বৃন্দাবনী বস্ত্ৰ

(বৃন্দাৱনী বস্ত্ৰৰ পৰা পুনঃনিৰ্দেশিত)

বৃন্দাৱনী বস্ত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ।[1] বস্ত্ৰখনত বৃন্দাবনত থাকোঁতে কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।[1] প্ৰকৃত বৃন্দাৱনী বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত (the Guimet Museum) সংৰক্ষিত হৈ আছে। বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনীৰ কলা-কৌশলতাৰ নিদৰ্শন দিয়ে।[2]

বৃন্দাৱনী বস্ত্ৰ (re-creation)

ইতিহাসসম্পাদনা কৰক

১৬ শ শতিকাত অসমীয়া শিপিনীসকলে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তত্ত্বাৱধানত, পাটকাপোৰত ভাগৱত, মহাভাৰত আৰু বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালক আখ্যান বিলাক ফুল বাছি চিত্ৰিত কৰিছিল[3] এই বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল, তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান সময়ত এই বস্ত্ৰ লণ্ডনৰ ভিক্টৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিচৰ গুইমেট সংগ্ৰহালয়ৰ (the Guimet Museum) তত্ত্বাৱধানত আছে।[1] কোনো কোনোৰ মতে বৃন্দাৱনী বস্ত্ৰৰ টুকুৰা এটা ১৯০৪ চন মানত[2] লণ্ডনৰ টাইমচ কাকতৰ এজন সাংবাদিকে সংগ্ৰহ কৰি সংগ্ৰহালয়ক দান কৰে।[3] একেধৰণৰ বস্ত্ৰৰ টুকুৰা 'ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট'কে ধৰি কেইবাটাও সংগ্ৰহালয়ত আছে বুলি জনা যায়।[4]. ২০০৪ চনত, শংকৰদেৱে ১৬ শতিকাত আৰ্হি কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ 'অক্সন হাউচ অৱ খ্ৰীষ্টী'য়ে ১২০,০০০ ডলাৰ সংৰক্ষিত মূল্যত নীলাম কৰিছিল।[5] এনেধৰণৰ পাটৰ কাপোৰত বৈ উলিওৱা শিল্পকৰ্ম অসমৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ১৭১৫ চন মানলৈকে তৈয়াৰ কৰা হৈছিল[6]আৰু তিব্বত আদি দেশলৈ ৰপ্তানিও কৰা হৈছিল।[1]

বৰ্তমান ব্ৰিটি‍ছ মিউজিয়ামৰ মালিকীস্বত্বৰ অধীনত থকা এই বস্ত্ৰ ১৯০৪ চনত তিব্বতৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই বস্ত্ৰ চাৰে ন মিটাৰ দীঘল যদিও ইয়াক কেইবাটাও খণ্ডত বৈ উলিয়াই পিছত যোগ কৰা হৈছে, প্ৰত্যেক খণ্ডতে শ্ৰীকৃষ্ণৰ লীলা চিত্ৰিত হৈছে।[2] নানাৰঙী এই ছবিবিলাকৰ লগতে ইয়াত শংকৰদেৱ বিৰচিত এটি পদো তুলি থোৱা আছে।[2]

ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই বস্ত্ৰ ভাৰতলৈ আনিবলৈ চেষ্টা চলালেও সফল হব পৰা নাই।[1] ২০১৩ চনত অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামক এই বস্ত্ৰ প্ৰদৰ্শিত কৰিবলৈ অনুৰোধ কৰে যাতে কলামোদী, গৱেষক আৰু লণ্ডনত থকা অসমীয়া মূলৰ লোকসকলে এই মহান কাৰুশিল্পৰ দৰ্শন লাভ কৰিব পাৰে।[3]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Vrindavani Vastra ‘out of reach’ for govt". The Telegraph, Kolkotta. 23 March 2013. http://www.telegraphindia.com/1130323/jsp/northeast/story_16704689.jsp#.Un_VB3BHJgg। আহৰণ কৰা হৈছে: 10 November 2013. 
  2. 2.0 2.1 2.2 2.3 Bezboruah, D N (March 2013). "Lengths of precious fabric". The Assam Tribune (editorial). http://www.assamtribune.com/scripts/details.asp?id=nov1009/edit2। আহৰণ কৰা হৈছে: 10 November 2013. 
  3. 3.0 3.1 3.2 "Vrindavani Vastra: Gogoi to move British Museum". TheHindu. 10 November 2013. http://www.thehindu.com/todays-paper/tp-national/vrindavani-vastra-gogoi-to-move-british-museum/article5334146.ece। আহৰণ কৰা হৈছে: 10 November 2013. 
  4. ""Cloth of Vrindavan" (Vrindavani Vastra) depicting Scenes from the Life of Krishna". Philadelphia Museum of Art. http://www.philamuseum.org/collections/permanent/85842.html। আহৰণ কৰা হৈছে: 10 November 2013. 
  5. Hugh and Colleen Gantzer, Colleen Gantzer (28 August 2012). "The polymath guru of Assam". The Times of India. http://articles.timesofindia.indiatimes.com/2012-08-28/edit-page/33426189_1_religious-leaders-teachings-monasteries। আহৰণ কৰা হৈছে: 10 November 2013. 
  6. Mary Schoeser, Foreword by JulienMacdonald; Marcandalli, contrib. by Bruno (2007). Silk. প্ৰকাশক New Haven, Conn. [u.a.]: Yale Univ. Press. পৃষ্ঠা. 70. ISBN 9780300117417. http://books.google.co.in/books?id=LpVdUddNkGUC&pg=PA70&lpg=PA70&dq=vrindavani+vastra&source=bl&ots=oGDiM7m3rw&sig=dt94CyY_-8Z2Sac8410ovfK37Cc&hl=en&sa=X&ei=jQ6BUpieL4n9rAeq5ICICw&ved=0CDIQ6AEwAjgU#v=onepage&q=vrindavani%20vastra&f=false.