বৈঠকী
বৈঠকী বৰপেটা সত্ৰ আৰু আশ-পাশৰ ঠাই যেনে, সুন্দৰীদিয়া সত্ৰ, ভবানীপুৰ, গজিয়া, বাৰাদি, পাটবাউসী সত্ৰ আদি ঠাইত প্ৰচলিত এক থলুৱা অনুষ্ঠান। ই বৰপেটাৰ “বিয়া’’ অনুষ্ঠানৰ সৈতে সম্পৃক্ত। এটা সময়ত বৈঠকীক বাদ দি বিয়া নহৈছিলেই প্ৰায়। বৈঠকী মানে ’গীত-মাত’ৰ অনুষ্ঠান বা মজলিচ্। সাধাৰণতে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বিয়াবোৰত প্ৰথমদিনা জোৰোণ আৰু তৃতীয়দিনা বিয়া। কিন্তু মাজৰ দিনটোক ’শূইন’ বোলা হয়। সেই দিনটোৰে সন্ধিয়া বৈঠকী অনুষ্ঠিত কৰা হৈছিল। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ কইনা ঘৰৰ শূইনৰ দিনৰ শূন্যতা আঁতৰাবলৈকে বৈঠকীৰ সৃষ্টি হৈছিল৷[1] অৱশ্যে সুন্দৰীদিয়া সত্ৰত সত্ৰ পৰিচালনাৰ বাবেও সমিতিৰ সমাৰ্থক ’বৈঠকী’ গঠন কৰা হয়৷ এই বৈঠকীসমূহক সত্ৰৰ আইন প্ৰণয়ন, কাৰ্যকৰীকৰণ আৰু আইন ভংগ কৰোঁতাক শাস্তি দিয়াৰ ক্ষমতা দিয়া হয়৷[2] ই বৃহত্তৰ বৰপেটা অঞ্চলত বিবাহ অনুষ্ঠানৰ পৰা সম্পূৰ্ণ পৃথক৷
বৈঠকী আৰু মজলিচৰ পাৰ্থক্য
সম্পাদনা কৰকবৈঠকী শব্দৰ আভিধানিক অৰ্থ হ’ল, মজলিচ্, আসৰ। মজলিচ্ বা আসৰ মানে নৃত্য-গীতৰ জকমকীয়া অনুষ্ঠান যি কেৱল ৰজা, জমিদাৰ বা আন আঢ্যৱন্ত লোকৰ ঘৰত অনুষ্ঠিত কৰা হৈছিল। এইবোৰত বাঈজী আৰু সংগীতৰ দল আনি নৃত্যগীত কৰা হৈছিল আৰু কিছু লোকে উপভোগ কৰিছিল। অনুষ্ঠান পৰিৱেশন কৰাসকলক বুজন পৰিমাণৰ ধন দিয়া হৈছিল। ইয়াত মানুহৰ প্ৰবেশ সীমিত। কিন্তু বৰপেটাৰ বৈঠকীৰ আভিধানিক অৰ্থ যদিও মজলিচ বা আসৰ; ই প্ৰচলিত ধাৰণাৰ সম্পূৰ্ণ পৃথক। ইয়াত ভাগ লোৱা মানুহৰ প্ৰৱেশ-প্ৰস্থানৰ কোনো নিয়ম নাই। শিল্পীসকলক মাননি দিব নালাগে। ভোজ-ভাতৰো আয়োজন কৰিব নালাগে। আপ্যায়নৰ নামৰ চাহ-নিমকিয়েই যথেষ্ট।[3] ৰাগপ্ৰধান গীত, ভাটিয়ালী, নজৰুল গীতি, শ্য়াম সংগীতেও ঠাই পোৱা বাবে বহুতে এই বৈঠকী প্ৰথা কলিকতীয়া সংগীতপ্ৰেমীৰ সংস্পৰ্শৰ পৰা অহা বুলি বহুতে ক’ব খোজে৷[1]
বৈঠকীৰ বাবে নামী-দামী বা ’গ্লেমাৰাচ’ শিল্পীৰ প্ৰয়োজন নহয়। থলুৱা শিল্পীৰ দ্বাৰাই এই অনুষ্ঠান সম্পন্ন কৰা হয়। কেৱল বৈঠকী পতাৰ খবৰটোৱে যথেষ্ট। বৰপেটা বহু প্ৰতিষ্ঠিত শিল্পী এই বৈঠকীৰ পৰা প্ৰকাশ লাভ কৰে। তেনে কেইগৰাকীমান স্বনামধন্য শিল্পী হ’ল, স্বৰ্গেশ্বৰ বায়ন, ফকিৰচাঁদ, গিৰীশ বায়ন,দীন অস্তাদ, পুৰুষোত্তম দাস, গোকুল পাঠক, যোগেশ চন্দ্ৰ ভঁৰালী, প্ৰভাত শৰ্মা, সুধীৰ দাস আদি অনেক লোক বৈঠকী অনুষ্ঠানত অৱদান আগবঢ়াই গৈছে।[3] বৈঠকীত লোকগীত পৰিৱেশন অধিক হয়৷ দগৰ-দোতাৰা-খঞ্জৰী সংগত কৰি পৰিৱেশন কৰা লোকগীতসমূহে বিয়াৰ বৈঠকীত যথেষ্ট সমাদৰ পাইছিল৷[4]
বৈঠকীৰ ব্যৱস্থাপনা
সম্পাদনা কৰকবৈঠকীৰ বাবে ৰভাতলৰ মাজত ’অস্তাদ’ (ওস্তাদ, যিয়ে উপস্থিত সকলোৰে ভিতৰত পাকৈত)জনে বাদ্যযন্ত্ৰীসকলক লৈ বহে। তেওঁক ঘেৰি চাৰিওফালে দৰাঘৰীয়া-কইনাঘৰীয়াৰ মানুহখিনি বহি লয়। আৰম্ভণিতে এটা ভজন বা ভক্তিমূলক গীতেৰে ’আসৰ’ৰ পাতনি মেলি পিছত নানা ধৰণৰ গীত যেনে, বনগীত, লোকগীত, দেহবিচাৰৰ গীত, হাস্য-ব্যংগ গীত আদি গাবলৈ ধৰে। কোনো প্ৰতিষ্ঠিত গায়কে সচৰাচৰ বৈঠকীত ভাগ লোৱা দেখা নাযায় যদিও, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাবশতঃ কোনো প্ৰতিষ্ঠিত গায়কেও গীত গাই মনোৰঞ্জন দিয়ে। গীতৰ মাজে মাজে ’বাঃ বাঃ বাঃ বাঃ’কৈ সমস্বৰে চিঞৰি অনুষ্ঠান প্ৰাণময় কৰি তোলে। বাঃ বাঃ দিয়াটোক ’বাহাৰ’ দিয়া বোলে।[5] বৈঠকীৰ মাজে মাজে গৃহস্থই যোগান ধৰা চাহ-মিঠাই-নিমকিৰ আপ্যায়ন চলি থাকে।
বৈঠকীত যাত্ৰাৰ প্ৰচলন
সম্পাদনা কৰকঅসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰচেষ্টাত বৈঠকীত এটা সময়ত যাত্ৰা-নাটৰ অভিনয়ো হৈছিল।[3] বিশেষকৈ আৰ্থিকভাবে স্ৱচ্ছল পৰিয়ালৰ বৈঠকী অনুষ্ঠানত এই যাত্ৰাভাওনা অনুষ্ঠিত কৰা হৈছিল।[1] এনেকৈয়ে ’দাবানল পাৰ্টি’ নামৰ এটা যাত্ৰা দলো গঠিত হৈছিল।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 ডেকা, ব্ৰজেন্দ্ৰ নাথ; জালান, গোপাল (সংকলক) (২০১০). ৰত্ন ওজাৰ কৃষ্টি সুৰভি. ব্ৰজেন্দ্ৰ নাথ ডেকা, বিশাল প্ৰকাশন. পৃষ্ঠা. ১৪৪.
- ↑ সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত, গোবিন্দ তালুকদাৰ,পৃ, নং, ৮৬
- ↑ 3.0 3.1 3.2 ডিম্বেশ্বৰ মেধী. লোক-সংস্কৃতিৰ লেছেৰি বোটলা. বিশ্বাম্বা প্ৰকাশন. পৃষ্ঠা. ৬৮.
- ↑ পাটবাউসী, শ্ৰীশ্ৰীশঙ্কৰদেৱ থান, (১৯৯৯). বাউসী বিলায়েত. অসম সাহিত্য সভা. পৃষ্ঠা. গ-২১.
- ↑ দ্বিজেন্দ্ৰ নাথ দাস (জানুৱাৰী ১৯৯১). "লুপ্তপ্ৰায় বৰপেটাৰ বৈঠকী". প্ৰান্তিক (১-১৫): ১৯.