ভূপতি চন্দ্ৰ ডেকা (জন্ম ১ মাৰ্চ,১৯৩১-মৃত্যু ১৭ জানুৱাৰী,২০১৪) হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।[1]কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিত শিক্ষাক লৈয়ে ব্যস্ত আছিল।[1][2]

ভূপতি চন্দ্ৰ ডেকা
জন্ম ১ মাৰ্চ, ১৯৩১ চন
কমাৰকুছি, নলবাৰী, অসম
মৃত্যু ১৭ জানুৱাৰী, ২০১৪ চন
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
ক্ষেত্ৰ গণিত

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

নলবাৰী জিলাৰ কমাৰকুছি গাঁৱত এটা দুখীয়া পৰিয়ালত ভূপতি চন্দ্ৰ ডেকাৰ জন্ম হৈছিল ১৯৩১ চনৰ ১ মাৰ্চত।[1][2]তেখেতৰ পিতৃৰ নাম দুৰ্লভ চন্দ্ৰ ডেকা আৰু মাতৃৰ নাম মাহিন্দ্ৰীবালা ডেকা।[1]

তেখেতৰ সহধৰ্মিনীৰ নাম নমিতা ডেকা। তেওঁলোকৰ দুই সন্তানৰ নাম হৈছে পুত্ৰ সীমান্ত ডেকা আৰু কন্যা মৌচুমী ডেকা।[3]

শিক্ষা জীৱন সম্পাদনা কৰক

১৯৪১ চনৰ ডিচেম্বৰ মাহত[2] ভূপতি চন্দ্ৰ ডেকাই কমাৰকুছিৰ উত্তম চন্দ্ৰ বৰুৱা এম ভি স্কুলৰ পৰা প্ৰথম বিভাগত এম ভি পৰীক্ষাত উত্তীৰ্ণ হয়।[1]১৯৪৪ চনত বৰভাগ কালাগ হাইস্কুলত নামভৰ্তি কৰে।[2] গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৯৪৮ চনত বৰভাগ কালাগ হাইস্কুলৰ পৰা ষ্টাৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে।প্ৰথমে উজানবজাৰত মেছ কৰি থাকি পিছলৈ কলেজৰ ২ নং হোষ্টেলত থাকিবলৈ লয়।[2]১৯৫০ চনত তেওঁ প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়।[2][1]

ভূপতি চন্দ্ৰ ডেকাই পদাৰ্থবিদ্যা ভাল পাইছিল আৰু তাতেই অনাৰ্ছ লব বুলি ভাবিছিল। কিছুদিন ক্লাছো কৰিছিল।কিন্তু সেই সময়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণী গুৱাহাটী বিশ্ববিদ্যালয়ত খোলা নাছিল।গতিকে স্নাতকোত্তৰৰ বাবে কলিকতা বা অন্য ঠাইলৈ যাব লাগিব আৰু তাৰ বাবে ডেকাৰ আৰ্থিক অৱস্থা উন্নত নাছিল।তেতিয়া তেখেতৰ উচ্চ শিক্ষা বি এছ চিতেই যতি পৰিব বুলি শংকা কৰি তেওঁ গণিতত অনাৰ্ছ লয় যাতে এম এছ চি পঢ়াৰ বাট মুকলি হৈ থাকে।গণিতত অনাৰ্ছ লোৱাৰ আন এটা কাৰণ আছিল লাইব্ৰেৰীৰ সুবিধা।গণিতত অনাৰ্ছ লোৱা শিক্ষাৰ্থীৰ সংখ্যা কম বাবে পুথিভঁৰালৰ অংকৰ কিতাপ তেওঁ প্ৰায় অকলেই ব্যৱহাৰ কৰিব পাৰিছিল। কটন কলেজৰ পৰাই গণিতৰ অনাৰ্ছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি ভূপতি চন্দ্ৰ ডেকাই ১৯৫২ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[1]

ভূপতি চন্দ্ৰ ডেকাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ চেষ্টা কৰিছিল যদিও টকা-পইচাৰ অভাৱত গুৱাহাটীতে গণিত পঢ়াটোকেই থিৰাং কৰে।সেই সময়ত অংকৰ শাখাত তিনিজন শিক্ষক আছিল, ভি ভি থাৱানি, জ্যোতিপ্ৰসাদ মেধি আৰু শিবেন্দ্ৰনাৰায়ণ বৰুৱা। তেওঁলোকৰে থাৱানি আছিল মুৰব্বী অধ্যাপক আৰু পৰিসংখ্যা বিভাগো চাব লাগে।ভূপতি চন্দ্ৰ ডেকাই নামভৰ্তি কৰা বৰ্ষতে নামভৰ্তিৰ অলপ আগত জ্যোতিপ্ৰসাদ মেধি মানচেষ্টাৰ বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে আৰু শিৱেন্দ্ৰনাৰায়ণ বৰুৱাই কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে ৰাওনা হৈছিল। সেয়ে তেওঁলোক কেবাজনো বন্ধু লগ লাগি কিতাপ কিনি পঢ়িবলৈ লৈছিল।পুথিভঁৰালৰ পৰাও কিতাপ আনি পঢ়িছিল। পিছলৈ সূৰ্য্যনাৰায়ণ আৰু কে ৰাজেন্দ্ৰ সিঙ নামৰ দুজ নতুন শিক্ষকে যোগদান কৰাত তিনিও মিলি স্নাতকোত্তৰ শ্ৰেণীৰ বিষয়বস্তু শেষ কৰি দিয়ে।১৯৫৪ চনৰ শেষৰ ফালে ডেকাহঁত পৰীক্ষাত বহে আৰু বাৰজনৰ মাত্ৰ চাৰিজনেহে পৰীক্ষা সম্পূৰ্ণকৈ দিয়ে। এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ পৰীক্ষাত ভূপতি চন্দ্ৰ ডেকাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে ১৯৫৫ চনত।[1][2]

কৰ্ম জীৱন সম্পাদনা কৰক

স্নাতক ডিগ্ৰীৰ পৰীক্ষা দি উঠি ডেকাই কিছুদিন গংগা পুখুৰী হাইস্কুলত শিক্ষকতা কৰিছিল।[1][2] আকৌ এম এছ চি পৰীক্ষাৰ ফলাফল ঘোষণাৰ আগেয়ে নলবাৰী কলেজৰ অধ্যক্ষ ত্ৰৈলোক্যনাথ গোস্বামীৰ আহ্বান ক্ৰমে কিছুদিন নলবাৰী কলেজত শিক্ষকতা কৰিছিল।[1][2] পৰীক্ষাৰ ফল ঘোষণাৰ পিছত তেওঁ কটন কলেজত যোগদান কৰে।তাত ছয়মাহ চাকৰি কৰে।[2]তাৰ পিছত ১৯৫৬ চনৰ ২ জানুৱাৰীত মাত্ৰ তিনি মাহৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। তিনিমাহ পূৰ হোৱাৰ পিছত তেখেতে অসম চৰকাৰৰ উদ্যোগ বিভাগত পৰিসংখ্যাবিদৰ চাকৰি কৰে।[2] ছমাহ পিছত ছেপ্তেম্বৰৰ ২৬ তাৰিখে পুনৰ বিশ্ববিদ্যালয়ত যোগদান কৰে।[2]

তেখেতে অসম মাধ্যমিক শিক্ষা পৰিষদতো কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

উচ্চ শিক্ষা আৰু গৱেষণা সম্পাদনা কৰক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত লাভ কৰা অভিলেখ সৃষ্টিকাৰী গুণাংকই ভূপতি চন্দ্ৰ ডেকাৰ গাণিতিক জ্ঞানৰ গভীৰতাৰ পৰিচয় দিয়ে।[1] সকলো কথাকে খৰচি মাৰি তন্ন তন্নকৈ পঢ়া আছিল তেখেতৰ বৈশিষ্ট্য। তেখেতে নিজা খৰচত বিলাতলৈ গৈ ইম্পেৰিয়েল কলেজৰ পৰা এৰʼনেটিকেল ইঞ্জিনিয়াৰিঙত এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়।[1][2]ইয়াৰ বাবে তেওঁ চাকৰিত সোমোৱাৰ পৰাই পইচা গোটাইছিল আৰু পৈত্ৰিক স্থাৱৰ সম্পত্তি চৰকাৰক বন্ধক দি শিক্ষালোণ লৈছিল।[2]

গণিতজ্ঞ প্ৰভুলাল ভাটনাগৰৰ তত্ত্বাৱধানত ডেকাই ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল।[1]বিলাতৰ পৰা আহিয়েই ডেকাই বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সত যোগ দি ভাটনাগৰৰ লগতে পঢ়া-শুনা কৰিছিল।তাত ছয়মাহ থাকি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে।[2] গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত থাকিবলগীয়া হেতুকে ডেকাই ভাটনাগৰৰ তত্ত্বাৱধানত গুৱাহাটীৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2]তেখেতৰ গৱেষণা পত্ৰৰ বিষয়বস্তু আছিল Rotating fluid[2]

সাহিত্য চৰ্চা আৰু গ্ৰন্থ সম্পাদনা কৰক

অসমীয়া ভাষাত বিশ্বৰ গণিতৰ ইতিহাস সম্পৰ্কীয় প্ৰথমখন কিতাপ গণিতৰ কথাৰ লেখক হৈছে ভূপতি চন্দ্ৰ ডেকা। ১৯৬৮ চনত অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনত বিংশ শতিকাৰ আদি ভাগলৈকে গণিতশাস্ত্ৰৰ ক্ৰমোন্নতি সম্বন্ধে উল্লেখ আছে। বিজ্ঞান জেউতি, গণিত বিকাশ এই দুই আলোচনীত তেওঁ বহুতো জনপ্ৰিয় প্ৰবন্ধ লিখি থৈ গৈছে। তেনে কিছুমান প্ৰবন্ধ হৈছে আসন্ন মান, ভুল নে ভ্ৰম-ভ্ৰমৰংগ ইত্যাদি।[2][1]

স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ বাবে ভূপতি চন্দ্ৰ ডেকাই কেইবাখনো পুথি ইংৰাজী ভাষাত ৰচনা কৰিছিল। ইয়াৰে এখন বৰুৱা এজেন্সীৰ স্বত্বাধিকাৰ বদন চন্দ্ৰ বৰুৱাই প্ৰকাশ কৰিছিল আৰু বাকী কেইখন ডেকাই নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰিছিল। তেখেতে কিতাপৰ ব্যৱসায় কৰিব বিচৰা নাছিল। কমকৈ ছপাইছিল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল।[1]

আমোদজনক ঘটনা সম্পাদনা কৰক

প্ৰকাশিত আটাইকেইখন পুথিৰ টোপোলা এটা লৈ ডেকাই এদিন কটন কলেজৰ অধ্যক্ষক কলেজত লগ ধৰি পুথিৰ টোপোলাটো আগবঢ়াইছিল। অধ্যক্ষই টোপোলাটো গ্ৰহণ কৰি ক'লে- "ছাৰ বেয়া নাপাব,অৰিহণাখিনি আজি দিব নোৱাৰিম। আপুনি আহিব নালাগে। মই আপোনাৰ ঘৰত দি অহাৰ ব্যৱস্থা কৰিম। দিলীপে আপোনাৰ ঘৰত দি আহিবগৈ।" লগে লগে ডেকাই উত্তৰ দিলে- "হেঃ আপুনি কিয়?মইতো বেচিবলৈ অহা নাই। কটন কলেজৰ পুথিভঁৰালত কিতাপখিনি দিবলৈহে আহিছোঁ।"

বৰঙণি সম্পাদনা কৰক

ভূপতি চন্দ্ৰ ডেকা আছিল এজন প্ৰচাৰবিমুখ ব্যক্তি। জীৱনৰ কষ্টোপাৰ্জিত ধন তেওঁ বিভিন্ন স্থানত দান কৰিছিল। মাতৃৰ নামত নিজে পঢ়ি অহা স্কুল বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাহিন্দ্ৰীবালা আইকণবালা মেম'ৰিয়েল প্ৰাইজ ট্ৰাষ্ট ব'ৰ্ড গঠন কৰি দিয়ে।[1] দেউতাক দুৰ্লভ চন্দ্ৰ ডেকাৰ স্মৃতিৰ উদ্দেশ্যে অসম বিজ্ঞান সমিতিক তেওঁ দিয়া দানেৰে দুৰ্লভ চন্দ্ৰ ডেকা বঁটা প্ৰদান কৰা হয়।[1] তেখেতৰ ইচ্ছানুসৰি পৰিয়ালে তেওঁৰ মৃত্যুৰ পিছত গুৱাহাটী অন্ধ বিদ্যালয়ত তেওঁৰ ভগ্নীৰ নামত এটা দান দিয়ে। ইয়াৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক আইকণবালা বঁটা দিয়ে।[1] খুৰাক কল্যাণ ডেকাৰ নামত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত দিয়া এটা দানেৰে বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষাত গণিতৰ মেজৰত সৰ্ব্বোচ্চ গুণাংক লাভ কৰা পৰীক্ষাৰ্থীজনক বঁটা দিয়া হয়।[1]

ডেকাৰ সহধৰ্মিণী নমিতা ডেকাইও গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত এটা দান দিয়ে।এই দানেৰে প্ৰতিবছৰে ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতাৰ আয়োজন কৰা হয় আৰু স্নাতকোত্তৰ মহলাৰ গণিত বিভাগৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা শিক্ষাৰ্থীজনক দহ হাজাৰ টকীয়া এটা পুৰস্কাৰ দিয়া হয়।[1]

মৃত্যু সম্পাদনা কৰক

২০১৪ চনৰ ২৭ জানুৱাৰীত ভূপতি চন্দ্ৰ ডেকাৰ মৃত্যু হয়।[3][1]

অন্যান্য সম্পাদনা কৰক

ভূপতি চন্দ্ৰ ডেকাৰ বিষয়ে তেওঁৰ সহপাঠী বন্ধু ভূগোলবিজ্ঞানী মহম্মদ তাহেৰে লিখিছে- "মেদবহুলতাহীন, কৃশ আৰু সৰুফুটীয়া মানুহ আছিল ডেকাদেৱ। দেখাত বৰ ভব্য-গব্য যেন নেলাগিছিল আৰু সাজ-পাৰতো বৰ চৌখিন নাছিল তেওঁ। কিন্তু এই 'সাধাৰণ' যেন লগা মানুহজনৰ মাজত লুকাই আছিল এক অনিৰুদ্ধ ব্যক্তিত্ব, এজন মহান পণ্ডিত। ডেকাদেৱ দুৰ্ভগীয়া যে তেওঁ অসমৰ সমাজত জন্মিল। অসমৰ বাহিৰে অন্য কোনো ঠাইতে-ইউৰোপ, আমেৰিকাততো কথা নাই-জন্মাহেঁতেন তেওঁৰ খ্যাতি বহুতো অধিক মাত্ৰাত জিলিকি পৰিলহেঁতেন।"[1]

ভূপতি চন্দ্ৰ ডেকা অধ্যাপক হিচাপে নিৰ্জু, শান্ত প্ৰকৃতিৰ আছিল। আভ্যন্তৰীণ মূল্যায়নৰ বাবে কৰা টিউটৰিয়েল ক্লাছত সৰু সৰু আখৰেৰে ব্লেক-ব'ৰ্ডত দুটামান অংক লিখি দিয়ে আৰু ছাত্ৰ-ছাত্ৰীক কৰিবলৈ দি কাষে কাষে আহি চাই ফুৰে। লগতে কয়-"আপোনালোকে প্ৰশ্ন সুধিব। মই উত্তৰ দিবলৈ চেষ্টা কৰিম।" এদিন কেইজনমান ছাত্ৰই ক'লে-"ছাৰ, আমাক 'আপুনি' বুলিলে অস্বস্তি বোধ কৰোঁ, 'তুমি' বুলি মাতিব।" তেখেতে ক'লে-"হ'ব দিয়ক, আপোনালোকক 'তুমি' বোলা হ'ব।"[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 1.17 1.18 1.19 1.20 1.21 1.22 1.23 ড° দিলীপ শৰ্মা (২০১৮). গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 ড° দিলীপ শৰ্মা. গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. 
  3. 3.0 3.1 অৱনী কুমাৰ ভাগৱতী. গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. 

লগতে চাওক সম্পাদনা কৰক