ভেকুলী
ভেকুলী (ইংৰাজী: Frog) হৈছে বিচিত্ৰতাৰে ভৰা এনোৰা (ইংৰাজী: Anura) (প্ৰাচীন গ্ৰীক an-, নথকা, + oura, নেজ) বৰ্গৰ অন্তৰ্গত কিছুমান জীৱ প্ৰজাতি। ইহঁতৰ দেহ চুটি আৰু নেজ নেথাকে। প্ৰাক ট্ৰায়েছিক যুগতে মাডাগাস্কাৰত ইহঁতৰ আটাইতকৈ পুৰণি জীৱাশ্ম "প্ৰট ফ্ৰগ (ইংৰাজী: proto-frog)"ৰ উদ্ভৱ হৈছিল, কিন্তু আনৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও ২৬৫ নিযুত বছৰ আগৰ পাৰ্মিয়ান যুগৰ বুলি কয়। ভেকুলীবোৰ tropicsৰ পৰা subarctic অঞ্চললৈকে বহুলভাৱে বিস্তৃত হৈ আছে। বৰ্ষাৰণ্যবোৰত ইহঁতৰ জনসংখ্যা সৰ্বাধিক। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।
ভেকুলী জীৱাশ্ম কাল: Early Jurassic - Present, ২০০–০ নিযুত বছৰ | |
---|---|
![]() | |
বিভিন্ন প্ৰকাৰৰ ভেকুলী | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Amphibia |
(অশ্ৰেণীকৃত): | Salientia |
বৰ্গ: | Anura Duméril, ১৮০৬ (Anoures হিচাপে) |
উপবৰ্গ | |
Archaeobatrachia | |
![]() | |
ভেকুলীৰ ভৌগোলিক বিস্তৃতি (সেউজীয়া) |

European fire-bellied toad (Bombina bombina)

Panamanian golden frog (Atelopus zeteki).