দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)

(দেশীয় ৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)

দেশীয় ৰাজ্যসমূহ (ইংৰাজী: Princely state) আছিল ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম[1] আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ। ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়।[2] দেশীয় ৰাজ্যসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছক প্ৰেৰিত কৰাত জৱাহৰলাল নেহৰুৱে মুখ্য ভূমিকা পালন কৰিছিল আৰু ১৯২৯ চনত ঘোষণা কৰিছিল যে "ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ থকা লোকসকল, এই ৰাজ্যসমূহৰ বাসিন্দা হ'ব লাগিব"।[3] ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত ১৯৩৭ চনত কংগ্ৰেছে দেশীয় ৰাজ্যসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে।[4] সেই বছৰতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যসমূহক জড়িত কৰি ফেডাৰেচন গঠনত গান্ধীয়ে মুখ্য ভূমিকা পালন কৰিছিল। ১৯৪৬ চনত জৱাহৰলাল নেহৰুৱে লক্ষ্য কৰিছিল যে স্বাধীন ভাৰতৰ সেনাৰ বিৰুদ্ধে কোনো দেশীয় ৰাজ্যই সামৰিকভাৱে জয়লাভ কৰিব নোৱাৰে।[5]

ঔপনিৱেশিক ভাৰত
ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্য
ঔপনিৱেশিক ভাৰত
ওলন্দাজ ভাৰত ১৬০৫–১৮২৫
ডেনীয় ভাৰত ১৬২০–১৮৬৯
ফৰাচী ভাৰত ১৬৬৮–১৯৫৪

পৰ্তুগীজ ভাৰত
(১৫০৫–১৯৬১)
কাচা ডা ইণ্ডিয়া ১৪৩৪–১৮৩৩
পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী ১৬২৮–১৬৩৩

ব্ৰিটিছ ভাৰত
(১৬১২–১৯৪৭)
ইষ্ট ইণ্ডিয়া কোম্পানী ১৬১২–১৭৫৭
ভাৰতত কোম্পানী ৰাজ ১৭৫৭–১৮৫৮
ব্ৰিটিছ ৰাজ ১৮৫৮–১৯৪৭
ব্ৰহ্মদেশৰ ব্ৰিটিছ ৰাজ ১৮২৪–১৯৪৮
দেশীয় ৰাজ্য ১৭২১–১৯৪৯
ভাৰত বিভাজন
১৯৪৭

১৭৬৫–১৮০৫ চনৰ ভাৰতৰ মানচিত্ৰ, য’ত হিন্দু, মুছলমান আৰু ব্ৰিটিছৰ মাজত ভূখণ্ডৰ বিভাজন দেখুওৱা হৈছে।
১৯০৯ চনত ভাৰতীয় সাম্ৰাজ্যৰ ৰাজনৈতিক উপবিভাগ, ব্ৰিটিছ ভাৰত (গুলপীয়া) আৰু দেশীয় ৰাজ্য (হালধীয়া)

ব্ৰিটিছসকল উভতি যোৱাৰ সময়ত ভাৰতীয় উপমহাদেশত হাজাৰোধিক জমিদাৰী আৰু জাগিৰদাৰৰ উপৰিও ৫৬৫ খন দেশীয় ৰাজ্যৰ আনুষ্ঠানিক স্বীকৃতি আছিল।[6] ১৯৪৭ চনত দেশীয় ৰাজ্যসমূহে স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ ৪০% অঞ্চল আৰু জনসংখ্যাৰ ২৩% অংশ সামৰি লৈছিল।[7] আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যসমূহৰ, দক্ষিণৰ “হায়দৰাবাদ”, “মহীশূৰ”, “পুদুকোট্টই” আৰু “ত্ৰিবাংক’ৰ”, মধ্যভাৰতৰ “জম্মু আৰু কাশ্মীৰ” আৰু “ইন্দোৰ”ৰ নিজা নিজা ব্ৰিটিছ ৰেচিডেণ্ট আছিল। তাৰ ভিতৰত আটাইতকৈ বিশিষ্ট – মুঠ দেশীয় ৰাজ্যৰ এক চতুৰ্থাংশ চেলুট ৰাজ্যৰ মৰ্যাদাপ্ৰাপ্ত আছিল।

দেশীয় ৰাজ্যসমূহৰ মৰ্যাদা, আকাৰ আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত বহু পৰিমাণে পাৰ্থক্য আছিল; ২১টা টোপৰ চালামী মৰ্যদাপ্ৰাপ্ত (21-gun salute) ৰাজ্য- হায়দৰাবাদ আৰু জম্মু আৰু কাশ্মীৰৰ আয়তন আছিল ২ লাখ বৰ্গকিলোমিটাৰতকৈ (৭৭,০০০ বৰ্গমাইল) অধিক। ১৯৪১ চনত হায়দৰাবাদৰ জনসংখ্যা ১ কোটি ৬০ লাখতকৈ অধিক আছিল। আনহাতে জম্মু-কাশ্মীৰৰ জনসংখ্যা আছিল ৪০ লাখৰ অলপ অধিক। ইফালে নন-চেলুট প্ৰিন্সিপালিটি- লাৱাৰ আয়তন আছিল ৪৯ বৰ্গকিলোমিটাৰ, জনসংখ্যা ৩,০০০ৰ অলপ কম। আনকি প্ৰায় ২০০ সৰু ৰাজ্যৰ আয়তন ২৫ কিলোমিটাৰ বৰ্গমিটাৰতকৈও কম আছিল।[5][8]

ভাৰতৰ স্বাধীনতাৰ সময়ৰ দেশীয় ৰাজ্যসমূহৰ বেছিভাগেই মোগল সাম্ৰাজ্যৰ বিভাজনৰ পিছত গঠন হৈছিল। দীৰ্ঘদিন ধৰি ভাৰতলৈ হোৱা বাহ্যিক প্ৰব্ৰজনৰ ফলস্বৰূপে বহু কেইখন দেশীয় ৰাজ্যৰ শাসক বিদেশীমূলৰ আছিল। হায়দৰাবাদ, ভুপাল, ৰামপুৰ আৰু জাঞ্জিৰাৰ শাসক আছিল ক্ৰমে তুৰ্কী, আফগানী, পেষ্টুন আৰু এবিচিনিয়ান মূলৰ। হিন্দু ৰাজ্যসমূহৰ ভিতৰত অধিকাংশ শাসক আছিল ক্ষত্ৰিয়। কেৱল ৰাজপুত আৰু দক্ষিণ ভাৰতত সিঁচৰতি হৈ থকা ৰাজ্যসমূহৰ মোগল যুগৰ পূৰ্বৰ বংশাৱলীৰে যোগসূত্ৰ আছিল।[9]

দেশীয় ৰাজ্যৰ ৰাজনৈতিক একীকৰণ

সম্পাদনা কৰক

১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়ৰ বাবে স্বৰাজ লাভ কৰাটোৱেই নিজৰ লক্ষ্য বুলি ঘোষণা কৰে। ইয়াত "ভাৰতৰ সকলো সাৰ্বভৌম ৰজাক নিজৰ ৰাজ্যত সম্পূৰ্ণ দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ" কোৱা হৈছিল। গান্ধীয়ে ৰজাসকলক আশ্বাস দিছিল যে কংগ্ৰেছে দেশীয় ৰাজ্যসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে।[2] ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯২৮ চনৰ কলিকতা কংগ্ৰেছত তেওঁলোকৰ দাবী পুনৰবাৰ উল্লেখ কৰে যে, "কংগ্ৰেছে ভাৰতীয় ৰাজ্যৰ জনসাধাৰণক ৰাজ্যসমূহত সম্পূৰ্ণ দায়িত্বশীল চৰকাৰ লাভৰ বাবে বৈধ আৰু শান্তিপূৰ্ণ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ সহানুভূতি আৰু সমৰ্থনৰ আশ্বাস দিয়ে।"[3]

দেশীয় ৰাজ্যৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছক আগবঢ়াই দিয়াত জৱাহৰলাল নেহৰুৱে মুখ্য ভূমিকা পালন কৰিছিল।[3] ১৯২৯ চনত লাহোৰ অধিবেশনত সভাপতিৰ ভাষণত জৱাহৰলাল নেহৰুৱে ঘোষণা কৰে: "ভাৰতীয় ৰাজ্যসমূহে বাকী ভাৰতৰ পৰা পৃথকে থাকিব নোৱাৰে"।[10] নেহৰুৱে লগতে কয় যে তেওঁ "ৰজা বা ৰাজকুমাৰত কোনো বিশ্বাসী নহয়" আৰু "ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ থকা একমাত্ৰ লোকসকল হ'ব লাগিব এই ৰাজ্যসমূহৰ জনসাধাৰণ। এই কংগ্ৰেছ, যিয়ে আত্মনিয়ন্ত্ৰণৰ দাবী কৰে, ৰাজ্যসমূহৰ জনসাধাৰণক ইয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰে।"[3]

১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত দেশীয় ৰাজ্যৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন, সত্যাগ্ৰহ আয়োজন কৰে, যাক কংগ্ৰেছ মন্ত্ৰালয়ে সমৰ্থন কৰিছিল। বিৰোধ প্ৰদৰ্শন কেতিয়াবা ই হিংসাত্মক পৰ্যায়ো পাইছিল। গান্ধীয়ে ৰাজকোট ৰাজ্যত উপবাসে থাকি "সম্পূৰ্ণ দায়িত্বশীল চৰকাৰ"ৰ দাবী জনায় আৰু লগতে কয় যে কংগ্ৰেছৰ সৰ্বোচ্চতাৰ অধীনত "জনসাধাৰণ" হৈছে ৰাজকোটৰ প্ৰকৃত শাসক"। গান্ধীয়ে এই প্ৰতিবাদক "ব্ৰিটিছ সাম্ৰাজ্যৰ অনুশাসিত গোট"ৰ বিৰুদ্ধে সংগ্ৰাম বুলি অভিহিত কৰে। গান্ধীয়ে ঘোষণা কৰিছিল যে কংগ্ৰেছৰ এতিয়া "ইংৰাজৰ অধীনস্থ ৰাজ্যসমূহত" হস্তক্ষেপ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।[3] ১৯৩৭ চনত গান্ধীয়ে ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যসমূহৰ সৈতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ফেডাৰেচন গঠনত মুখ্য ভূমিকা পালন কৰে।[11]

১৯৩৯ চনত নেহৰুৱে দেশীয় ৰাষ্ট্ৰৰ অস্তিত্বক প্ৰত্যাহ্বান জনায় আৰু লগতে কয় "আধুনিক ভাৰতৰ ৰাজ্যসমূহ অকালপক্ক আৰু ই জীয়াই থকাৰ যোগ্য নহয়।"[3] ১৯৪৬ চনৰ জুলাই মাহত নেহৰুৱে স্পষ্টভাৱে লক্ষ্য কৰিছিল যে কোনো দেশীয় ৰাজ্যৰ স্বাধীন ভাৰতৰ সেনাবাহিনীৰ বিৰুদ্ধে সামৰিকভাৱে জয়ী হ'ব নোৱাৰে।

১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ লগে লগে দেশীয় ৰাজ্যৰ যুগ কাৰ্যকৰীভাৱে শেষ হ’ল; ১৯৫০ চনৰ ভিতৰত প্ৰায় সকলো ৰাজ্যই ভাৰত বা পাকিস্তানৰ লগত যোগদান কৰিছিল।[12] পাকিস্তানে আক্ৰমণ কৰাৰ পিছত জম্মু-কাশ্মীৰে ভাৰতত যোগদান কৰাৰ সিদ্ধান্ত লয়, যাৰ ফলত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বিবাদৰ সৃষ্টি হয়।[13] হায়দৰাবাদ ৰাজ্যই ১৯৪৭ চনত স্বাধীন হৈ থকাৰ সিদ্ধান্ত লয়। তাৰ এবছৰৰ পিছত ভাৰতে ৰাজ্যখন আক্ৰমণ কৰি নিজৰ সংলগ্ন কৰি লয়। জুনাগড় আৰু ইয়াৰ জাগিৰদাৰ বণ্টৱা মানৱদাৰৰ শাসকসকলে পাকিস্তানত যোগদান কৰিছিল যদিও ভাৰতে ইয়াক নিজৰ লগত সংযুক্ত কৰি লয়।[14] কালাতৰ শাসকে ১৯৪৭ চনত স্বাধীনতা ঘোষণা কৰে, তাৰ পিছত ১৯৪৮ চনত ই পাকিস্তানত যোগদান কৰে)।[15][16][17]

অগ্ৰাধিকাৰ আৰু প্ৰতিপত্তি

সম্পাদনা কৰক

চালামী ৰাজ্য বা চেলুট ষ্টেট

সম্পাদনা কৰক

টোপ চালামী (gun salute) ব্যৱস্থাৰ ব্যৱহাৰ সেই সমূহ অঞ্চলৰ মুখ্য শাসকৰ অগ্ৰাধিকাৰ স্পষ্ট ৰূপত নিৰ্ধাৰিত কৰিবলৈ কৰা হৈছিল, য’ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সক্ৰিয় আছিল। ৰাজ্যৰ মুৰব্বী হিচাপে কিছুমান দেশীয় শাসকক ৩ৰ পৰা ২১ৰ ভিতৰত অযুগ্ম সংখ্যক বন্দুকৰ গুলি ফুটাই চালামী দিয়াৰ অধিকাৰ আছিল, অধিক সংখ্যক বন্দুকে অধিক প্ৰতিপত্তিৰ ইংগিত দিছিল। এই সকলো শাসকৰ ৰাজ্যক (প্ৰায় ১২০খন) চেলুট ষ্টেট বুলি জনা গৈছিল।

অ-চালামী ৰাজ্য বা নন-চেলুট ষ্টেট

সম্পাদনা কৰক

উপাধিৰ স্তৰ আৰু টোপ চালামী শ্ৰেণীৰ মাজত কোনো কঠোৰ সম্পৰ্ক নাছিল আৰু ই অগ্ৰাধিকাৰৰ প্ৰকৃত পৰিমাপো নাছিল। যিহেতু ৫০০ৰো অধিক দেশীয় ৰাজ্যৰ ভিতৰত মুঠ চালামী ৰাজ্য আছিল ১১৭খন, গতিকে বেছিভাগ শাসকে কোনো ধৰণৰ টোপ চালামীৰ অধিকাৰী নাছিল; কিন্তু এই সকলোবোৰ সৰু শাসকো নাছিল। উদাহৰণস্বৰূপে সৰগুজা ৰাজ্য কৰৌলী ৰাজ্যতকৈ আয়তন আৰু জনসংখ্যাৰ ফালৰ পৰা ডাঙৰ আছিল; কিন্তু কৰৌলীৰ মহাৰজা ১৭টা টোপ চালামীৰ অধিকাৰী আছিল, আনহাতে সৰগুজাৰ মহাৰাজা কোনো টোপ চালামীৰ অধিকাৰী নাছিল।[18][19][20]

আয়তনভিত্তিক এঘাৰখন বৃহৎ দেশীয় ৰাজ্য

সম্পাদনা কৰক
ক্ৰম নাম আয়তন (বৰ্গমাইল) বৰ্তমানৰ ৰাজ্য টোপ চালামী
জম্মু আৰু কাশ্মীৰ ৮৪,৪৭১ জম্মু আৰু কাশ্মীৰ ২১
হায়দৰাবাদ ৰাজ্য ৮২,৬৯৮ তেলংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক ২১
কালাত খানাত ৭৩,২৭৮ বালুচিস্তান (পাকিস্তান) ১৯
যোধপুৰ ৰাজ্য ৩৬,০৭১ ৰাজস্থান ১৭
মহীশূৰ ৰাজ্য ২৯,৪৫৮ কৰ্ণাটক ২১
গোৱালিয়ৰ ৰাজ্য ২৬,৩৯৭ মধ্য প্ৰদেশ ২১
বিকানেৰ ৰাজ্য ২৩,৩১৭ ৰাজস্থান ১৭
বহলপুৰ (দেশীয় ৰাজ্য) ১৭,৭২৬ পাঞ্জাব (পাকিস্তান) ১৭
জয়চালমেৰ ৰাজ্য ১৬,১০০ ৰাজস্থান ১৫
১০ জয়পুৰ ৰাজ্য ১৫,৬০১ ৰাজস্থান ১৭
১১ বস্তাৰ ৰাজ্য ১৩,০৬২ ছত্তীছগঢ় -


  1. Ramusack 2004, পৃষ্ঠা 85 Quote: "The British did not create the Indian princes. Before and during the European penetration of India, indigenous rulers achieved dominance through the military protection they provided to dependents and their skill in acquiring revenues to maintain their military and administrative organizations. Major Indian rulers exercised varying degrees and types of sovereign powers before they entered treaty relations with the British. What changed during the late eighteenth and early nineteenth centuries is that the British increasingly restricted the sovereignty of Indian rulers. The Company set boundaries; it extracted resources in the form of military personnel, subsidies or tribute payments, and the purchase of commercial goods at favorable prices, and limited opportunities for other alliances. From the 1810s onwards as the British expanded and consolidated their power, their centralized military despotism dramatically reduced the political options of Indian rulers." (p. 85)
  2. 2.0 2.1 Sisson, Richard; Wolpert, Stanley (2018). Congress and Indian Nationalism: The Pre-Independence Phase. University of California Press. পৃষ্ঠা. 381. ISBN 978-0-520-30163-4. https://books.google.com/books?id=47jADwAAQBAJ&pg=PA381। আহৰণ কৰা হৈছে: 2023-08-14. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Purushotham, S. (2021). From Raj to Republic: Sovereignty, Violence, and Democracy in India. South Asia in Motion. Stanford University Press. পৃষ্ঠা. 40. ISBN 978-1-5036-1455-0. https://books.google.com/books?id=4lQMEAAAQBAJ&pg=PT40। আহৰণ কৰা হৈছে: 2024-08-11. 
  4. Datar, Arvind P. (2013-11-18). "Who betrayed Sardar Patel?". The Hindu. http://www.thehindu.com/todays-paper/tp-opinion/who-betrayed-sardar-patel/article5366083.ece. 
  5. 5.0 5.1 Markovits, Claude (2004). A history of modern India, 1480–1950. Anthem Press. পৃষ্ঠা. 386–409. ISBN 9781843310044. https://books.google.com/books?id=uzOmy2y0Zh4C. 
  6. Bhargava, R. P. (1991), The Chamber of Princes, Northern Book Centre, pp. 312–323, ISBN 978-81-7211-005-5, https://books.google.com/books?id=BAQgNE1uSEgC&pg=PA313 
  7. Datar, Arvind P. (2013-11-18). "Who betrayed Sardar Patel?". The Hindu. http://www.thehindu.com/todays-paper/tp-opinion/who-betrayed-sardar-patel/article5366083.ece. 
  8. The India Office and Burma Office List: 1945. Harrison & Sons, Ltd.. 1945. পৃষ্ঠা. 33–37. 
  9. Zubrzycki, John (2024). Dethroned. Oxford University Press. পৃষ্ঠা. 41. ISBN 978-1-80526-053-0. https://books.google.com/books?id=aYHgEAAAQBAJ&q=dethroned+patel+alexander. "Princely States at the time of Indian independence owed their existence to the slow collapse of the Mughal Empire following the death of Aurangzeb in 1707. Centuries of foreign domination meant that many of the rulers who carved out their own states were outsiders. The Nizams of Hyderabad were of Turkoman stock. Bhopal was established by one of Aurangzeb's Afghan generals. Rampurs first ruler, Nawab Faizullah Khan, was a Pashtun. Tonk in present day Rajasthan was founded by Pindari freebooters. The seaboard state of Janjira was the creation of an Abysinnian pirate. Among the Hindu kingdoms, most of the rulers were Kshatriya. Only the Rajput states and a scattering of South Indian kingdoms could trace their lineage to the pre-Mughal period." 
  10. Phadnis, Urmila (1968). Towards the Integration of Indian States, 1919-1947. Thesis Phil. Banaras Hindu University. Asia Publishing House. পৃষ্ঠা. 90. ISBN 978-0-210-31180-6. https://books.google.com/books?id=mvYDAAAAMAAJ। আহৰণ কৰা হৈছে: 2023-08-14. 
  11. Singh, R. (2017). Gandhi and the Nobel Peace Prize. Taylor & Francis. পৃষ্ঠা. 4. ISBN 978-1-351-03612-2. https://books.google.com/books?id=SitEDwAAQBAJ। আহৰণ কৰা হৈছে: 2023-08-14. 
  12. Ravi Kumar Pillai of Kandamath in the Journal of the Royal Society for Asian Affairs, pages 316–319 https://dx.doi.org/10.1080/03068374.2016.1171621
  13. Bajwa, Kuldip Singh (2003). Jammu and Kashmir War, 1947–1948: Political and Military Perspectiv. প্ৰকাশক New Delhi: Hari-Anand Publications Limited. ISBN 9788124109236. https://books.google.com/books?id=7bREjE5yXNMC&q=dogra+1948+tribal+pakistan+invasion&pg=PA21. 
  14. Aparna Pande (16 March 2011). Explaining Pakistan's Foreign Policy: Escaping India. Taylor & Francis. পৃষ্ঠা. 31–. ISBN 978-1-136-81893-6. https://books.google.com/books?id=HPWrAgAAQBAJ&pg=PT31. 
  15. Jalal, Ayesha (2014), The Struggle for Pakistan: A Muslim Homeland and Global Politics, Harvard University Press, p. 72, ISBN 978-0-674-74499-8, https://books.google.com/books?id=87VnBAAAQBAJ : "Equally notorious was his high-handed treatment of the state of Kalat, whose ruler was made to accede to Pakistan on threat of punitive military action."
  16. Samad, Yunas (2014). "Understanding the insurgency in Balochistan". Commonwealth & Comparative Politics খণ্ড 52 (2): 293–320. doi:10.1080/14662043.2014.894280. : "When Mir Ahmed Yar Khan dithered over acceding the Baloch-Brauhi confederacy to Pakistan in 1947 the centre's response was to initiate processes that would coerce the state joining Pakistan. By recognising the feudatory states of Las Bela, Kharan and the district of Mekran as independent states, which promptly merged with Pakistan, the State of Kalat became land locked and reduced to a fraction of its size. Thus Ahmed Yar Khan was forced to sign the instrument of accession on 27 March 1948, which immediately led to the brother of the Khan, Prince Abdul Karim raising the banner of revolt in July 1948, starting the first of the Baloch insurgencies."
  17. Harrison, Selig S. (1981), In Afghanistan's Shadow: Baluch Nationalism and Soviet Temptations, Carnegie Endowment for International Peace, p. 24, ISBN 978-0-87003-029-1, https://books.google.com/books?id=LLnCAAAAIAAJ : "Pakistani leaders summarily rejected this declaration, touching off a nine-month diplomatic tug of war that came to a climax in the forcible annexation of Kalat.... it is clear that Baluch leaders, including the Khan, were bitterly opposed to what happened."
  18. Lethbridge, Sir Roper (1900) (en ভাষাত). The Golden Book of India. A Genealogical and Biographical Dictionary of the Ruling Princes, Chiefs, Nobles, and Other Personages, Titled Or Decorated, of the Indian Empire. With an Appendix for Ceylon. S. Low, Marston & Company. পৃষ্ঠা. 132. https://books.google.com/books?id=zykYAAAAYAAJ&q=karauli+gun+salute. 
  19. Office, Great Britain India (1902) (en ভাষাত). The India List and India Office List for .... Harrison and Sons. পৃষ্ঠা. 172. https://books.google.com/books?id=HGJPAAAAMAAJ&q=karauli+gun+salute. 
  20. Hooja, Rima (2006) (en ভাষাত). A History of Rajasthan. Rupa & Company. পৃষ্ঠা. 856. ISBN 978-81-291-0890-6. https://books.google.com/books?id=tosMAQAAMAAJ. 

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক
  • Bangash, Yaqoob Khan (2016). "A Princely Affair: The Accession and Integration of the Princely States of Pakistan, 1947–1955". Oxford University Press Pakistan. আই.এচ.বি.এন. 9780199407361
  • Bhagavan, Manu. "Princely States and the Hindu Imaginary: Exploring the Cartography of Hindu Nationalism in Colonial India" Journal of Asian Studies, (Aug 2008) 67#3 pp 881–915 in JSTOR
  • Bhagavan, Manu. Sovereign Spheres: Princes, Education and Empire in Colonial India (2003)
  • Copland, Ian (2002), Princes of India in the Endgame of Empire, 1917–1947, (Cambridge Studies in Indian History & Society). Cambridge and London: Cambridge University Press. Pp. 316, ISBN 978-0-521-89436-4 .
  • Ernst, W. and B. Pati, eds. India's Princely States: People, Princes, and Colonialism (2007)
  • Harrington, Jack (2010), Sir John Malcolm and the Creation of British India, Chs. 4 & 5., New York: Palgrave Macmillan., ISBN 978-0-230-10885-1 
  • Jeffrey, Robin. People, Princes and Paramount Power: Society and Politics in the Indian Princely States (1979) 396pp
  • Kooiman, Dick. Communalism and Indian Princely States: Travancore, Baroda & Hyderabad in the 1930s (2002), 249pp
  • Markovits, Claude (2004). "ch 21: "Princely India (1858–1950)". A history of modern India, 1480–1950. Anthem Press. পৃষ্ঠা. 386–409. ISBN 978-1-84331-152-2. https://books.google.com/books?id=uzOmy2y0Zh4C. 
  • Ramusack, Barbara (2004), The Indian Princes and their States, The New Cambridge History of India, Cambridge and London: Cambridge University Press. Pp. 324, ISBN 978-0-521-03989-5 
  • Pochhammer, Wilhelm von India's Road to Nationhood: A Political History of the Subcontinent (1973) ch 57 excerpt
  • Zutshi, Chitralekha (2009). "Re-visioning princely states in South Asian historiography: A review". Indian Economic & Social History Review খণ্ড 46 (3): 301–313. doi:10.1177/001946460904600302. 

গেজেটিয়াৰ

সম্পাদনা কৰক
  • Imperial Gazetteer of India vol. II (1908), The Indian Empire, Historical, Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press. Pp. xxxv, 1 map, 573.  online
  • Imperial Gazetteer of India vol. III (1907), The Indian Empire, Economic (Chapter X: Famine, pp. 475–502, Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press. Pp. xxxvi, 1 map, 520.  online
  • Imperial Gazetteer of India vol. IV (1907), The Indian Empire, Administrative, Published under the authority of His Majesty's Secretary of State for India in Council, Oxford at the Clarendon Press. Pp. xxx, 1 map, 552.  online

বাহ্যিক সংযোগ

সম্পাদনা কৰক