ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)

ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ) (ইংৰাজী: Indian National Congress (R)) হৈছে ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আতঁৰি গৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হোৱা এটা দল। ১৯৬৭ চনত যেতিয়া সন্মিলিত বিৰোধী দলসমূহে সংযুক্ত বিধায়ক দলৰ (Samyukt Vidhayak Dal) বেনাৰত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছিল, ইন্দিৰা গান্ধীয়ে তেতিয়া এই দল গঠন কৰিছিল। জৱাহৰলাল নেহৰুৰ দুহিতা ইন্দিৰা গান্ধী সেইসময়ত তেওঁৰ দলৰ সংখ্যাগৰিষ্ঠ নেতৃত্বৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। আৰম্ভণিতে এই দলটোক কংগ্ৰেছ (আৰ) হিচাপে জনা হৈছিল, আৰু পিছলৈ ই নৱ কংগ্ৰেছ (New Congress) হিচাপে জনাজাত হৈ পৰিছিল। ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল।[1]

যেতিয়া ইন্দিৰা গান্ধীয়ে দেশৰ ক্ষমতা নিজৰ হাতলৈ নিবলৈ সক্ষম হ'ল তেতিয়া তেওঁৰ নেতৃত্বৰ কংগ্ৰেছৰ অংশটোক ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকৃত ভাৰতীয় জাতীয় কংগ্ৰেছ হিচাপে স্বীকৃতি প্ৰদান কৰে। স্মৰ্তব্য যে, প্ৰকৃততে ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হোৱা গোটটো মূল দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ভাগি আতঁৰি যোৱা অংশহে আছিল।

লগতে চাওকসম্পাদনা কৰক

টোকাসম্পাদনা কৰক