ভৱেশ শইকীয়া (ইংৰাজী: Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷

ভৱেশ শইকীয়া
জন্ম ১৬ জানুৱাৰী, ১৯৩০
বোকাখাত
মৃত্যু বোকাখাত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ছেইণ্ট এন্টনী কলেজ

জন্ম আৰু পৰয়াল সম্পাদনা কৰক

১৯৩০ চনৰ ষোল্ল জানুৱাৰীত বোকাখাত চহৰৰ বিষ্ণুপুৰত ভৱেশ শইকীয়াৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম আছিল, খগেন্দ্ৰনাথ শইকীয়া আৰু মাকৰ নাম আছিল গুণৱতী শইকীয়া৷ ১৯৬৪ চনৰ ১২ মাৰ্চত তেওঁ বিয়া কৰায়, বোকাখাতৰ সমাজকৰ্মী চন্দ্ৰপ্ৰভাক৷ তেওঁলোকৰ চাৰিজন পুত্ৰ জন্ম হয়৷[1]

শিক্ষা সম্পাদনা কৰক

বোকাখাতৰ নামদৈফাং প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি ভৱেশ শইকীয়াই টেঙাখাত হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে আৰু যোৰহাট জে.বি. কলেজৰ পৰা আই.এ. পাছ কৰি শ্বিলঙলৈ পঢ়িবলৈ যায়৷ শ্বিলঙৰ ছেইণ্ট এণ্টনী কলেজৰ পৰা তেওঁ বি.এ. পাছ কৰে৷[1]

কৰ্মজীৱন সম্পাদনা কৰক

এণ্টনী কলেজত শিক্ষা গ্ৰহণ কৰি থকা সময়তে তেওঁ শ্বিলঙৰ “হেণ্ডলুম উইভিং অফিচ’ত কাৰ্যালয় সহকাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ ঘৰলৈ উভতি আহে আৰু ৰজাবাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে৷ পিছত, তাৰপৰা তেওঁ বোকাখাত উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু ১৯৯২ চনত সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷[1]

সাহিত্যকৰ্ম সম্পাদনা কৰক

স্কুলীয়া অৱস্থাৰ পৰাই সাহিত্য কৰ্মৰ সৈতে জড়িত থকা শইকীয়াই “ভ্ৰমৰ’’ নামৰ আলোচনীত প্ৰথম “কৃষক’’ নামেৰে এটি কবিতা লিখে৷ তাৰপিছত হাতেলিখা আলোচনী “উদয়’’, আৱাহন, ৰামধেনু, সাপ্তাহিক জনমভূমি, অসম বাণী আদি কাকত আলোচনীত কবিতাৰ উপৰি নানা বিষয়ৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল৷ “বহু মিশ্ৰিত সুৰ’’ তেওঁৰ প্ৰথম প্ৰকাশিত পুথি৷ তদুপৰি তেওঁ প্ৰায় ত্ৰিশখনৰো অধিক গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা কৰি প্ৰকাশ কৰে৷

সামাজিক কৰ্ম সম্পাদনা কৰক

ভৱেশ শইকীয়া বোকাখাত শাখা মইনা পাৰিজাতৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল৷[2] তেওঁ মইনা পাৰিজাতৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰি “আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন’’ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু স্থানীয় বহু সংগঠনৰ বিভিন্ন পদবীৰ দায়িত্ব লৈ সামাজিক কৰ্মত নিয়োজিত হৈ আছিল৷[1]

বঁটা সন্মান সম্পাদনা কৰক

তেওঁ সদৌ অসম মইনা পাৰিজাতৰ পৰা ২০২০ চনত “শিশুবন্ধু’’ উপাধি লাভ[3] কৰাৰ উপৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনো লাভ[4] কৰিছিল৷ মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা, গোলাঘাট জিলা সাহিত্য সভাৰ শিক্ষা সাহিত্য বঁটা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা “জনতাৰ প্ৰহৰী’’ উপাধি আদি নানা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা নানা সন্মান-সম্বৰ্ধনা লাভ কৰিছিল৷[1]

মৃত্যু সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "সংবাদ জগতৰ পিতামহ ভৱেশ শইকীয়াৰ মহাপ্ৰয়াণ". ৰাইজৰ খবৰ খণ্ড ১৯: ১. ১০ আগষ্ট ২০২৩. 
  2. গগৈ, সুৰেন্দ্ৰ নাথ (আগষ্ট ২০২৩). "চিন্তাবিদ, শিশুপ্ৰেমী “শিশুবন্ধু’’ বিয়োগত এক অপূৰণীয় ক্ষতি". ৰাইজৰ খবৰ. 
  3. "মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি.......". https://www.kazirangalive.in/2020/07/07/bokakhat-writer-felicitations/। আহৰণ কৰা হৈছে: 26 September 2023. 
  4. "বোকাখাতৰ ধনশিৰি ইক’ কেম্পত......". https://aiidesh.news/bhabesh-saikias-birthday-dhansiri-eco-camp-aiidesh-award-kiachi-journalist-award। আহৰণ কৰা হৈছে: 26 September 2023.