বোকাখাত (ইংৰাজী: Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমগোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷ [1]

বোকাখাত
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট জিলা
উচ্চতা
৭৬ মিটাৰ (২৪৯ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ 8,844

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

বোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, যোৰহাট আৰু গুৱাহাটী৷ তাৰোপৰি বোকাখাতৰ নিকটতম ৰে'লৱে ষ্টেচন দুটা হৈছে, বাদুলিপাৰ আৰু ফৰকাটিং৷

জনসংখ্যা

সম্পাদনা কৰক

২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷[2]ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ [3]

বোকাখাত কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।

পৰ্যটনস্থলী

সম্পাদনা কৰক

বোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷

তথ্যসূত্ৰ

সম্পাদনা কৰক