বিহুৰাম বড়ো

সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক

বিহুৰাম বড়ো (বড়ো: बिहुराम बर') ওৰফে বিছৰাম বড়ো এগৰাকী সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক।

বিহুৰাম বড়ো
জন্ম ১৯৪১ চন
ৰৌতা, দৰং জিলা
মৃত্যু ২৭ চেপ্তেম্বৰ ১৯৯০
অন্য নাম বিছৰাম বড়ো
পেচা সাহিত্যিক, শিক্ষাবিদ

চমূ জীৱনী সম্পাদনা কৰক

১৯৪১ চনত দৰং জিলাৰ ৰৌতাৰ নিকটবৰ্তি বেছিমাৰী গাঁৱত বিহুৰাম বড়োৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত বড়ো আৰু মাতৃ মৰাহশ্বৰী বড়ো। বিহুৰাম বড়োৱে বাণীসীহা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। বিদ্যালয়ৰ শিক্ষকৰ হাজিৰা বহীত তেওঁৰ লিখিত নাম আছিল বিছৰাম বড়ো। ১৯৬২ চনত দলগাওঁ হাইস্কুলৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত উচ্চ শিক্ষাৰ বাবে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ১৯৬৬ চনত পি ইউ (বিজ্ঞান) পাছ কৰে। ঘৰৰ আৰ্থিক অসুবিধাৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। আনকি তেওঁ গৃহশিক্ষকতা কৰাৰ বাহিৰেও এগৰাকী শিক্ষকৰ ভাত ৰান্ধনি হিচাপেও কাম কৰি কলেজত পঢ়িছিল। তেওঁৰ ঘৰুৱা সমস্যাৰ বাবে ডিগ্ৰী পঢ়া বাদ দি পুনৰ গাঁৱলৈ ঘূৰি যায়।

পিছলৈ তেওঁ ভকোতপাৰা হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰি মঙ্গলদৈ কলেজত স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰে। তেওঁ এজন সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল। ১৯৬৬ চনত ললিতা দাসৰ সৈতে বিবাহ হয়। বিছৰাম বড়োৱে ১৯৬৭ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। সেই সময়তে তেওঁ শ্বিলঙত এটা চৰকাৰী চাকৰি পাইছিল যদিও তেওঁ নগ'ল। পিছত ১৯৬৭ চনত ভকোতপাৰাৰ পৰা ৰৌতা চাৰিআলিলৈ গৈ জনৈক ৰখেশ্বৰ ব্ৰহ্মৰ পৰিয়ালত আশ্ৰয় লৈছিল। সেই সময়তে বিছৰাম বড়োৱে ৰৌতাৰ সমীপত দত্ত-চহৰীয়া হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। ১৯৬৮ চনত মঙ্গলদৈ জিলা বড়ো সাহিত্য সভাত সম্পাদক নিৰ্বাচিত হয়। বিহুৰাম বড়ো বেছিমাৰী হাইস্কুলৰ মেনেজিং ১৯৭১ চনত প্ৰধান শিক্ষক হিচাপে নিযুক্তি পায়। পিছত সেই অঞ্চলত বড়ো মাধ্যমৰ বিদ্যালয় নথকা বাবে ৰৌতা চাৰিআলিৰ পৰা বেচীমাৰী গাঁৱলৈ ১৯৭৪ চনত স্থান সলনি কৰে। তেওঁৰ ৰৌতাৰ ঘৰৰ ওচৰতে স্বৰ্গীয় জয়ভদ্ৰ হাগজেৰ হাইস্কুল নামেৰে এখন বড়ো মাধ্যমৰ বেচৰকাৰী হাইস্কুল ১৯৭৬ চনত স্থাপন কৰি তেওঁ নিজে প্ৰধান শিক্ষকৰ দায়িত্ব লয়। তেওঁ ১৯৮০ চনত বি টি পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৯০ চনৰ ২৭ চেপ্তেম্বৰত তেওঁক আততায়ীয়ে গুলিয়াই হত্যা কৰে। বড়ো সাহিত্য সভাই তেওঁক 'শ্বহীদ' হিচাপে ঘোষণা কৰিছে।[1]

ৰাজনীতিত অংশগ্ৰহণ সম্পাদনা কৰক

বিহুৰাম বড়োৱে ১৯৭৮ চনত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মাজবাট সমষ্টিৰ পৰা প্ৰতিদ্বিতা কৰি পৰাজয় বৰণ কৰিছিল। ১৯৭৯ চনত বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত শোণিতপুৰ, লখিমপুৰ জিলাৰ লগতে গহপুৰ অঞ্চলত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত বিহুৰাম বড়োৱে ঠাই বিশেষে শান্তি সমিতি গঠন কৰি অঞ্চলসমূহত শান্তি ঘূৰাই অনাৰ বাবে যত্ন কৰিছিল।[1]

সাহিত্য চৰ্চা সম্পাদনা কৰক

১৯৭৩ চনত তেওঁৰ চেষ্টাত বানাসুৰ প্ৰেছ নামেৰে ওদালগুৰিত এখন সমবায় ভিত্তিত ছপাশাল স্থাপিত হয়। ইয়াৰ পৰাই বনজাৰ নামৰে এখনি সাপ্তাহিক বড়ো কাকত উলিয়ায়। বিহুৰাম বড়োৱে ১৯৮৩ চনত 'আছাৰ বা আৰু', ১৯৮৪ চনত 'গিৰি বিথায়' নামৰ দুখন বাথৌ ধৰ্ম দৰ্শনৰ গ্ৰন্থ ৰচনা আৰু প্ৰকাশ কৰি উলিয়ায়। তদুপৰি তেওঁ 'An Introduction to the Bodo' বড়ো জাতিৰ ইতিবৃত্ত অসমীয়া লিপিত 'গদায় বিথায়' (পাণ্ডুলিপি) আৰু বহুতো প্ৰবন্ধ ৰচনা কৰে। বড়ো সাহিত্য সভাৰ 'মঙ্গলদৈনি জাৰিমিন দিনৈ বহা দংনৌঙছৌৰ' আৰু 'দৰঙৰ ইতিবৃত্ত', ১৯৮৬ চনত 'Bodo Kachari and its Significance' আৰু গৱেষণামূলক প্ৰবন্ধ 'দৌদিনি' লিখে। বিছৰাম বড়োৱে বিভিন্ন প্ৰবন্ধৰ জৰিয়তে ত্ৰিপুৰাককবৰক, ডিমাছা, কছাৰী, গাৰো আদি সাহিত্য আৰু শব্দাৱলীৰ তুলনামূলক অধ্যয়নৰ পথ মুকলি কৰিছিল। মৰনোত্তৰ ভাবে ১৯৯৯ চনত ৩৮তম বড়ো সাহিত্য সভাৰ অধিবেশনত তেওঁৰ 'গিবি বিথায়' গ্ৰন্থৰ কাৰণে বড়ো সাহিত্যৰ শ্ৰেষ্ঠতম 'ৰাংসাৰ' বটা প্ৰদান কৰা হয়।[1]

বড়ো সাহিত্য সভা আৰু বিহুৰাম বড়ো সম্পাদনা কৰক

তেওঁ জীৱনৰ দীৰ্ঘ সময় বড়ো সাহিতা সভাৰ সম্পাদক আৰু আন পদবীত অধিষ্ঠিত থাকি বড়ো ভাষা সাহিত্যৰ কাৰণে বহুতো কাম কৰি গৈছে। ১৯৭২ চনত তেওঁক প্ৰথমবাৰৰ বাবে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। বড়ো সাহিত্য সভাৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে বিভিন্ন ঠাইত শাখা স্থাপন তথা স্থায়ী কাৰ্যালয় নিৰ্মাণ, বড়ো ভাষাৰ অভিধান প্ৰণয়ণ, বড়ো জনগোষ্ঠীৰ লোকসকলৰ আৰ্থসামাজিক তথা ৰাজনৈতিক সমস্যা সমূহ সমাধানৰ বাবে চেষ্টা চলাছিল। তেওঁৰ নেতৃত্বতে বড়ো সাহিত্য সভা, মিচিং সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাচা সাহিত্য সভা, টাই সাহিত্য সভাৰ প্ৰতিনিধিৰে সমন্বয় ঘটাই "ভাষা সমন্বয় মঞ্চ- অসম" নামকৰণেৰে ১৯৮৯ চনত এখন মঞ্চ গঠন কৰিছিল। এই মঞ্চই অসমৰ থলুৱা ভাষা সমূহৰ মৰ্যদা আৰু স্বীকৃতিৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ অসমৰ মহাবিদ্যালয়সমূহত বড়ো ভাষা প্ৰবৰ্তনৰ কাৰণে চেষ্টা চলাইছিল। তেওঁ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক হৈ থকা কালতে ১৯৮৫ চনৰ ৪ এপ্ৰিল তাৰিখে বড়ো ভাষাই অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে কোকৰাঝাৰ আৰু ওদালগুৰিত বড়ো অধ্যুষিত অঞ্চলত ব্যৱহাৰৰ কাৰণে স্বীকৃতি লাভ কৰিছিল।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 বড়ো, তৰুণ (মাৰ্চ ২০০৫). বিহুৰাম বড়ো শীৰ্ষক প্ৰবন্ধ, বৰেণ্য ব্যক্তিত্ব, সংকলন সম্পাদনা লক্ষ্মীনাথ তামুলী, (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৭৬-৮৪.