ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তিনিজনীয়া বাছনি সমিতিৰ পৰামৰ্শ মতে এজন নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু সকলোতকৈ জ্যেষ্ঠ নিৰ্বাচন আয়ুক্তক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। চি-ই-চিৰ কাৰ্যকাল সৰ্বাধিক ছয় বছৰ বা তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হোৱালৈকে হ’ব পাৰে। সাধাৰণতে মুখ্য নিৰ্বাচন আয়ুক্ত ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ।

ক্ষমতা আৰু কাৰ্য

সম্পাদনা কৰক

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতীয় নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা ৰাষ্ট্ৰীয়, ৰাজ্যিক বিধায়িনী দল, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাংবিধানিকভাৱে ক্ষমতা প্ৰদান কৰা সংস্থা। ভাৰতীয় নিৰ্বাচন আয়োগৰ এই ক্ষমতা ভাৰতৰ সংবিধানৰ ৩২৪ নং অনুচ্ছেদত লিখা আছে।[1] মুখ্য নিৰ্বাচন আয়ুক্ত সাধাৰণতে ভাৰতীয় অসামৰিক সেৱাৰ সদস্য আৰু বেছিভাগেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অহা। ভাৰতীয় নিৰ্বাচন আয়োগ এজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুজন নিৰ্বাচন আয়ুক্তৰে গঠিত। মুখ্য নিৰ্বাচন আয়ুক্তৰ অভাৰৰুলিং ক্ষমতা নাথাকে আৰু যিকোনো সিদ্ধান্ত তিনিওজনৰ মাজৰ সংখ্যাগৰিষ্ঠৰ মতামতৰ দ্বাৰা লোৱা হয়।[1]

নিযুক্তি আৰু কাৰ্যকাল

সম্পাদনা কৰক

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত(নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ত নিৰ্ধাৰিত মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি আৰু কাৰ্যকালৰ উল্লেখ আছে। আইনৰ ৭নং ধাৰা অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু লোকসভাৰ বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত হ’বলগীয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যৰে গঠিত বাছনি সমিতিৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এজন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে।[2] নিৰ্বাচন আয়োগৰ সকলোতকৈ জ্যেষ্ঠ সদস্যক ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে।[1] চিইচিৰ কাৰ্যকাল তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা সৰ্বাধিক ছবছৰ হ’ব পাৰে। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁৰ বয়স পয়ষষ্ঠি বছৰ হ'লে চিইচিয়ে কাৰ্যভাৰৰ পৰা অৱসৰ লয়।[1] লোকসভা আৰু ৰাজ্যসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা উপস্থিত থাকি একেটাৰ বাবে ভোটদান কৰিব লাগিব বুলি অভিযোগনামা প্ৰক্ৰিয়াৰ জৰিয়তে চিইচিক কাৰ্যালয়ৰ দ্বাৰা অপসাৰণ কৰিব পাৰি।[1]

১৯৯১ চনৰ নিৰ্বাচন আয়োগ (Condition Of Service Of Election Commissions And Transaction Of Business) আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ দৰমহা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহাৰ সৈতে একে। [3] চিইচিয়ে মাহিলী দৰমহা ৩৫০,০০০ টকা (৪,২০০ মাৰ্কিন ডলাৰ) আৰু অন্যান্য ভাট্টা লয়।[3][4]

মুখ্য নিৰ্বাচন আয়ুক্তৰ তালিকা

সম্পাদনা কৰক

তলত উল্লেখ কৰা ব্যক্তিসকল মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।[5]

সংখ্যা নাম প্ৰতিকৃতি কাৰ্যকাল
সুকুমাৰ সেন ২১ মাৰ্চ ১৯৫০ ১৯ ডিচেম্বৰ ১৯৫৮ ৮ বছৰ ২৭৩ দিন
কল্যাণ সুন্দৰম 20 December 1958 30 September 1967 8 years, 284 days
এছ. পি. সেন বাৰ্মা 1 October 1967 30 September 1972 4 years, 365 days
নগেন্দ্ৰ সিং 1 October 1972 6 February 1973 128 days
টি স্বামীনাথন 7 February 1973 17 June 1977 4 years, 10 days
এছ. এল. শ্বাকধৰ ১৮ জুন ১৯৭৭ ১৭ জুন ১৯৮২ 4 years, 364 days
আৰ. কে. ত্ৰিবেদী ১৮ জুন ১৯৮২ ৩১ ডিচেম্বৰ ১৯৮৫ 3 years, 196 days
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী ১ জানুৱাৰী ১৯৮৬ ২৫ নৱেম্বৰ ১৯৯০ 4 years, 328 days
ভি. এছ. ৰমাদেৱী   ২৬ নৱেম্বৰ ১৯৯০ ১১ ডিচেম্বৰ ১৯৯০ ১৬ দিন
১০ টি. এন. শেষন   ১২ ডিচেম্বৰ ১৯৯০ ১১ ডিচেম্বৰ ১৯৯৬ ৬ বছৰ
১১ এম. এছ. গীল   ১২ ডিচেম্বৰ ১৯৯৬ ১৩ জুন ২০০১ ৪ বছৰ ৬৯ দিন
12 J. M. Lyngdoh 14 June 2001 7 February 2004 2 years 269 days
13 T. S. Krishnamurthy   8 February 2004 15 May 2005 1 year 69 days
14 B. B. Tandon   16 May 2005 29 June 2006 269 days
15 N. Gopalaswami   30 June 2006 20 April 2009 2 years, 294 days
16 Navin Chawla   21 April 2009 29 July 2010 1 year 89 days
17 S. Y. Quraishi   30 July 2010 10 June 2012 1 year 316 days
18 V. S. Sampath   11 June 2012 15 January 2015 2 year 218 days
19 Harishankar Brahma   16 January 2015 18 April 2015 92 days
20 Nasim Zaidi   19 April 2015[6] 5 July 2017 2 years 77 days
21 Achal Kumar Jyoti   6 July 2017[7] 22 January 2018 200 days
22 Om Prakash Rawat   23 January 2018[8] 1 December 2018 312 days
23 Sunil Arora   2 December 2018[9][10] 12 April 2021 2 years, 131 days
24 Sushil Chandra   13 April 2021[11] 14 May 2022 1 year, 31 days
25 Rajiv Kumar   15 May 2022 Incumbent[12] 2 years, 166 days

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 "Election, FAQ". Government of India. https://www.ceoandaman.nic.in/election/gfaq.php। আহৰণ কৰা হৈছে: 1 December 2023. 
  2. "SC refuses to stay new law on appointment of CEC and ECs, issues notice to Centre". The Economic Times. 13 February 2024. https://economictimes.indiatimes.com/news/india/sc-refuses-to-stay-new-law-on-appointment-of-cec-ecs-by-panel-excluding-cji-issues-notice/articleshow/107659220.cms?from=mdr. 
  3. 3.0 3.1 "Election Commission (Condition Of Service Of Election Commissions And Transaction Of Business) Act, 1991". Vakil No. 1. http://vakilno1.com/bareacts/Laws/Election-Commission-Condition-Of-Service-Of-Election-Commissions-And-Transaction-Of-Business-Act-1991.htm। আহৰণ কৰা হৈছে: 17 September 2012. 
  4. "The High Court and Supreme Court Judges Salaries and Conditions of Service Amendment Bill 2008". PRS India. http://www.prsindia.org/uploads/media/1230018357/1230018357_The_High_Court_and_Supreme_Court_Judges__Salaries_and_Conditions_of_Service__Amendment_Bill__2008.pdf। আহৰণ কৰা হৈছে: 17 September 2012. 
  5. "Former Chief Election Commissioners". Election Commission of India. https://eci.gov.in/former-cec-ec/। আহৰণ কৰা হৈছে: 19 May 2022. 
  6. "Election Commission of India". ECI.nic.in. http://eci.nic.in/eci_main1/election_comission.aspx। আহৰণ কৰা হৈছে: 11 June 2017. 
  7. Borgohain, Sonalee, ed (3 July 2017). "India's new Chief Election Commissioner Achal Kumar Jyoti to take charge on 6 July". India Today. http://indiatoday.intoday.in/story/india-chief-election-commissioner-achal-kumar-jyoti-to-take-charge-on-july-6/1/992727.html। আহৰণ কৰা হৈছে: 2 September 2017. 
  8. "Om Prakash Rawat to succeed AK Joti as new Chief Election Commissioner". The Indian Express. 21 January 2018. http://indianexpress.com/article/india/om-prakash-rawat-to-succeed-ak-joti-as-new-chief-election-commissioner-5033745/। আহৰণ কৰা হৈছে: 21 January 2018. 
  9. "President Kovind appoints Sunil Arora as new Chief Election Commissioner". 2018-11-26. https://indianexpress.com/article/india/president-kovind-appoints-sunil-arora-as-new-chief-election-commissioner-5465892/। আহৰণ কৰা হৈছে: 2018-11-27. 
  10. "Sunil Arora takes over as Chief Election Commissioner, will oversee 2019 polls". 2018-12-02. https://www.hindustantimes.com/india-news/sunil-arora-takes-over-as-chief-election-commissioner-will-oversee-2019-polls/story-xFbXfa07Z5CIX2NNBQWByO.html. 
  11. Nath, Damini (12 April 2021). "Sushil Chandra appointed Chief Election Commissioner". The Hindu. https://www.thehindu.com/news/national/sushil-chandra-appointed-chief-election-commissioner/article34303884.ece. 
  12. "Rajiv Kumar takes charge as 25th Chief Election Commissioner, says EC won't shy away from tough calls" (en-IN ভাষাত). The Hindu. 15 May 2022. https://www.thehindu.com/news/national/rajiv-kumar-assumes-charge-as-chief-election-commissioner/article65416424.ece.