ভূৱনেশ্বৰী আই
ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়া(ইংৰাজী: Bhuwaneshari Aai) কোচ সেনাপতি চিলাৰায় বা শুক্লধ্বজৰ পত্নী আৰু শংকৰদেৱৰ ভতিজী আছিল৷ তেওঁৰ মুখত শংকৰদেৱ বিৰচিত বৰগীত শুনিয়েই চিলাৰায়ে শংকৰদেৱৰ ভক্ত হৈ পৰিছিল আৰু শংকৰদেৱক কোচ ৰাজদৰবাৰত গুৰুৰ সন্মান দেখুৱাইছিল৷ আনুমানিক ১৬শ শতিকাত জন্ম হোৱা ভূৱনেশ্বৰীৰ পিতৃৰ নাম আছিল, ৰামৰায় বা জগতানন্দ৷ তেওঁ শংকৰদেৱৰ জ্ঞাতিভাই আছিল৷[1] সমসাময়িক কালৰ আন এগৰাকী ভূৱনেশ্বৰী আছিল বৈষ্ণৱ গুৰু হৰিদেৱৰ কন্যা৷ তেওঁ অসমৰ প্ৰথম মহিলা সত্ৰাধিকাৰ৷ পুত্ৰৰ মৃত্যুৰ পিছত হৰিদেৱে এইগৰাকী ভূৱনেশ্বৰীক “মানেৰী’’ সত্ৰৰ সত্ৰাধিকাৰ পাতে৷[1]
বিবাহ
সম্পাদনা কৰককোঁচ ৰজা নৰনাৰায়ণে শনিৰ দশা এৰুৱাবলৈ বৰনগৰ আৰু ডিঙা নগৰত অস্থায়ী শিবিৰ পাতি বহুদিন বাস কৰিছিল৷ তাতেই ৰামৰায়ৰ কন্যা কমলপ্ৰিয়াক দেখা পাই চিলাৰায় মোহিত হয় আৰু বিয়া কৰাবলৈ মন কৰে৷ প্ৰথমাৱস্থাত কায়স্থ কূলৰ ৰামৰায়ে অসবৰ্ণ বিবাহৰ অচিলা লৈ সন্মতি দিয়া নাছিল যদিও শংকৰদেৱৰ মধ্যস্থতাত আনুস্থানিকভাৱে বিয়া দিয়া হয়৷[2] ৰাজপৰিয়ালৰ মানুহ আগবাঢ়ি আহি ছোৱালী নিনিয়ে আৰু অসমীয়া সমাজৰ দস্তুৰমতে ছোৱালীঘৰেও আগবাঢ়ি গৈ বিয়া নহয়৷ এই মতানৈক্য আঁতৰাবলৈ শংকৰদেৱে সমিধান দিলে, দুয়োপক্ষ নিজ নিজ স্থানৰ পৰা আগুৱাব আৰু য’তে মিলিত হয়, তাতেই বিয়া হ’ব৷ এই সিদ্ধান্তমৰ্মে পাটবাউসীৰ পৰা কন্যপক্ষ আৰু বৰনগৰৰ পৰা দৰাপক্ষ আগুৱাই আহি সোণকোষ নৈৰ পাৰৰ এঠাইত মিলিত হ’ল আৰু তাতেই দুয়োৰে বিয়া হয়৷ নৈৰ পাৰৰ মুকলি ঠাইতে ছত্ৰাকৃতিৰ ৰভা দিয়া হৈছিল বাবে সেই ঠাইখন পিছলৈ “ছত্ৰশাল’’ বা “সত্ৰশাল’’ নামে জনাজাত হয়৷ কথিত আছে বিয়াৰ দিনা ৰাতি ভকতৰ মনোৰঞ্জনৰ বাবে শংকৰদেৱে কালীয় দমন নাটখনৰ অভিনয় কৰোৱাইছিল৷[3]
চিলাৰায়ৰ শৰণ
সম্পাদনা কৰকএবাৰ চিলাৰায়ে মৃগয়া কৰিবলৈ গৈ উভতি আহি কুঁৱৰীসকলে “তামুলী চ’ৰা’’ত ভূৱনেশ্বৰীক বেঢ়ি ধৰি গীত গাই থকা দেখি আৰু গীতৰ ভাষা-সুৰত মোহিত হৈ কাৰ গীত জানিব খোজাত চাৰেঙ্গী বজাই গীত গাই থকা ভূৱনেশ্বৰীয়ে সেয়া “বৰ আতা’’ই কৰা বুলি জনালে৷ পিছত শুবলৈ গৈয়ো পুনৰ গীতটি শুনি তাৰ অৰ্থ বুজি মোহিত হৈ ডিঙ্গা নগৰলৈ আহি শংকৰদেৱক বহু যত্নে নিজ হাউলিলৈ নিলে আৰু এদিন উপবাসে থাকি দহ টকা আৰু কাপোৰ এসাজ দি শৰণ ল’লে৷ তাৰপিছত তেওঁ গুৰুজনাক থাকিবলৈ ঘৰ সজাই নিজৰ হাউলীতে ৰাখিলে৷[4] [5][2]
ভূৱনেশ্বৰীয়ে গোৱা গীতটি ধনশ্ৰী ৰাগৰ আছিল৷
পামৰু মন ৰাম চৰণে চিত্ত দেহু৷
অথিৰ জীৱন ৰাম,
মাধৱ কেৰি নাম,
মৰণ সমল লেহু৷..... [4][5]
ইয়াৰ পিছতে কোচ ৰজাৰ পৃষ্ঠপোষকতা পাই শংকৰদেৱে বৃন্দাৱনী বস্ত্ৰ বৈ উলিয়াইছিল আৰু নানা শাস্ত্ৰ ৰচনা কৰিছিল৷
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৭৪. ISBN 978-81-7339-428-7.
- ↑ 2.0 2.1 কোঁৱৰ, দ্বীপেন্দ্ৰ নাৰায়ণ (২০১৬). কোচ-কমতাৰ ইতিকথা. অসম বুক ট্ৰাষ্ট. পৃষ্ঠা. ১১৬. ISBN 978-81-202-8828-7.
- ↑ দাস, জ্যোতিকামণি (২০২২). "মহাপুৰুষ শংকৰদেৱৰ ধৰ্মত নাৰীৰ ভূমিকা : ভক্তপ্ৰাণ পাঁচগৰাকী আইমাতৃ". কল্পতৰু.
- ↑ 4.0 4.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৯৩.
- ↑ 5.0 5.1 পাঠক, গোকুল (১৯৫৯(প্ৰথম প্ৰকাশ) ২০২০ (নৱম প্ৰকাশ)). বৰপেটা সত্ৰৰ ইতিহাস. ৰঞ্জিত কুমাৰ দাস. পৃষ্ঠা. ৮৭.