নলিনীবালা দেৱী

অসমীয়া কবি আৰু লেখিকা

নলিনীবালা দেৱী (ইংৰাজী: Nalinibala Devi; জন্ম: ২৩ মাৰ্চ, ১৮৯৮ – মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা।[1] অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্তা। অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।[2][3]

নলিনীবালা দেৱী
জন্ম ২৩ মাৰ্চ, ১৮৯৮
বৰপেটা, অসম
মৃত্যু ২৪ ডিচেম্বৰ, ১৯৭৭
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি সন্ধিয়াৰ সুৰ
অলকানন্দা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী বঁটা
দাম্পত্যসংগী জীৱেশ্বৰ চাংকাকতি

চমু জীৱনীসম্পাদনা কৰক

জন্ম

নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমবৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী।

শিক্ষা

সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষাৰ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল। সেয়ে তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল। গোপাল দে নামৰ ব্যক্তি এজনৰ তত্ত্বাৱধানত ঘৰতে শিক্ষা গ্ৰহণ কৰে। ঘৰতেই তেওঁ সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল।

বিবাহ

১৯০৯ চনত মাত্ৰ ১২বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল। কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধৱ্যক সাবটিৱ লগা হৈছিল। স্বামীৰ অকাল মৃত্যূৰ পাছত তেওঁ পিতৃগৃহলৈ ঘূৰি আহে।[1]

মৃত্যু

২৪ ডিচেম্বৰ, ১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।

সাহিত্য সম্ভাৰসম্পাদনা কৰক

 
গুৱাহাটীৰ পল্টনবজাৰৰ শ্বহীদ উদ্যানত পদ্মশ্ৰী নলিনী বালা দেৱীৰ আবক্ষ মূৰ্তি।

স্বামীৰ অকাল বিয়োগৰ পাছত পাঁচোটি সন্তানৰ সৈতে অশেষ কষ্টৰে পাছৰ দিনবোৰ পাৰ কৰিছিল, এই সময়ছোৱাত তেওঁ দুজনকৈ পুত্ৰকো অকালতে হেৰুৱাব লগা হয়।[1]স্বামী আৰু দুজনকৈ পুত্ৰৰ অকাল বিয়োগৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছিল। সেই সময়ত তেওঁ বেদ, উপনিষদ, গীতা, ভাগৱত অধ্যয়নত মনোনিবেশ কৰিছিল। শৈশৱতে অংকুৰিত সুপ্ত হৈ থকা কবি প্ৰতিভা এই সময়তে পুনৰ সাৰ পাই উঠে। বিয়াৰ পিছত শহুৰেকে তেওঁক এটা সোণৰ কলম উপহাৰ দিছিল। পিছৰ দিনবোৰত তেওঁ সেই কলমৰ মান ৰাখিবলৈ সক্ষম হয়। পিতৃৰ উপদেশ আৰু অনুপ্ৰেৰণাই তেওঁক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিছিল। স্বা কবিগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনতো পিতৃৰ সৈতে সক্ৰিয় ভূমিকা লৈছিল। ‘পিতা’ নামৰ কবিতাটিৰে মাত্ৰ দহ বছৰ বয়সতে কবি জীৱনৰ পাতনি মেলিছিল।[1]

প্ৰকাশিত কাব্যগ্ৰন্থ
  • সন্ধিয়াৰ সুৰ (১৯২৮)
  • সপোনৰ সুৰ (১৯৪৩)
  • স্মৃতিতীৰ্থ (১৯৪৮)
  • পৰশমণি (১৯৫৪)
  • যুগদেৱতা (১৯৫৭)
  • জাগৃতি (১৯৬০)
  • অলকানন্দা (১৯৬৭)
  • বিশ্বদীপ(১৯৭০) আৰু
  • অন্তিম সুৰ।
আত্মজীৱনী

প্ৰবন্ধ পুথি
  • শান্তিপথ।
জীৱনীমূলক গ্ৰন্থ
  • স্মৃতি তীৰ্থ (দেউতাকৰ জীৱনৰ আধাৰত ৰচিত),
  • চৰ্দাৰ বল্লভ ভাই পেটেল আৰু
  • বিশ্বদীপা।
অপ্ৰকাশিত গ্ৰন্থ
  • জোনাকীৰ স্বপ্ন সুৰভি
  • মন্দাকিনী
  • সন্ধিয়াৰ সপোন পৰশমেঘদূত ইত্যাদি।

স্বীকৃতি আৰু সন্মানসম্পাদনা কৰক

ইয়াৰ উপৰিও ১৯৮৬ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ নাম 'পদ্মশ্ৰী নলিনীবালা দেৱী" হিচাপে নামকৰণ কৰা হয়[8]

অন্যান্যসম্পাদনা কৰক

১৯৫৪ চনত তেওঁ অসম সাহিত্য সভাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হয়।[9] অসম সাহিত্য সভাৰ এই পদ লাভ কৰা তেখেত প্ৰথম গৰাকী মহিলা। ইয়াৰ উপৰি তেখেত অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিবেশনৰ সভানেত্ৰী আছিল। তেখেত সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "কাব্যভাৰতী নলীনিবালা দেৱী". http://assameseonline.com/Content.php?recordID=%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%20%E0%A6%A8%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BE%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80। আহৰণ কৰা হৈছে: April 17, 2012. 
  2. অসমীয়া কবি আৰু কবিতা, নন্দ তালুকদাৰ
  3. সঞ্চয়ন
  4. Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012. 
  5. Presidents of Asam Sahitya Sabha since 1917 Asam_Sahitya_Sabha website.
  6. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  7. "Padma Awards Directory (1954-2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf. 
  8. Padmashree Nalini Bala Devi Girls’ Hostel. Cotton College, Guwahati
  9. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

বাহ্যিক সংযোগসম্পাদনা কৰক