ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Fakhruddin Ali Ahmed Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ৰাইজে বাবে মুকলি কৰি দিয়ে। এই শিক্ষানুষ্ঠানত এম.বি.বিএছ. পঢ়াৰ ব্যৱস্থা আছে, লগতে পেৰামেডিকেল বিভাগৰ লেব'ৰেটৰী টেক্নিচিয়ান, ফিজিঅ'থেৰাপি আদিৰ ডিপ্লোমা পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। এম.বি.বি.এছ. পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ১২৫।[1]
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় | |
---|---|
Fakhruddin Ali Ahmed Medical College and Hospital | |
স্থাপিত | ২০১১ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | অধ্যাপক (ডাঃ) ৰমেন তালুকদাৰ, ৰঞ্জন বিজ্ঞানত স্নাতকোত্তৰ (এম.ডি. ৰেডিঅ'লজী) |
শৈক্ষিক কৰ্মচাৰী | ১২০ |
স্নাতক শিক্ষাৰ্থী | ১২৫ |
স্থান | বৰপেটা, অসম |
চমু নাম | ফামচি (FAAMC) |
ভুক্তি | শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় |
ৱেবছাইট | www.faamcassam.co.in |
বহিঃ বিভাগ (OPD)
সম্পাদনা কৰকবৰ্তমান নিম্নোক্ত বিভাগসমূহত বহিঃ সেৱা আগবঢ়াই থকা হৈছে :
- মেডিচিন
- অস্ত্ৰোপ্ৰচাৰ
- স্ত্ৰী আৰু প্ৰসূতি বিভাগ
- শিশুৰোগৰ বিভাগ
- অৰ্থ'পেডিকছ (হাড় আৰু জোৰাৰ ৰোগ সম্বন্ধীয় বিভাগ)
- চকু
- কাণ, নাক আৰু ডিঙি
- চৰ্ম আৰু যৌন ৰোগ
- মানসিক ৰোগ বিভাগ (ছাইকাইএ'ট্ৰী)
- দন্তৰোগ বিভাগ (ডেণ্টিষ্ট্ৰী)
অন্ত: বিভাগ
সম্পাদনা কৰকদন্তৰোগ বিভাগৰ বাহিৰে আন কেউটা বিভাগৰে অন্ত: চিকিৎসা আগবঢ়োৱা হয়।[2]
অন্তৰ্ভুক্ত বিশ্ববিদ্যালয় :
তথ্য সংযোগ
সম্পাদনা কৰক- ↑ "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2015-11-25. https://web.archive.org/web/20151125043526/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1712%2Fat08। আহৰণ কৰা হৈছে: 2015-11-01.
- ↑ "Classes start in Barpeta medical college". The Telegraph. http://www.telegraphindia.com/1120802/jsp/northeast/story_15800697.jsp#.VjYe3LcrLIU। আহৰণ কৰা হৈছে: 2015-11-01.