গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসম বিশ্বনাথ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়।

গহপুৰ
—  মহকুমা  —
গহপুৰ
গহপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
মহকুমাধিপতি
জনসংখ্যা 9,408 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


69 m (226 ft)

ক'ড
  • পিনক'ড • 784168
    • যান-বাহনৰ নম্বৰ • AS-12

ইতিহাস সম্পাদনা কৰক

গহপুৰৰ পৌৰাণিক ইতিহাসৰ বিষয়ে বেছি তথ্য পোৱা নাযায়। এসময়ত উজনি অসমৰ উত্তৰ খোলৰ বিশ‌বনাথৰ লৈকে চুতীয়া সকলৰ শাসন আছিল বুলি জনা যায়[1][2][3]।সেইবাবে ১৬ শতিকাৰ আগ ভাগৰ লৈকে গহপুৰ অঞ্চলটো চুতীয়া সকলৰ অধীনত আছিল বুলি ক'ব পাৰি। গহপুৰৰ পশ্চিমৰ অৰুণাচলৰ দাঁতি-কাষৰীয়া বুঢ়ৈ দূৰ্গ, নক্সা পৰ্বত, ইত্যাদি চুতীয়াৰ সৈনিক কোঠ আছিল বুলি জনা যায়[4]। আদি-চৰিত আৰু বুৰঞ্জী সমূহত উল্লেখ থকাৰ মতে আহোম ৰজাই মধ্য অসমৰ ৰটা-টেমনিৰ বাৰ-ভূঞাসকলক উজনি লৈ আনি উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ গঠন কৰি(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল।‌[5][6]

ভৌগোলিক অৱস্থিতি সম্পাদনা কৰক

গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত।[7] গুৱাহাটী আৰু গহপুৰৰ মাজৰ দূৰত্ব পথেৰে ২৯৯ কিলোমিটাৰ আৰু ৰেলযোগে ২৬৬ কিলোমিটাৰ; আকাশী দূৰত্ব হৈছে ২০৮ কিমি। আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।

চাৰিসীমা সম্পাদনা কৰক

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী

পূবে- লক্ষীমপুৰ জিলা

পশ্চিমে- বুৰৈ নদী

জনসংখ্যা সম্পাদনা কৰক

২০০১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ৯৪০৮। মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। গহপুৰৰ শিক্ষিতৰ হাৰ হৈছে ৭২%, ৰাষ্ট্ৰীয় গড় ৫৯.৫% তকৈ অধিক; ইয়াৰে পুৰুষ ৭৭%, আৰু মহিলা ৬৬%। গহপুৰৰ জনসংখ্যাৰ ১৩% লোকৰ বয়স ৬ বছৰৰ তলৰ।।[8]

ৰাজনীতি সম্পাদনা কৰক

গহপুৰ তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ। গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -

  • গহন চন্দ্ৰ গোস্বামী (১৯৫১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৫৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬২) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৩) জনতা দল
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৮) জনতা দল
  • গণেশ কুটুম (১৯৮৫) অসম গণ পৰিষদ
  • কোষেশ্বৰ বৰুৱা (১৯৯১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • গণেশ কুটুম (১৯৯৬) অসম গণ পৰিষদ
  • ৰিপুন বৰা (২০০১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰিপুন বৰা (২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • মনিকা বৰা (২০১১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • উৎপল বৰা (২০১৬) ভাৰতীয় জনতা পাৰ্টী

উচ্চ শিক্ষা প্ৰতিষ্ঠান সম্পাদনা কৰক

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পাদনা কৰক

সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সম্পাদনা কৰক

ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ) সম্পাদনা কৰক

এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজড়িত স্থান আছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)

  1. Acharya,N.N.,"The history of Medieval Assam",p.232
  2. William Robinson, "A descriptive account of Assam",p.323.
  3. Dutta, Sristidhar, "The Mataks and their kingdom,p.28
  4. Barua, Kanaklal, Early History of Kamrupa, p.271-272, "The probability is that these ruins are the traces of a Hindu or Hinduised dynasty of local rulers who ruled over a kingdom to the north of Brahmaputra and extending from the Burai river on the west to Sadiya on the east. The dynasty is evidently the line of Chutia kings who assumed the surname Pala."
  5. Maheswar Neog states that the Adi-carita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
  6. Goswami, Hemchandra, "Purani Assam Buranji, p. 27-28, "আৰু পূৰ্বে দিহীঙ্গিয়া ৰজা দেৱে ৰটাটেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেনি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বাৰটা মুখ্য ভূঞা। তাৰে চাৰিটাকৈ সৰু মূৰিয়া ভূঞা দুকুড়ি আঠোটা। ৰটা ভাঙি আনি লাচাম কলিতা ভূঞাৰ ঘৰ নি স্বৰ্গদেৱে বাঁহবাড়িত পাতি এক ভায়েকক সোণাৰি নৈত পাতিলে, এক ভায়েকক পৰ্বতত পাতিলে, এক ভায়েকক খঙ্গিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হ'ল।"
  7. Falling Rain Genomics, Inc - Gohpur[সংযোগবিহীন উৎস]
  8. Gohpur Demographics