বুষু ডিমা হৈছে উত্তৰ পূব ভাৰতঅসম ৰাজ্যৰ ডিমাছা কছাৰী জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ। ডিমাছাসকল ঘাইকৈ অসমৰ আৰু চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অধিবাসী। বুষু ডিবা মূলতঃ এক কৃষিভিত্তিক উৎসৱ। [1] অতি উলহ মালহেৰে উদযাপিত এই উৎসৱ সাধাৰণতে ৰোমান বৰ্ষপঞ্জীৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। বুষু ডিমা উৎসৱৰ অংশ হিচাপে সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। [2] [3] [4] [5]

বুষু ডিমা
সম্পূৰ্ণ নাম বুষু ডিমা
অন্য নাম বুশু
পালন কৰে ডিমাছা
প্ৰকাৰ হিন্দু
মহত্ব New Year
শেষ হয় ২৯ জানুৱাৰী
তাৰিখ ২৭-২৯ জানুৱাৰী
অৱধি ৩ দিন
সংঘটন বাৰ্ষিক

উৎসৱৰ বিৱৰণ সম্পাদনা কৰক

বুষু ডিমা মূলতঃ এক কৃষিভিত্তিক উৎসৱ। এটা কঠোৰ পৰিশ্ৰমৰ কৃষিচক্ৰৰ শেষত ঝুম খেতি চপোৱাৰ পিছত আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰাৰ উদ্দেশ্যে বুষু ডিমা অনুষ্ঠিত হয়। [4] অসমৰ ডিমা হাছাও, কাৰ্বি আংলং, কাছাৰ, নগাঁও জিলা আৰু প্ৰতিৱেশী নাগালেণ্ডডিমাপুৰৰ অধিবাসী ডিমা জনগোষ্ঠীৰ লোকসকলৰ বাবে বুষু ডিমা প্ৰধান উৎসৱ। বুষু-ডিমা শব্দযুগলৰ অৰ্থ বিহু-ডিমাছা অৰ্থাৎ 'ডিমাছাসকলৰ বিহু' । [2] ডিমাছা জনসমাজত ব্ৰাই-শিবৰাই(Brai-Sibrai)-ক সৰ্বোচ্চ দেৱতাৰ স্থান দিয়া হয়। বুষু ডিমা উৎসৱৰ জৰিয়তে চপাই অনা সমস্ত কৃষিৰ ফচল তেওঁলৈ উৎসৰ্গা কৰি মানৱজাতিৰ কল্যাণ কামনা কৰা হয়। [5] উৎসৱৰ জৰিয়তে ডিমাছাসকলৰ পৰম্পৰাগত খাদ্যসম্ভাৰ, কৃষ্টি-সংস্কৃতি, ক্ৰীডা নৈপুণ্য, বয়নশিল্প, ভাস্কৰ্যশিল্প ইত্যাদিও প্ৰদৰ্শিত হয়। [1] ইয়াৰ জৰিয়তে ডিমাছা জনগোষ্ঠীৰ সৈতে আন জনগোষ্ঠীসমূহৰ সমন্বয়ৰ বাৰ্তাও প্ৰেৰণ কৰা হয়। বুষু ডিমা উৎসৱ তিনিটা ভাগত বিভক্ত:

বুষু জিদাপ: এই অংশ দুদিনৰ পৰা তিনিদিন ধৰি উদযাপিত হয়।
চুৰেম বাইন': এই অংশ পাঁচদিন ধৰি চলে।
হাংচেউ বুষু: এই অংশ মুঠতে সাতদিন ধৰি অনুষ্ঠিত হয়। হাংচেউ বুষুক হাংচেওনানাওবা (Hangsaoinanaoba) হিচাপেও জনা যায়।

'জিদাপ' হৈছে সকলোতকৈ সৰলীকৃত উদযাপন। সাধাৰণতে চুৰেম অধিক হাৰত উদযাপিত হয় কিয়নো হাংচেউ উদযাপনৰ বাবে বৃহৎ পৰিমাণৰ অৰ্থ আৰু শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হয়। [4] হাংচেউ উদযাপনৰ বাবে সামূহিকভাৱে এটুকুৰা পৃথক ভুমিখণ্ডত কৃষিকৰ্ম কৰা হয় আৰু তাৰ পৰা উৎপাদিত ফচলেৰে উদযাপনৰ খা-খৰচৰ ব্যৱস্থা কৰা হয়।

উৎসৱৰ বৃহৎ উদযাপন আৰু অনুষ্ঠানৰ চিহ্নৰূপে "হেইহ'-হ" (হাওবা) ["heih-ho" (Haoba)] তৈয়াৰ কৰা হয়। বেলি ডুবাৰ পিছত বাইবা বাদাইলাইবা [Baiba Badailaiba] (সংগীত প্ৰতিযোগিতা) অনুষ্ঠিত হয় য'ত গীত, নৃত্য; আৰু খৰম ডিমাছা ঢোল (Kharam-Dimasa Drum) আৰু মুৰে (Muree-Hornpipe) বাদ্যৰ পৰিৱেশন কৰা হয়। ডিমাছাসকলৰ পৰম্পৰাগত বাদ্য হৈছে উৎসৱৰ মুখ্য আকৰ্ষণ। ডিমাছাসকলৰ সাংস্কৃতিক ৰাজধানী মাইবঙত ডিমাছা গাভৰুসকলৰ দ্বাৰা বাইডামা (Baidama) নৃত্য প্ৰদৰ্শিত হয়। [1]

উৎসৱৰ প্ৰথম দিনটোক বুষুচাতাইবা (Bususataiba) বুলি কোৱা হয় আৰু সেইদিনা প্ৰতি ঘৰতে মাংস বিতৰণ কৰা হয়। বুষুমা (Busuma) হৈছে উৎসৱৰ দ্বিতীয় দিন আৰু সেইদিনা ডেকাবিলাকে জ্যেষ্ঠসকলৰ সৈতে মিলি অতিথি আদৰিবৰ উদ্দেশ্যে বাগাওবা (Bagaoba) গায়। গাওঁবুঢ়া কুনাঙ (Kunang)-এ ভক্তিগীত গাই উপাস্য দেৱতা শিৱ (ব্ৰাই-শিবৰাই)-ৰ পৰা গাওঁবাসীৰ মঙ্গলৰ বাবে আশীৰ্বাদ বিচাৰে। পুৰুষ, মহিলা আৰু ল'ৰা-ছোৱালীহঁতে ৰঙ-বিৰঙী পৰম্পৰাগত জনজাতীয়ে সাজ-পোছাক আৰু আ-অলংকাৰ পৰিধান কৰি উৎসৱত ভাগ লয়।

সৰ্বাসাধাৰণতে বুষু-ডিমা উৎসৱত হোৱা সমস্ত খৰচ পাতি গঞা ৰাইজেই বহন কৰে। ডিমাছা সমাজৰ এক পৰ্ম্পৰাগত ৰীতি অনুসৰি ইঘৰে সিঘৰক কৃষিকৰ্মত সহায় সাৰথি আগবঢ়ায় আৰু ইয়াৰ বিনিময় হিচাপে বুষু ডিমা অনুষ্ঠানৰ বাবে চাউল ইত্যাদি সংগ্ৰহ কৰে। [4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Dima Hasao Tourism". Govt of Assam. Archived from the original on October 28, 2021. https://web.archive.org/web/20211028021322/https://dimahasao.assam.gov.in/portlet-innerpage/festivals। আহৰণ কৰা হৈছে: March 13, 2021. 
  2. 2.0 2.1 TNN (January 29, 2012). "Busu Dima festival begins in Dima Hasao". Busu Dima festival begins in Dima Hasao. TImes of India. http://timesofindia.indiatimes.com/articleshow/11669199.cms?। আহৰণ কৰা হৈছে: March 13, 2021. 
  3. Monosh Hojai (January 30, 2014). "Busu Dima festival celebrated". Busu Dima festival celebrated. Assam Times. https://www.assamtimes.org/node/9442। আহৰণ কৰা হৈছে: March 13, 2021. 
  4. 4.0 4.1 4.2 4.3 HT Correspondent (January 29, 2012). "Busu Dima celebrated with gaiety in Haflong". Busu Dima celebrated with gaiety in Haflong. The Hills Times. Archived from the original on October 19, 2021. https://web.archive.org/web/20211019121326/https://www.thehillstimes.in/regional/busu-dima-celebrated-with-gaiety-in-haflong/। আহৰণ কৰা হৈছে: March 13, 2021. 
  5. 5.0 5.1 Bijit Dutta (February 20, 2018). "Dimasa Dance". Dimasa Dance. Bijit Dutta. http://bijitdutta.com/dimasa-dance/। আহৰণ কৰা হৈছে: March 13, 2021.