বৃহৎ উইণ্ডমিল
বৃহৎ উইণ্ডমিল (ইংৰাজী: Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷
বৃহৎ উইণ্ডমিল (Great Windmill) | |
---|---|
Male above and female below | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Byasa |
প্ৰজাতি: | B. dasarada |
বৈজ্ঞানিক নাম | |
Byasa dasarada[1] (Moore, 1857)[1] | |
Subspecies | |
5; see text | |
সমাৰ্থক | |
|
বিৱৰণ
সম্পাদনা কৰকবৃহৎ উইণ্ডমিল পখিলাৰ পাখিৰ দৈৰ্ঘ্য ১০০-১৪০ মিমি৷ ইয়াৰ দেহত বগা ফোঁট কিছুমান থকা দেখা যায়৷ মতা আৰু মাইকী উভয়ে দেখিবলৈ প্ৰায় একে৷ অৱশ্যে মাইকী বৃহৎ উইণ্ডমিল পখিলাৰ পিছফালৰ পাখি (hindwing) ডাঙৰকৈ বগা দাগ থকা দেখা পোৱা যায়৷
টেক্সন'মি
সম্পাদনা কৰকবৃহৎ উইণ্ডমিল পখিলাৰ পাঁচবিধ উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰৰ ভিতৰত তলৰ তিনিবিধ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়-
বিতৰণ
সম্পাদনা কৰকউত্তৰ ভাৰত, নেপাল, ভুটান, ম্যানমাৰ, উত্তৰ-দক্ষিণ চীন আদি দেশত এই পখিলাবিধ বিস্তৃত হৈ আছে৷
আচৰণ
সম্পাদনা কৰকবৃহৎ উইণ্ডমিল পখিলাই সাধাৰণতে কাঠনিত বাস কৰে৷ ই মুকলি অঞ্চলৰ মাজেদি লাহেকৈ উৰি যোৱা দেখা যায়৷ ই সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ৪০০০-৯০০০ ফুটৰ উচ্চতাত বাস কৰে৷
জীৱনচক্ৰ
সম্পাদনা কৰককণী
সম্পাদনা কৰকপলু
সম্পাদনা কৰকবৃহৎ উইণ্ডমিল পখিলাৰ গাৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হয় আৰু তাত ক'লা বৰণীয়া আঁচ কিছুমান থকা দেখা যায়৷
লেটা
সম্পাদনা কৰকএই পখিলাবিধৰ লেটাৰ বৰণ সেউজ-হালধীয়া আৰু নীলা আঁচ থকা হয়৷ ইয়াৰ পিছফালে কমলা বৰণৰ এটা আগবাঢ়ি থকা অংশ থাকে৷
পোষক উদ্ভিদ
সম্পাদনা কৰকবৃহৎ উইণ্ডমিল পখিলাৰ পলুৱে ঘাইকৈ Aristolochia griffithiউদ্ভিদক পোষক হিচাপে বাচি লয়৷
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰকতথ্যসুত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Häuser, Christoph L.; de Jong, Rienk ; Lamas, Gerardo ; Robbins, Robert K.; Smith, Campbell & Vane-Wright, Richard I. (28 July 2005). "Papilionidae – revised GloBIS/GART species checklist (2nd draft)". Entomological Data Information System. Staatliches Museum für Naturkunde Stuttgart, Germany. Archived from the original on 9 September 2010. https://web.archive.org/web/20100909141739/http://www.insects-online.de/frames/papilio.htm। আহৰণ কৰা হৈছে: 21 June 2013.
- Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.