ভাদমহীয়া নাম

অসমৰ ধৰ্মীয় সংস্কৃতি

ভাদমহীয়া নাম(ইংৰাজী: Bhadomohiya Naam) অসমৰ সত্ৰ বা গাঁও-চহৰ-নগৰত থকা নামঘৰসমূহত অসমীয়া ভাদমাহটোত যতি নপৰাকৈ গোৱা নাম-কীৰ্তন৷ অসমীয়া কেলেণ্ডাৰৰ পঞ্চম মাহটো ভাদ মাহ৷ বছৰৰ আন মাহবোৰৰ তুলনাত ভাদ মাহটো নামঘৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে৷[1] এই মাহটো অসমীয়া মানুহে বৰ পৱিত্ৰ মাহ বুলি গণ্য কৰে৷ এই মাহটোতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি, দুজনা গুৰু শংকৰদেৱ-মাধবদেৱৰ মৃত্যু তিথিৰ উপৰি গণেশ চতুৰ্দশী, শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আনকি ঈদ-উজ্-জোহাও অনুষ্ঠিত হয়৷ সেয়ে অসমৰ প্ৰায়বোৰ মানুহে ভাদমাহটোক পৱিত্ৰ মাহ জ্ঞান কৰি ধৰ্মীয় ক্ৰিয়া-কাণ্ড, নাম-কীৰ্তন পাতে৷ নামঘৰ হৈছে অসমীয়া জনজীৱনৰ ঐক্য-সংহতিৰ মিলন ভূমি৷ এই নামঘৰবোৰতে ভাদ মাহৰ এক তাৰিখৰ পৰা গোটেই মাহটো অসমীয়া ৰাইজে ধনী-দুখীয়া, জাত-পাতৰ ভেদাভেদ পাহৰি নাম-কীৰ্তন কৰি ধৰ্ম-চৰ্চা কৰাৰ লগতে হৰি-ভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰে৷ [2]

ভাদমহীয়া নামত প্ৰায়ে দুপৰীয়া সময়ৰ পৰা ৰাতিলৈ নাম-কীৰ্তন, ধৰ্মালোচনা পৰ্ব আদি হয়৷ কোনো কোনো ঠাইত পুৰুষ আৰু মহিলা বেলেগে বেলেগে বহি নাম লয় আৰু কোনো কোনো ঠাইত একেলগে বহি নাম লয়৷ প্ৰথমতে পুথি পাঠ কৰা হয়৷ তাৰপিছত নাম “ডকা’’ হয়৷ পাঠক বা পাঠকনীয়ে নাম ডাকিলেই ৰাইজ গোটখাই নামত বহে আৰু কীৰ্তন কৰে৷ তাল-খোল-নাগাৰা আৰু খুতিতাল বজাই হাতচাপৰি সংগত কৰি তিনি-চাৰিটামান নাম গোৱাৰ পিছত নামৰ সামৰণি পৰে৷ তাৰপিছত সকলো ৰাইজে থাপনাৰ ফালে হাতযুৰি আঁঠু-কাঢ়ি সেৱা লয় আৰু পাঠক বা বুঢ়াভকতে আশীৰ্বাদ দিয়ে৷ [3] নামত পুৰুষ-মহিলা উভয়েই জাতীয় সাজ- মেখেলা চাদৰ আৰু ধুতী-পাঞ্জাবী পিন্ধি, ডিঙিত গামোচা লয় আৰু পাঠক-পাঠকনীয়ে চেলেং আৰু আগুৰান পৰিধান কৰে৷

ভাদমাহত গাঁৱৰ প্ৰতিঘৰ মানুহ বা চহৰৰ হ’লে নামঘৰৰ প্ৰতিঘৰ ভকতে একোখনকৈ শৰাই দিয়ে৷[1] যাৰ ভাগত শৰাই দিবলগীয়া থাকে, সাধাৰণতে তেওঁলোকেই সেইদিনটোৰ মাহ-প্ৰসাদ, চাকি-বন্তি, আদি সমস্ত খৰচ বহন কৰে৷ অকলে খৰচ বহন কৰিবলৈ সামৰ্থ্য নথকা লোকে দুই-তিনিঘৰ বা ততোধিক পৰিয়াল মিলি শৰাই দিয়া দেখা যায়৷ নামঘৰবোৰত ভাদমহীয়া নামৰ প্ৰসাদ প্ৰস্তুত কৰাৰ পৰা বিতৰণ কৰালৈ নিৰ্দিষ্ট কৰি দায়িত্ব দিয়া থাকে৷ জন্মাষ্টমী আৰু গুৰু দুজনাৰ তিথিত কোনো কোনো ঠাইৰ নামঘৰত “মিঠৈ’’ নামৰ এবিধ লাড়ু দিয়া হয়৷ ইয়াৰ বাবে কোনো এঘৰত সমূহীয়াকৈ পিঠাগুড়ি খুন্দা হয় আৰু পগাই লোৱা গুড় আৰু ঘিউ দি নামঘৰৰ থাপনাৰ সম্মুখতে মিঠৈ তৈয়াৰ কৰা হয়৷ জন্মাষ্টমীৰ দিনা দোভাগ ৰাতিলৈ নাম-কীৰ্তন হয়৷ [3]

এমাহজোৰা নাম-কীৰ্তনৰ পিছত নাম সামৰণি পতা হয়৷[3] ভাদ মাহৰ শেষ দিনা শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পূজা পৰে বাবে বহুতে “নাম সামৰণি’’ অনুষ্ঠান সকলোৰে সুবিধামতে আন এটা দিন কৰে৷ সেই দিনটোত ঠায়ে ঠায়ে নিৰামিষ ভোজৰো আয়োজন কৰা হয়৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 বৰা, ড° ভদ্ৰকান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৬৭. ISBN 978-81-928310-0-8. 
  2. হাজৰিকা, অঞ্জনা দাস (২২ আগষ্ট ২০১৯). "ভাদৰ তাৎপৰ্য আৰু নামঘোষাত হৰিনাম". দৈনিক অগ্ৰদূত. 
  3. 3.0 3.1 3.2 "ভাদ মাহ". Archived from the original on 16 March 2023. https://web.archive.org/web/20230316180657/https://janambhumi.in/VFZSTmVFMUVRVDA9/en/%E0%A6%AD%E0%A6%BE%E0%A6%A6-%E0%A6%AE%E0%A6%BE%E0%A6%B9.html। আহৰণ কৰা হৈছে: 16 March 2023.