ভাৰতত পতিতাবৃত্তি (ইংৰাজী: Prostitution in India) আইনসন্মত।[1] কিন্তু এই সংক্ৰান্তত কিছু কাৰ্য-কলাপ, যেনে প্ৰকাশ্য স্থানত পতিতা নিয়োগ কৰা, পতিতালয়ৰ আশেপাশে ঘূৰি ফুৰা, পতিতালয় চলোৱা, হোটেলত পতিতাবৃত্তি চলোৱা, শিশু পতিতাবৃত্তি, কূটনীতি কৰা, পতিতাৰ দালালী কৰা আইনমতে অপৰাধ।[2][3] মুম্বাই, দিল্লী, চেন্নাই আৰু কলকাতা চহৰকে ধৰি বহু ঠাইত অবৈধ পতিতালয় চলাই থকা হৈছে।[4] UNIDS-এ ২০১৬ চনত কৰা এটা হিচাপ অনুসৰি ভাৰতত ৬,৫৭,৮২৯ গৰাকী পতিতা দেশখনত আছে।[5]

কামাথিপুৰাৰ এখন পতিতালয়

ইতিহাস সম্পাদনা কৰক

 
কলকাতাত পতিতাসকলৰ সৈতে এজন আমেৰিকান সেনা, ১৯৪৫ চন

তৱাইফসকল গণিকা আছিল, যি বিশেষকৈ মোগল যুগত ভাৰতীয় আভিজাত্যৰ খোৰাক আছিল। সংগীত, নৃত্য (মুজ্‌ৰা), থিয়েটাৰ আৰু উৰ্দু সাহিত্য পৰম্পৰাত তেওঁলোকে উৎকৰ্ষ অৰ্জন কৰিছিল আৰু এইবোৰ ক্ষেত্ৰলৈ প্ৰভুত অৰিহনা যোগাইছিল[6] আৰু শিষ্টাচাৰৰ এক প্ৰতিভূ আছিল। তৱাইফসকল ১৬শতিকাৰ পিছৰে পৰা চলি অহা পৰা মোগল দৰবাৰী সংস্কৃতিৰ এক উত্তৰ ভাৰতীয় প্ৰতিষ্ঠান আছিল আৰু আনকি ১৮শতিকাৰ মধ্যভাগত মোগল শাসন দুৰ্বল হৈ অহাৰ পিছতো ই অধিক বিশিষ্টতা অৰ্জন কৰিছিল।[7][8] পৰম্পৰাগত সংগীত আৰু নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ বিশিষ্ট অৱদান আছে।[9]

গোৱা পৰ্টুগীজসকলৰ ১৬শতিকাৰ প্ৰতিষ্ঠা এখন উপনিবেশ আছিল আৰু পৰ্টুগীজ দাসসকল পৰ্টুগীজ দূৰ্গৰ এক শক্তিশালী সম্প্ৰদায় আছিল। ১৬শতিকাৰ শেষভাগত আৰু ১৭শতিকাত পৰ্টুগীজসকলে জাপানী দাসৰ ব্যৱসায়ত জড়িত আছিল। তেওঁলোকৰ দক্ষিণ এছিয় নাবিকসকলে গোৱালৈ জাপানী দাসৰ সৰবৰাহ কৰিছিল আৰু এইসকলৰ মাজত যুৱতী মহিলা আৰু ছোৱালী আছিল, যাক যৌনদাসী ৰূপে অনা হৈছিল।[10] জনপ্ৰিয় নৃত্যৰ এক লোভনীয় শৈলী নাচ (nautch) সংস্কৃতি মোগল যুগৰ শেষৰ ভাগত আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়চোৱাত প্ৰভাৱশালী হৈ উঠিছিল।[11] ১৮শতিকাৰ শেষভাগ আৰু ১৯শতিকাৰ আৰম্ভণিৰ কোম্পানীৰ শাসনৰ আৰু পৰৱৰ্তী ব্ৰিটিছ ৰাজৰ কালচোৱাত ব্ৰিটিছ সৈন্যসকলৰ বাবে ভাৰতৰ বিভিন্ন ঠাইত কিছুমান পতিতালয় স্থাপন হৈছিল। ইয়ালৈ ভাৰতৰ গাঁৱৰ দুখীয়া ছোৱালীবোৰক ইয়ালৈ অনা হৈছিল আৰু সৈন্যসকলে তেওঁলোকক পোনপতীয়াকৈ মূল্য পৰিশোধ কৰিছিল। মুম্বাইৰ নিষিদ্ধ পল্লি এই সময়তে গঢ় লোৱা।[12] ভাৰতৰ বহুতো দেশীয় ৰাজ্যৰ শাসকে ১৮৬০ৰ দশকৰ পূৰ্বে পতিতাবৃত্তিৰ বিষয়ে নীতি তৈয়াৰ কৰিছিল। ব্ৰিটিছ চৰকাৰেও এৰাব নোৱাৰা বিষয় হিচাপে পতিতাবৃত্তিক নিয়ন্ত্ৰিত কৰিবলৈ সেনানিবাস আইন, ১৮৬০ গৃহীত কৰে।[13] সেনানিবাস আইনখনত ব্ৰিটিছ সেনাভিত্তিক পতিতাবৃ্ত্তিক সুসংহত কৰাৰ কিছু ব্যৱস্থাৱলী আছিল। যেনে ১০০০ ব্ৰিটিছ সেনাৰ এটা ৰেজিমেণ্টৰ বাবে চকলাজ নামে জনাজাত এখন পতিতালয় থাকিব, য’ত ১০জনীৰ পৰা ১৫জনীহে পতিতা থাকিব পাৰিব। তেওঁলোকক সেনা বিষয়াৰ দ্বাৰা অনুজ্ঞাপত্ৰ দিয়া হৈছিল আৰু তেওঁলোকে কেবল ব্ৰিটিছ সেনাৰ সৈতে যৌন-সম্পৰ্ক স্থাপন কৰাৰ বাধ্য-বাধকতা আৰোপ কৰা হৈছিল।[14] ঊনবিংশ আৰু বিংশ শতিকাত ব্ৰিটিছ সেনা আৰু স্থানীয় লোকৰ চাহিদা পূৰণৰ বাবে হাজাৰ হাজাৰ মহিলা-যুৱতী ইউৰোপ মহাদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছিল।[15][16][17]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Immoral Traffic (Prevention) Act, 1956". wcd.nic.in. http://wcd.nic.in/act/itpa1956.htm। আহৰণ কৰা হৈছে: 28 November 2015. 
  2. "India court raises question of legalising prostitution". BBC News. 10 December 2009. http://news.bbc.co.uk/2/hi/south_asia/8405154.stm. 
  3. "Sex Work Law - Countries" (en ভাষাত). Sexuality, Poverty and Law. Archived from the original on 29 July 2020. https://web.archive.org/web/20200729103225/http://spl.ids.ac.uk/sexworklaw/countries। আহৰণ কৰা হৈছে: 31 March 2018. 
  4. "2008 Human Rights Reports: India". U.S. Department of State. 25 February 2009. https://www.state.gov/g/drl/rls/hrrpt/2008/sca/119134.htm। আহৰণ কৰা হৈছে: 28 November 2015. 
  5. "Sex workers: Population size estimate - Number, 2016". UNAIDSwww.aidsinfoonline.org. Archived from the original on 4 June 2019. https://web.archive.org/web/20190604174922/http://www.aidsinfoonline.org/gam/stock/shared/dv/PivotData_2018_7_22_636678151733621264.htm। আহৰণ কৰা হৈছে: 21 July 2018. 
  6. "Mapping cultures". The Hindu (Chennai, India). 11 August 2004. Archived from the original on 27 November 2004. https://web.archive.org/web/20041127054112/http://www.hindu.com/mp/2004/08/11/stories/2004081101090100.htm. 
  7. Schoffield, Katherine Butler (April 2012). "The Courtesan Tale: Female Musicians and Dancers in Mughal Historical Chronicles, c.1556–1748". Gender & History খণ্ড 24 (1): 150–171. doi:10.1111/j.1468-0424.2011.01673.x. 
  8. "Fall of a culture". Tribune India. http://www.tribuneindia.com/2009/20090920/spectrum/main2.htm. 
  9. Banerji, Projesh (10 April 1986). Dance in Thumri. Abhinav Publications. ISBN 9788170172123. https://books.google.com/books?id=lsuhSiITjU8C&q=faiza+bai+singer&pg=PA31. 
  10. Leupp, Gary P. (2003), Interracial Intimacy in Japan, Continuum International Publishing Group, p. 49 & 52, ISBN 978-0-8264-6074-5 
  11. "Nautch girls: Sahibs danced to their tune". http://www.tribuneindia.com/2004/20040725/spectrum/main1.htm। আহৰণ কৰা হৈছে: 25 July 2004. 
  12. "Horrors of India's brothels documented". BBC News. 23 November 2013. https://www.bbc.co.uk/news/world-asia-india-24530198. 
  13. Tambe, Ashwini (1 April 2005). "The Elusive Ingenue:A transnational Feminist Analysis of European Prostitution in Colonial Bombay". Gender & Society খণ্ড 19 (2): 160–79. doi:10.1177/0891243204272781. 
  14. Bhandari, Sudhanshu (19 June 2010). "Prostitution in Colonial India". Mainstream Weekly খণ্ড XLVIII (26). http://www.mainstreamweekly.net/article2142.html। আহৰণ কৰা হৈছে: 13 October 2012. 
  15. Fischer-Tiné, Harald (2003), "'White women degrading themselves to the lowest depths': European networks of prostitution and colonial anxieties in British India and Ceylon ca. 1880-1914", Indian Economic and Social History Review খণ্ড 40 (2): 163–90, doi:10.1177/001946460304000202 
  16. Tambe, Ashwini (2005), "The Elusive Ingénue: A Transnational Feminist Analysis of European Prostitution in Colonial Bombay", Gender & Society খণ্ড 19 (2): 160–79, doi:10.1177/0891243204272781 
  17. Enloe, Cynthia H. (2000), Maneuvers: The International Politics of Militarizing Women's Lives, University of California Press, p. 58, ISBN 978-0-520-22071-3 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • History of Prostitution in India, by S. N. Sinha. Published by Bengal Social Hygiene Association, 1933.
  • Reporting on Prostitution: The Media, Women and Prostitution in India, Malaysia and the Philippines, by Lois Grjebine, UNESCO. Published by Unesco, 1985.
  • Prostitution in India, by Santosh Kumar Mukherji, Biswanath Joardar. Published by Inter-India Publications, 1986. আই.এচ.বি.এন. 81-210-0054-8.
  • The Castaway of Indian Society: History of Prostitution in India Since Vedic Times, Based on Sanskrit, Pāli, Prākrit, and Bengali Sources, by Sures Chandra Banerji, Ramala Banerji. Published by Punthi Pustak, 1989. আই.এচ.বি.এন. 81-85094-25-X.
  • Child Prostitution in India, by Joseph Anthony Gathia, Centre of Concern for Child Labour. Published by Concept Pub. Co., 1999. আই.এচ.বি.এন. 81-7022-771-2.
  • Immoral Traffic - Prostitution in India, by V. Sithannan. Published by JEYWIN Publications. আই.এচ.বি.এন. 81-905975-0-7.
  • Broken Lives: Dalit Women and Girls in Prostitution in India, by M. Rita Rozario. Published by Ambedkar Resource Centre, Rural Education for Development Society, 2000. আই.এচ.বি.এন. 81-87367-02-4.
  • Gomare et al. 2002. Adopting strategic approach for reaching out to inaccessible population viz Abstract WePeF6707F abstract, The XIV International AIDS Conference.
  • Trafficking in Women and Children in India, by P. M. Nair, Sankar Sen, Institute of Social Sciences, New Delhi, India. National Human Rights Commission, UNIFEM South Asia Regional Office, New Delhi. Published by Orient Blackswan, 2005. আই.এচ.বি.এন. 81-250-2845-5.
  • INDIA & Southeast Asia to 1875, Beck, Sanderson. আই.এচ.বি.এন. 0-9762210-0-4
  • Soofi, Mayank Austen (2013). Nobody Can Love You More: Life in Delhi's Red Light District. Penguin Group. ISBN 978-0-670-08414-2. https://books.google.com/books?id=V6S-NAEACAAJ. 

বাহ্যিক সংযোগ সম্পাদনা কৰক