ভাৰতীয় ষ্টেট বেংক

(ভাৰতীয় ষ্টেট বেঙ্কৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰমুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক। ভাৰতীয় বজাৰত সম্পত্তিৰ হিচাপত ইয়াৰ অংশ ২৩% আৰু ঋণ আৰু জমা টকাৰ বজাৰত এক চতুৰ্থাংশ।[5][6]

ভাৰতীয় ষ্টেট বেংক
ধৰণ ৰাজহুৱা
শ্বেয়াৰ বজাৰৰ চিহ্ন
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
দেশ/অঞ্চল বিশ্বজুৰি
নেতৃস্থানীয় ব্যক্তিত্ব ৰজনীশ কুমাৰ
পণ্য ৰিটেইল বেংকিং, কৰ্পৰেট বেংকিং, ইনভেষ্টমেণ্ট বেংকিং, বন্ধক ঋণ, প্ৰাইভেট বেংকিং, সম্পত্তি ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড,বিত্ত আৰু বীমা
ৰাজহ ₹২,৬৫,১০০ কোটি (২০১৮)[1]
কাৰ্যকৰ আয় ₹-১৫,৫২৮ কোটি (২০১৮)[1]
মুঠ আয় ₹-৬,৫৪৭ কোটি (২০১৮)[1]
মুঠ সম্পত্তি ₹৩৩,১২,৪৬১ কোটি (২০১৮)[1]
কৰ্মচাৰীৰ সংখ্যা ২৬৪,০৪১ (২০১৮)[1]
ৱেবছাইট sbi.co.in
তথ্য উৎস: [1][2][3][4]

এই বেংক ১৮০৬ চনত বেংক অফ কলিকতা হিচাপে স্থাপিত হৈছিল। ভাৰতীয় ষ্টেট বেংক ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি বিত্তীয় প্ৰতিষ্ঠান। পিছলৈ ব্ৰিটিছ ভাৰতৰ বেংক অফ মাদ্ৰাজ আৰু দুখন "প্ৰেচিডেন্সী বেংক" ইয়াৰ লগত বিলয় হোৱাৰ পিছত বেংক অফ বোম্বে আৰু বেংক অফ কলিকতাৰ মিলনৰ ফলত ১৯২১ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া গঠন হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫৫ চনত এই বেংক ভাৰতীয় ষ্টেট বেংক হৈ পৰে।[7]১৯৫৫ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত ইম্পেৰীয়েল বেংক অফ ইণ্ডিয়াৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়। ভাৰত চৰকাৰে ইয়াৰ ৬০% অংশ নিজৰ লগত ৰাখি ইয়াক ভাৰতীয় ষ্টেট বেংক নামকৰণ কৰে। ২০০৮ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অংশ খিনিও নিজৰ অধীনলৈ আনে।

শেহতীয়া বঁটা আৰু সন্মান

  • ২০১৬ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠানৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে।[8]
  • ২০১৩ চনৰ দা ব্ৰেণ্ড ট্ৰাষ্টৰ ৰিপোৰ্ট মতে ভাৰতীয় ষ্টেট বেংক ভাৰতৰ ৫০তম বিশ্বাসী ব্ৰেণ্ড[9]
  • ২০১৪ চনৰ দা ব্ৰেণ্ড ট্ৰাষ্টৰ ৰিপোৰ্ট মতে ভাৰতীয় ষ্টেট বেংক ভাৰতৰ ১৯তম বিশ্বাসী ব্ৰেণ্ড[10][11]

তথ্য উৎস

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Annual Report 2017-18 of State Bank of India". https://www.sbi.co.in/AR1718/assets/PDF/English/SBI-AR_2017-18.pdf. 
  2. "State Bank of India Consolidated Yearly Results, State Bank of India Financial Statement & Accounts". www.moneycontrol.com. http://www.moneycontrol.com/financials/sbi/results/consolidated-yearly/SBI। আহৰণ কৰা হৈছে: 26 June 2017. 
  3. "State Bank of India Yearly Results, State Bank of India Financial Statement & Accounts". www.moneycontrol.com. http://www.moneycontrol.com/financials/sbi/results/yearly/SBI। আহৰণ কৰা হৈছে: 26 June 2017. 
  4. "From Imperial Bank to State Bank". http://rbidocs.rbi.org.in/rdocs/content/PDFs/90028.pdf। আহৰণ কৰা হৈছে: 28 June 2017. 
  5. "Fortune Global 500 list". Archived from the original on 13 June 2018. https://web.archive.org/web/20180613160342/http://fortune.com/global500/state-bank-of-india/। আহৰণ কৰা হৈছে: 22 May 2018. 
  6. "Away from the public gaze, State Bank of India is preparing to unleash a revolution". https://economictimes.indiatimes.com/industry/banking/finance/banking/how-indian-financial-services-players-are-coming-to-terms-with-technological-changes/articleshow/64184172.cms। আহৰণ কৰা হৈছে: 22 May 2018. 
  7. Rajesh. Banking Theory Law N Practice. Tata McGraw-Hill Education. পৃষ্ঠা. 8. https://books.google.com/books?id=PHCQsprFST4C&pg=PA8&dq=allahabad+bank+established&hl=en&sa=X&ei=VD9YVKUQyKi5BKC8gfgB&ved=0CD0Q6AEwBw#v=onepage&q=allahabad%20bank%20established&f=false। আহৰণ কৰা হৈছে: 4 November 2014. 
  8. "Fortune 'Global 500' 2016:State Bank of India". CNN. Archived from the original on 25 September 2016. https://web.archive.org/web/20160925110128/http://beta.fortune.com/global500/state-bank-of-india-232। আহৰণ কৰা হৈছে: 10 October 2016. 
  9. "Brand Mahatma lags behind Sachin, Aamir: Study". India Today. 28 January 2011. http://indiatoday.intoday.in/story/mahatma-gandhi-lags-behind-sachin-aamir-in-brand-study/1/127918.html। আহৰণ কৰা হৈছে: 10 October 2013. 
  10. "The Economic Times". http://articles.economictimes.indiatimes.com/2012-01-23/news/30655455_1_brand-trust-report-trust-research-advisory-n-chandramouli. 
  11. "Brand Trust Report 2014". Archived from the original on 24 October 2014. https://web.archive.org/web/20141024150425/http://www.trustadvisory.info/mab-14/bfsi.html. 

বাহ্যিক সংযোগ