বেলকনিত ভগৱান

অসমীয়া চলচ্চিত্ৰ

বেলকনিত ভগৱান (ইংৰাজী: God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ [1] মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল ছুলতানে৷ উল্লেখ্য যে, ছবিখন দেশ-বিদেশৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত এতিয়ালৈকে প্ৰদৰ্শিত হৈছে৷ [2] কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ পৰিচালকে ভাৰতীয় ভাষাৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ ২০২১ বৰ্ষৰ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ লণ্ডনত অনুষ্ঠিত হোৱা ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত ছবিখনে বিশেষ বঁটা লাভ কৰে৷ [3]

বেলকনিত ভগৱান
God on The Balcony
ছবিখনৰ আনুষ্ঠানিক প'ষ্টাৰ
ছবিখনৰ আনুষ্ঠানিক প'ষ্টাৰ
পৰিচালক বিশ্বজিৎ বৰা
ৰচনা বিশ্বজিৎ বৰা
প্ৰযোজক নুৰুল চুলতান
অভিনয়ত
  • হৰিশ খান্না
  • প্ৰণামী বৰা
  • সুনীত বৰা
  • বিনোদ লাল দাস
  • অৰুণ হাজৰিকা
চিত্ৰগ্ৰহণকাৰী শ্বিতাংশু খামাৰী
সম্পাদনা বিশ্বজিৎ বৰা
সংগীত পৰিচালক বিশাল খত্ৰী
মুক্তি
৭ অক্টোবৰ ২০২২
দৈৰ্ঘ্য
৮৮ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া ভাষা

এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত ছবিখনত হৰিশ খান্না, প্ৰণামী বৰা, পৰিনন্ধী জীমা চুলতানাই অভিনয় কৰিছে৷ ছবিখনে ২০২২ বৰ্ষৰ ৭ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰে।[4]

সংক্ষিপ্ত কাহিনী সম্পাদনা কৰক

অসম, ভাৰতৰ এখনি পিছপৰা গাঁৱৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে৷ ছবিখনৰ কাহিনীভাগ খগেন নামৰ কৃষকজনক কেন্দ্ৰ কৰি আৱৰ্তিত হয়৷ খগেনৰ পত্নীৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে৷ এম্বুলেন্স নথকাত খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই নিবলৈ যত্নপৰ হয়৷ শিলগুটি দিয়া পথবোৰেৰে মৃত পত্নী আৰু কনিষ্ঠ জীয়েকজনীৰ সৈতে ঘৰলৈ উভতি আহোঁতে খগেনে দুজন সংবাদদাতাক লগ পায়৷ ইয়াৰ পিছতে তেওঁলোকৰ যাত্ৰাটোৱে এটা ভিন্ন ৰূপ লয়৷ [5]

উল্লেখ্য যে, ছবিখনৰ কাহিনীটো এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত৷ উৰিষ্যাৰ দাৰিদ্ৰ-পীড়িত ব্যক্তি দন মাঝীয়ে চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে নিজৰ পত্নীৰ দেহটো প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত নিজৰ কান্ধত কঢ়িয়াই নিছিল৷ [6]

কলা-কুশলী সম্পাদনা কৰক

ছবিখনৰ কলা-কুশলীসকলৰ নাম [7] তলত উল্লেখ কৰা হ'ল -

অভিনয়ত সম্পাদনা কৰক

ক্ৰমিক নং অভিনয়-শিল্পী চৰিত্ৰ
হৰিশ খান্না খগেন
প্ৰণামী বৰা নুমলী
সুনীত বৰা প্ৰণৱ
বিনোদ লাল দাস বিধায়কৰ সহকাৰী
অৰুণ হাজৰিকা মন্ত্ৰী
ৰাজীৱ ক্ৰ' প্ৰহৰী
ইভা মহন্ত জীনা
পৰিনন্ধী জীমা চুলতানা কুঁৱলী

আনসকল কুশলী সম্পাদনা কৰক

ক্ৰমিক নং নাম দায়িত্ব
বিশ্বজিৎ বৰা পৰিচালনা, চিত্ৰনাট্য-ৰচনা আৰু সম্পাদনা
নুৰুল চুলতান প্ৰযোজনা
সীতাংশু খামাৰী চিত্ৰগ্ৰহণ
জয়ন্ত ফুকন কলা-নিদেৰ্শনা
লোপামুদ্ৰা গগৈ সাজসজ্জা
আকাশ ডেকা মুখসজ্জা
বিশাল খত্ৰী নেপথ্য সংগীত
সুজিৎ বৰা কালাৰিষ্ট
প্ৰণাম দেশাই প্ৰথম সহকাৰী পৰিচালক
১০ সুভাষিনী বৰা দ্বিতীয় সহকাৰী পৰিচালক
১১ প্ৰজ্ঞানাভ বৰা তৃতীয় সহকাৰী পৰিচালক
১২ ৰিংকু বড়ো SFX ৰেকৰ্ডিং/ ধ্বনি ৰেকৰ্ডিং
১৩ জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ)
১৪ জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ)
১৫ পল্লৱ জ্যোতি মহন্ত স্থিৰ ফটোগ্ৰাফী
১৬ অতুল স্বৰ্গিয়াৰী প্ৰথম সহকাৰী কেমেৰা
১৭ জাকিৰ হুছেইন গেফাৰ (gaffer, ছবিখনৰ বিদ্যুতৰ দায়িত্বত থকা মূল মানুহ)

চলচ্চিত্ৰ মহোৎসৱত সম্পাদনা কৰক

বেলকনিত ভগৱান এতিয়ালৈকে একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ তাৰে কেইখনমান তলত উল্লেখ কৰা হ'ল-

ভাৰতত সম্পাদনা কৰক

  • ২৪তম কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, প্ৰিমিয়াৰ, (নৱেম্বৰ, ২০২০)
  • ২৫তম কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১১ ফেব্ৰুৱাৰী, ২০২১)
  • ১৯তম পুণে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷ [6]

বিদেশত সম্পাদনা কৰক

  • ১৯সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (জানুৱাৰী, ২০২১)
  • ২৪সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  • ২১সংখ্যক নিউইয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ
  • ১৮সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, ষ্টুটগাৰ্ট, জাৰ্মানী
  • ২০সংখ্যক ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মাদ্ৰিদ, স্পেইন (মে', ২০২১)[6]
  • লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাজিল৷ [8]
  • ২২ সংখ্যক ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লণ্ডন ৷ [3]

বঁটা-সন্মান সম্পাদনা কৰক

  • ২০২০ চনত কলিকতাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হয় আৰু পৰিচালক বিশ্বজিৎ বৰাই ভাৰতীয় ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ [9]
  • ২০২১ বৰ্ষত লণ্ডনত ৰেইনবো চলচ্চিত্ৰ সমাজৰ দ্বাৰা আয়োজিত ২২ সংখ্যক "ৰেইনবো চলচ্চিত্ৰ মহোৎসৱ"ত ছবিখন প্ৰদৰ্শিত হয় আৰু বিশেষ বঁটা লাভ কৰে৷ উক্ত মহোৎসৱ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত হৈছিল৷ [3]

সমালোচনা সম্পাদনা কৰক

ছবিখনৰ প্ৰসংগত লেবাননত থকা চলচ্চিত্ৰ সমালোচক জোছেফ কৰ্কমাজে মন্তব্য কৰে যে-...The filmmaker portraits in his movie, a socio-economic context of a region, his own, that is a microcosm of an entire country that is struggling to develop.[10]

আনহাতে 'স্ক্ৰল ডট ইন'ত নন্দিনী ৰামনাথে মন্তব্য কৰিছে যে-ছবিখনৰ ব্যাপক সমাদৰৰ লগত বোধহয় ক'ভিড-১৯ৰ ভয়াৱহ প্ৰভাৱ কিছুমান সংপৃক্ত হৈ আছে৷ কিয়নো মহামাৰীয়ে উন্নত আৰু অনুন্নত দেশৰ মাজত থকা স্বাস্থ্যসেৱাৰ পাৰ্থক্যবোৰ উন্মোচিত কৰিছে৷[11]

বাহ্যিক সংযোগ সম্পাদনা কৰক

বেলকনিত ভগৱানৰ ট্ৰেইলাৰ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. IMDB. "God on the Balcony (2020) Release Info". IMDB. https://www.imdb.com/title/tt13599570/releaseinfo?ref_=tt_dt_rdat। আহৰণ কৰা হৈছে: 20 July 2021. 
  2. "”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ". অসমীয়া প্ৰতিদিন. ১৪ জুলাই, ২০২১. https://www.asomiyapratidin.in/god-of-the-balcony-assamese-movie-newss/। আহৰণ কৰা হৈছে: 20 July 2021. 
  3. 3.0 3.1 3.2 Digital desk (July 13, 2021). "লণ্ডনৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল ‘বেলকনিত ভগৱান’". News Live. https://newslivetv.com/god-on-the-balcony-gets-at-special-award-at-prestigious-22nd-rainbow-london-film-festival/। আহৰণ কৰা হৈছে: 21 July 2021. 
  4. "Balconit Bhogawan (God On The Balcony)". in.bookmyshow.com. https://in.bookmyshow.com/morigaon/movies/balconit-bhogawan-god-on-the-balcony/ET00341158। আহৰণ কৰা হৈছে: 13 October 2022. 
  5. "God on the Balcony (2020) Plot". IMDB. https://www.imdb.com/title/tt13599570/plotsummary?ref_=tt_ov_pl। আহৰণ কৰা হৈছে: 20 July 2021. 
  6. 6.0 6.1 6.2 সৰকাৰ, শিল্পা (June 24, 2021). "Biswajeet Bora’s ‘God on The Balcony’ to be screened at Stuttgart Film Festival". Eastmozo. https://www.eastmojo.com/entertainment/2021/06/24/biswajeet-boras-god-on-the-balcony-to-be-screened-at-stuttgart-film-festival/। আহৰণ কৰা হৈছে: 20 July 2021. 
  7. "Full Cast & Crew". IMDB. https://www.imdb.com/title/tt13599570/fullcredits। আহৰণ কৰা হৈছে: 20 July 2021. 
  8. "ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'বেলকনিত ভগৱান'". নিয়মীয়া বাৰ্তা. 21 july,0 2021. https://niyomiyabarta.com/entertainment/god-on-the-balcony-3/। আহৰণ কৰা হৈছে: 21 July 2021. 
  9. Staff (20 june 2021). "Biswajeet Bora’s Assamese film God on the Balcony to be screened at 18th Indian Film Festival Stuttgart". NorthEast Now. https://nenow.in/north-east-news/assam/biswajeet-boras-assamese-film-god-on-the-balcony-to-be-screened-at-18th-indian-film-festival-stuttgart.html। আহৰণ কৰা হৈছে: 21 July 2021. 
  10. Korkmaz, Joseph (July 10, 2021). "God on the Balcony: A review by Lebanon-based critic Joseph Korkmaz". The News Mill. https://thenewsmill.com/god-on-the-balcony-film-review-joseph-korkmaz/। আহৰণ কৰা হৈছে: 21 July 2021. 
  11. Ramnath, Nandini (25 April, 2021). "In Assamese film ‘God on the Balcony’, a snapshot of death caused by governmental apathy". Scroll.in. https://scroll.in/reel/993207/in-assamese-film-god-on-the-balcony-a-snapshot-of-death-caused-by-governmental-apathy। আহৰণ কৰা হৈছে: 21 July 2021.