32] Pain that is distinctly located also activates primary and secondary somatosensory cortex.[33]

বিবৰ্তনীয় আৰু আচৰণগত ভূমিকা সম্পাদনা কৰক

বিষ শৰীৰৰ এক প্ৰতিৰক্ষা ব্যৱস্থা। ক্ষতিকৰ উদ্দীপক আৰু পৰিস্থিতিৰ পৰা সেই সময়ত আৰু ভৱিষ্যতে হাত সৰাত ই সহায় কৰে।[34][35] বিষৰ জন্মগত অসংবেদনশীলতা থকা লোকৰ জীৱন প্ৰত্যাশা (life expectancy) কম।[20]

The Greatest Show on Earth: The Evidence for Evolution গ্ৰন্থত জীৱবিজ্ঞানী ৰিচাৰ্ড ড'কিনছে বিষ কিয় বিষজনক হ'ব লাগে সেয়া বৰ্ণনা কৰিছে। তেনে নহ'লে মানসিক অৱস্থা "ৰঙা পতাকা" বা বিপদ সংকেতৰ দৰে হ'ব। বিষৰ ভাৰসাম্য থকা প্ৰাণীহে সকলোতকৈ উপযুক্ত হ'ব। বিষৰ আপেক্ষিক তীব্ৰতাই হয়তো আমাৰ পূৰ্বপুৰুষৰ বাবে কোনো অৱস্থাৰ গুৰুত্ব সূচায়। [lower-alpha 1][36]

টোকা সম্পাদনা কৰক

  1. For example, lack of food, extreme cold, or serious injuries are felt as exceptionally painful, whereas minor damage is felt as mere discomfort

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "International Association for the Study of Pain: Pain Definitions". http://www.iasp-pain.org/Taxonomy. "Pain is an unpleasant sensory and emotional experience associated with actual or potential tissue damage, or described in terms of such damage"  Derived from "The need of a taxonomy". Pain খণ্ড 6 (3): 247–8. June 1979. doi:10.1016/0304-3959(79)90046-0. PMID 460931. 
  2. Cervero, Fernando (2012). Understanding Pain : Exploring the Perception of Pain. প্ৰকাশক Cambridge, Mass.: MIT Press. পৃষ্ঠা. Chapter 1. ISBN 9780262305433. OCLC 809043366. 
  3. "Taxonomy and classification of pain". In: The Handbook of Chronic Pain. Nova Biomedical Books. 2007. ISBN 9781600210440. https://books.google.com/books?id=ZG4Svh_UL3UC&pg=PA41&lpg=PA41. 
  4. "Caring for patients with chronic pain: pearls and pitfalls". The Journal of the American Osteopathic Association খণ্ড 113 (8): 620–7. August 2013. doi:10.7556/jaoa.2013.023. PMID 23918913. 
  5. "What should be the core outcomes in chronic pain clinical trials?". Arthritis Research & Therapy খণ্ড 6 (4): 151–4. 2004. doi:10.1186/ar1196. PMID 15225358. 
  6. "Assessment of pain". British Journal of Anaesthesia খণ্ড 101 (1): 17–24. July 2008. doi:10.1093/bja/aen103. PMID 18487245. 
  7. "Non-prescription (OTC) oral analgesics for acute pain - an overview of Cochrane reviews". The Cochrane Database of Systematic Reviews খণ্ড 11 (11): CD010794. November 2015. doi:10.1002/14651858.CD010794.pub2. PMID 26544675. 
  8. "Why it hurts to be left out: The neurocognitive overlap between physical and social pain". The Social Outcast: Ostracism, Social Exclusion, Rejection, & Bullying (Sydney Symposium of Social Psychology). প্ৰকাশক East Sussex: Psychology Press. 2005. পৃষ্ঠা. 210. ISBN 9781841694245. http://webscript.princeton.edu/psych/psychology/related/socneuconf/pdf/eisenberger-lieberman2.pdf. [সংযোগবিহীন উৎস]
  9. "Explaining the emergence of euthanasia law in the Netherlands: how the sociology of law can help the sociology of bioethics". Sociology of Health & Illness খণ্ড 28 (6): 802–16. September 2006. doi:10.1111/j.1467-9566.2006.00543.x. PMID 17184419. 
  10. "Pain terms and taxonomies of pain". Bonica's management of pain. প্ৰকাশক Hagerstwon, MD: Lippincott Williams & Wilkins. 2001. ISBN 9780781768276. 
  11. "General considerations of acute pain". Pain management: an interdisciplinary approach. প্ৰকাশক Edinburgh: Churchill Livingstone. 2000. ISBN 9780443056833. 
  12. "Classification of pain". Pain management: a practical guide for clinicians. প্ৰকাশক Boca Raton: CRC Press. 2002. পৃষ্ঠা. 28. ISBN 9780849322624. 
  13. "Allodynia and hyperalgesia in neuropathic pain: clinical manifestations and mechanisms". The Lancet. Neurology খণ্ড 13 (9): 924–35. September 2014. doi:10.1016/s1474-4422(14)70102-4. PMID 25142459. 
  14. 14.0 14.1 "Phantom pain and phantom sensations in upper limb amputees: an epidemiological study". Pain খণ্ড 87 (1): 33–41. July 2000. doi:10.1016/S0304-3959(00)00264-5. PMID 10863043. 
  15. The challenge of pain (2nd সম্পাদনা). প্ৰকাশক New York: Penguin Books. 1996. ISBN 9780140256703. 
  16. "Breakthrough cancer pain: review of prevalence, characteristics and management". Indian Journal of Palliative Care খণ্ড 15 (1): 14–8. January 2009. doi:10.4103/0973-1075.53506. PMID 20606850. 
  17. "Use of opioid analgesics in the treatment of cancer pain: evidence-based recommendations from the EAPC". The Lancet. Oncology খণ্ড 13 (2): e58-68. February 2012. doi:10.1016/S1470-2045(12)70040-2. PMID 22300860. Archived from the original on 19 October 2014. https://web.archive.org/web/20141019205001/http://www.fadin.org/Documenti/164/Recommendations_EAPC_2012.pdf। আহৰণ কৰা হৈছে: 22 December 2019. 
  18. "Opioids for the management of breakthrough pain in cancer patients". The Cochrane Database of Systematic Reviews খণ্ড 10 (10): CD004311. October 2013. doi:10.1002/14651858.CD004311.pub3. PMID 24142465.  (Retracted, see doi:10.1002/14651858.cd004311.pub4)
  19. Measurement of subjective responses. প্ৰকাশক New York: Oxford University Press. 1959. https://archive.org/details/measurementofsub0000beec.  cited in The challenge of pain (2nd সম্পাদনা). প্ৰকাশক London: Penguin. 1996. পৃষ্ঠা. 7. ISBN 978-0-14-025670-3. 
  20. 20.0 20.1 20.2 "Congenital insensitivity to pain: an update". Pain খণ্ড 101 (3): 213–9. February 2003. doi:10.1016/S0304-3959(02)00482-7. PMID 12583863. 
  21. The gift of pain: why we hurt & what we can do about it. প্ৰকাশক Grand Rapids, Mich: Zondervan Publ. 1997. ISBN 9780310221449. 
  22. "Cognitive impairment in patients with chronic pain: the significance of stress". Current Pain and Headache Reports খণ্ড 7 (2): 116–26. April 2003. doi:10.1007/s11916-003-0021-5. PMID 12628053. 
  23. "Pain-related effects of trait anger expression: neural substrates and the role of endogenous opioid mechanisms". Neuroscience and Biobehavioral Reviews খণ্ড 33 (3): 475–91. March 2009. doi:10.1016/j.neubiorev.2008.12.003. PMID 19146872. 
  24. "The History of Psychoanalitic Ideas Concerning Pain". Personality Characteristics of Patients With Pain. American Psychological Association (APA). 2000. ISBN 978-1-55798-646-7. 
  25. 25.0 25.1 Linton. Models of Pain Perception. Elsevier Health, 2005. Print.
  26. "Pain: History and present status". American Journal of Psychology খণ্ড 52 (3): 331–347. July 1939. doi:10.2307/1416740. 
  27. "The Gate Control Theory: Reaching for the Brain". Pain: psychological perspectives. প্ৰকাশক Mahwah, N.J: Lawrence Erlbaum Associates, Publishers. 2004. ISBN 9780415650618. 
  28. 28.0 28.1 "History of pain concepts and therapies". The management of pain. 1 (2 সম্পাদনা). প্ৰকাশক London: Lea & Febiger. 1990. পৃষ্ঠা. 7. ISBN 9780812111224. 
  29. "Pain mechanisms: a new theory". Science খণ্ড 150 (3699): 971–9. November 1965. doi:10.1126/science.150.3699.971. PMID 5320816. Archived from the original on 14 January 2012. https://web.archive.org/web/20120114141747/http://www.hnehealth.nsw.gov.au/__data/assets/pdf_file/0012/70122/pain_mechanisms_20100315013844.pdf। আহৰণ কৰা হৈছে: 22 December 2019. 
  30. "Applied pain neurophysiology". Pharmacology of pain. প্ৰকাশক Seattle: International Association for the Study of Pain Press. 2010. পৃষ্ঠা. 3–26. ISBN 978-0-931092-78-7. 
  31. Psychology of pain. প্ৰকাশক Chichester, UK: Wiley. 1995. পৃষ্ঠা. 18. ISBN 9780471957737. 
  32. "Pain mechanisms: labeled lines versus convergence in central processing". Annual Review of Neuroscience খণ্ড 26: 1–30. 2003. doi:10.1146/annurev.neuro.26.041002.131022. PMID 12651967. 
  33. "The functional anatomy of neuropathic pain". Neurosurgery Clinics of North America খণ্ড 15 (3): 257–68. July 2004. doi:10.1016/j.nec.2004.02.010. PMID 15246335. 
  34. "Cutaneous nociceptors". The neurobiology of pain: Symposium of the Northern Neurobiology Group, held at Leeds on 18 April 1983. প্ৰকাশক Manchester: Manchester University Press. 1984. পৃষ্ঠা. 106. ISBN 9780719009969. https://books.google.com/books?id=S7rnAAAAIAAJ&pg=PA106&=true#v=onepage&q&f=false. 
  35. "The neuroevolution of motivation". Handbook of Motivation Science. প্ৰকাশক New York: The Guilford Press. 2007. পৃষ্ঠা. 191. ISBN 9781593855680. https://books.google.com/books?id=iCxpZkZtDG8C&pg=PT209&dq=%22One+general+class+of+spinal+reflexes+consists+of+the+flexor+(pain)+withdrawal%22&cd=1#v=onepage&q=%22One%20general%20class%20of%20spinal%20reflexes%20consists%20of%20the%20flexor%20(pain)%20withdrawal%22&f=true. 
  36. Dawkins, Richard (2009). The Greatest Show on Earth. Free Press. পৃষ্ঠা. 392–395. https://archive.org/details/greatestshowonea00dawk. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • বিষ বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
  • Pain Stanford Encyclopedia of Philosophy