ভৱানন্দ ডেকা

অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ

ভৱানন্দ ডেকা (ইংৰাজী: Bhabananda Deka) (১৯২৯-২০০৬) এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪খন অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে।[1][2] তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি। ১৯৬৩ চনত তেখেতে এই গ্ৰন্থখন প্ৰকাশ কৰিছিল।[1]

ভৱানন্দ ডেকা

ভৱানন্দ ডেকা
প্ৰাথমিক তথ্য
জন্ম ১৯ আগষ্ট, ১৯২৯
গুৱাহাটী, অসম, ভাৰত
মৃত্যু ০৪ ডিচেম্বৰ, ২০০৬
পেচা অৰ্থনীতিবিদ, শিক্ষাবিদ, সাহিত্যিক
কাৰ্যকাল ১৯২৯–২০০৬

জীৱনী সম্পাদনা কৰক

জন্ম আৰু প্ৰাথমিক শিক্ষা সম্পাদনা কৰক

১৯২৯ চনৰ ১৯ আগষ্টত অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ ব্যাসকুচি সত্ৰত ভৱানন্দ ডেকাৰ জন্ম হয়।[3] তেখেতৰ দেউতাক আছিল বালিৰাম পাঠক আৰু মাক Sayatri Bala Pathak। বৰপেটা চৰকাৰী বিদ্যালয়ৰ পৰা তেখেত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটম মহাবিদ্যালয়ৰ পৰা তেখেতে ১৯৫৪ চনত অৰ্থনীতিৰ স্নাতক পৰীক্ষাত আৰু ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে নিজৰ ঠাইলৈ উভতি গৈ ভট্টদেৱ মিলন সমিতিৰ সম্পাদকৰূপে কাম কৰে আৰু ব্যাসকুচিত প্ৰথমটো পুথিভঁৰাল (ভট্টদেৱ পুথিভঁৰাল) স্থাপন কৰাত আগভাগ লয়।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৮ চনৰ ১ ছেপ্টেম্বৰত ভৱানন্দ ডেকাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকৰূপে যোগদান কৰে। ১৯৯২ চনত তেখেতে একেখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেত সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কাম কৰি থকা কালতে তেখেতে এবছৰৰ ছুটী লৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰে। তেখেতে অসমৰ আন চাৰিখন স্নাতক আৰু স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেও বিভিন্ন সময়ত কাম কৰিছিল।

১৯৬৮ চনত পৰীক্ষিত হাজৰিকা আৰু উপেন্দ্ৰ নাথ গোস্বামীৰ সতে মিলি তেখেতে দিল্লীত অসমীয়া সহিত্য সমাজ প্ৰতিষ্ঠা কৰে। দিল্লী বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগত অসমীয়া ভাষাৰ সুকীয়া বিভাগ খোলাতো তেখেতে আগভাগ লৈছিল।

শংকৰী আৰু লোক-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ডেকাই বৰপেটা জিলাত বেলবাৰী সত্ৰ স্থাপনত সহায় কৰিছিল। তেখেতে মহাপুৰুষ শংকৰদেৱ আৰু শংকৰী কৃষ্টি বিষয়ক শতাধিক প্ৰবন্ধ লিখি গৈছে। তেখেতে কীৰ্তন ঘোষা গ্ৰন্থখন অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰি উলিয়াইছিল।[4]

অসম সাহিত্য সভাৰ এজন সক্ৰিয় সদস্য ডেকাক ১৯৮২ চনত কামৰূপ সাহিত্য সভাৰ সভাপতি নিৰ্বাচন কৰা হৈছিল।

তেখেত "আমি" (১৯৪৮), "উদয়গিৰি", "ৰাষ্ট্ৰজ্যোতি", "গোবিন্দ" আদিৰ আলোচনীৰ সম্পাদক হিচাপেও কাম কৰিছিল।

মৃত্যু সম্পাদনা কৰক

২০০৬ চনৰ ৪ ডিচেম্বৰত তেখেতে বাৰ্ধক্যজনিত ৰোগত গুৱাহাটীৰ পূব শৰণীয়াৰ নিজা বাসগৃহত মৃত্যুবৰণ কৰে।[5][6][7][8][9][10][11][12]

তেখেতৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে প্ৰতিবছৰে 'ভৱানন্দ ডেকা সোঁৱৰণী বক্তৃতা' অনুষ্ঠিত কৰি আহিছে।[13]

সন্মান সম্পাদনা কৰক

ভৱানন্দ ডেকাই অসম চৰকাৰৰ দ্বাৰা ২০০৪ বৰ্ষত সাহিত্য পেঞ্চন আৰু সাহিত্যিক পুঁজি লাভ কৰিছিল। [14]

ভৱানন্দ ডেকাৰ গ্ৰন্থপঞ্জী সম্পাদনা কৰক

অসমীয়া গ্ৰন্থ সম্পাদনা কৰক

  • ৰঘূবংশ (১৯৭১)
  • পুণ্যভূমি অসম (ৰচনা সংকলন) (১৯৭৩)
  • ভাওৰথৰ বংশ আৰু বলিৰাম পাঠকৰ জীৱন কীৰ্তি (১৯৮৬)
  • অমৃত পুত্ৰ ধ্ৰুৱ (নাটক) (১৯৮৭)
  • শ্ৰী শ্ৰী দামোদৰদেৱ (জীৱনী) (১৯৮৯)
  • ভট্টদেৱ (জীৱনী) (১৯৮৯)
  • মণিমুগ্ধ (কবিতা) (১৯৯২)
  • প্ৰাচীন অসমীয়া ভক্তি সাহিত্য আৰু ধমপদ (১৯৯২)

ইংৰাজী ভাষাৰ পাঠ্যপুথি সম্পাদনা কৰক

  • Elements of Economics 1963 (Revised every year till 2008)
  • Elements of Political Science 1963 (Revised every year till 2008)
  • Elements of Political Science
  • Foundation Course (Degree)
  • Elements of Indian Economics 1963 (Revised every year till 2008)
  • Studies in Economics Theory
  • Economics
  • Element of Civics and Economics

ইংৰাজী ভাষাৰ অন্যন্য কিতাপ সম্পাদনা কৰক

  • Industrialisation of Assam (Research) (1961)
  • Assamese Language & Literature & Sahityarathi Lakshminath Bezbaroa (literary criticism) (1968)
  • Mother Teresa (biography) (1996)

অসমীয়া ভাষাৰ অনান্য কিতাপ সম্পাদনা কৰক

  • Raghuvamsa (story, adaption) (1971)
  • Punya Bhoomi Asom (essays) (1973)
  • Bhaorather Bamsa Aru Baliram Pathakar Jivan Kriti (biography) (1986)
  • Amrit Putra Dhruva (play) (1987)
  • Katha Guru Charitar Santa Mahanta (biography) (2004)
  • Hajong Janagosthi (Tribal study) (1994)
  • Mor Kobita (poetry) (2008)
  • 5 Century's Assam Economics (essays) (2014)
  • Srimanta Sankardev (2015)
  • Sri Sri Damodar Dev (biography) (1989)
  • Bhattadev (ভট্টদেৱ) (biography) (1989)
  • Manimugdha (poetry) (1992)
  • Prachin Asomiya Bhakti Sahitya Aru Dhammapada (literary criticism) (1992)
  • Awahon Ramdhenur Pate Pate Bhabananda Deka (essays) (2013)
  • Karbi xokol (tribal study) (2015)
  • Axomor Jatiyo Jibonot Xatra (research papers) (2003)

ভ্ৰমণ কাহিনী সম্পাদনা কৰক

  • Delhi Diary
  • Visits to the Mikir Hills
  • On the Bank of River Saulkhowa
  • On the Bank of Jhajhi River

ইংৰাজী ভাষাৰ প্ৰবন্ধ সম্পাদনা কৰক

  • Rural Economy of Assam (Khadi Gramodyog)(1963)(Bombay)(Government of India)
  • Bhakti Ratnakar of Sankardeva (Pragjyotishiya)(1978)
  • A Peep into the Economy of Guwahati (Paura Bichitra) (1978)
  • Economic Condition of the Citizen of Guwahati (Paura Bichitra) (1984)
  • Char Economic - Assam Information (1973)
  • Buddha
  • Need for a Change in Quality of Education (Pragjyotishiya)
  • Sankardeva (Assam Tribune) (1998)
  • Sankardeva as a Social Thinker (Press Information Bureau, Government of India)
  • Rangali Bihu - the Spring Festival of Assam (The Northeast Daily) (April 13, 2000)
  • Bargeet (Icon) (2003)
  • Buddhism and its Teaching (Icon) (2004)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 (৪ ডিচেম্বৰ ২০১৩). "অসমীয়া ভাষাত অসমৰ অৰ্থনীতিৰ প্ৰথম গ্ৰন্থৰ সোণালী জয়ন্তী". অগ্ৰদূত দৈনিক অগ্ৰদূত. সংগ্ৰহ কৰা হৈছে: ২০ ডিচেম্বৰ ২০১৩.
  2. Who's who of Indian Writers, 1999: A-M - Google Books Sahitya Akademi. 1999. Retrieved 2009-09-23.
  3. Bhabananda Deka Memorial Lecture Archived 2012-06-12 at the Wayback Machine The Sentinel
  4. "আৰ্কাইভ কপি". Archived from the original on 2012-03-14. https://web.archive.org/web/20120314020044/http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=55661&dtP=2011-01-05&ppr=1#55661। আহৰণ কৰা হৈছে: 2012-03-27. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170333/http://www.assamtribune.com/scripts/details.asp?id=dec1509/City11। আহৰণ কৰা হৈছে: 2012-02-16. 
  6. "Assamese Writer - Prof Bhabananda Deka". Indianpad.com. http://www.indianpad.com/celebrity/683056/assamese-writer-prof-bhabananda-deka/। আহৰণ কৰা হৈছে: 2009-09-23. 
  7. Assam Portal (2008-11-02). "A site on Laureate Bhabananda Deka | Assam Portal". Assam.org. http://www.assam.org/news/site-laureate-bhabananda-deka। আহৰণ কৰা হৈছে: 2009-09-23. 
  8. "India News". NewsCola. http://www.newscola.com/?search=bhabananda+deka। আহৰণ কৰা হৈছে: 2009-09-23. 
  9. "Ex-Principal of Pragjyotish College Dead". HighBeam Research, Article from The Hindustan Times. Archived from the original on 2012-10-25. https://web.archive.org/web/20121025094404/http://www.highbeam.com/doc/1P3-1173954541.html। আহৰণ কৰা হৈছে: 2009-09-23. 
  10. TI Trade (2007-08-19). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=aug1907\City। আহৰণ কৰা হৈছে: 2009-09-23. [সংযোগবিহীন উৎস]
  11. TI Trade (2007-12-11). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=dec1107\State18। আহৰণ কৰা হৈছে: 2009-09-23. [সংযোগবিহীন উৎস]
  12. Who's who of Indian Writers, 1999: A-M - Google Books. Sahitya Akademi. 1999. http://books.google.com/books?id=QA1V7sICaIwC&pg=PA305&lpg=PA305&dq=bhabananda+deka&source=bl&ots=iZp394WNEb&sig=bB-_FszVyyWFPRM-ars1PyZ92wI&hl=en&ei=RtnvSfe7DKbm6gOI5pnhAw&sa=X&oi=book_result&ct=result&resnum=10। আহৰণ কৰা হৈছে: 2009-09-23. 
  13. TI Trade (2010-12-21). "The Assam Tribune Online". Assamtribune.com. Archived from the original on 2012-03-18. https://web.archive.org/web/20120318020802/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2110/city06। আহৰণ কৰা হৈছে: 2011-01-05. 
  14. Literary Pension for the year 2004 Archived 2012-02-16 at the Wayback Machine Directorate of Higher Education, Government of Assam