মণিকুন্তলা সেন (ইংৰাজী: Manikuntala Sen; প্ৰায় ১৯১১–১৯৮৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য।[1] তেওঁৰ বাংলা ভাষাত লিখিত ভাৰতৰ ইতিহাসৰ কিছুমান অতি অশান্ত সময়ত এগৰাকী মহিলা কৰ্মী হিচাপে তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা স্মৃতিগ্ৰন্থ সেইদিনৰ কথাৰ (ইংৰাজীত ভাষাত “ইন চাৰ্চ অৱ ফ্ৰিডম: এন আনফিনিছড জাৰ্নি” নামেৰে প্ৰকাশিত)[2] বাবে বিশেষভাবে জনাজাত।

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

বৰ্তমানৰ বাংলাদেশৰ বৰিশালত মণিকুন্তলা সেনৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালৰ বন্ধু বিশিষ্ট জাতীয়তাবাদী নেতা আৰু শিক্ষাবিদ অশ্বিনী কুমাৰ দত্তৰ আদৰ্শই তেওঁ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছিল। মণিকুন্তলা সেনে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ব্ৰজামোহন মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ব্ৰজামোহন মহাবিদ্যালয়ৰ অধ্যক্ষ জগদীশ চন্দ্ৰ মুখোপাধ্যায়েও তেওঁৰ জীৱন প্ৰভাৱিত কৰিছিল। ১৯২৩ চনত বৰিশালৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁ মহাত্মা গান্ধীক লগ পাইছিল, আৰু তেওঁ বেশ্যাৰ দল এটাক মুক্তিৰ দিশত কাম কৰিবলৈ উপদেশ দিয়া কাৰ্যই তেওঁক বিশেষভাৱে আপ্লুত কৰিছিল। পৰিয়ালটোৱে আমদানিকৃত কাপোৰ পিন্ধা বন্ধ কৰি ভাৰতীয়সকলৰ মালিকানাধীন আৰু পৰিচালিত আৰু জাতীয়তাবাদী আন্দোলনৰ আদৰ্শ “বঙাললক্ষ্মী মিলছ”ক পৃষ্ঠপোষকতা কৰিছিল।[3] বৰিশাল তেতিয়া বিপ্লৱী ৰাজনীতিৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াৰ উগ্ৰপন্থী অনুশীলন সমিতি অতি সক্ৰিয় আছিল। সেনে এখন ছোৱালী বিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু তাতে তেওঁ যুগান্তৰ দলৰ সদস্য শান্তিসুধা ঘোষক লগ পায়। প্ৰথম অৱস্থাত সেন তেওঁলোকৰ ধাৰণাবোৰৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছিল, আৰু যেতিয়া শান্তিসুধা ঘোষক আৰক্ষীৰ দ্বাৰা সোধা-পোছা আৰু হাৰাশাস্তি কৰা দেখিছিল তেতিয়া তেওঁ আৰু অধিক প্ৰভাৱিত হৈছিল। সেনে তাইৰ পৰিয়ালক বুজাই বঢ়াই পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ কলিকতালৈ যোৱাৰ সন্মতি লাভ কৰিলে আৰু তাই গোপনে কমিউনিষ্ট পাৰ্টিৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ মন মেলিলে।

শিক্ষা জীৱন

সম্পাদনা কৰক

সেই সময়ত বংগৰ হিন্দু সম্ভ্ৰান্ত সম্প্ৰদায়সমূহে নিজৰ সন্তানসকলক অধিক পঢ়া-শুনা কৰিবলৈ দূৰলৈ পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাছিল; সেনে কলিকতাত নিজৰ দৰে প্ৰথমবাৰৰ বাবে চহৰখনলৈ অহা যুৱতীৰ দল এটা লগ পাইছিল। ছাত্ৰীনিবাস এটাত থাকি তাই অতি সোনকালেই ডাঙৰ চহৰখনত প্ৰতি থকা প্ৰাৰম্ভিক ভয় আঁতৰি গ’ল। প্ৰতিষ্ঠিত পৰিয়ালবোৰৰ ৰক্ষণশীলতা আৰু সংকীৰ্ণ মনোভাৱে তাইক যথেষ্ট বিতৃষ্ণাত পেলাইছিল আৰু তাই আৰু তাইৰ বান্ধৱীসকলে পুৰুষৰ পৰাও প্ৰায়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল। বন্ধু বিমলপ্ৰতিভা দেৱীৰ জৰিয়তে মহিলা শক্তি সংঘৰ নেতা আৰু কেইবাগৰাকী বিশিষ্ট কংগ্ৰেছ মহিলাৰ সৈতেও তেওঁৰ চিনাকি হৈছিল; ফলত তেওঁৰ মনত নৱজাত নাৰীবাদে গঢ়ি তুলিছিল আৰু সমাজত নাৰীৰ অৱস্থানৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ সৌমেন্দ্ৰনাথ ঠাকুৰৰ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সৈতে যোগাযোগ স্থাপন কৰিছিল।

কৰ্মজীৱন

সম্পাদনা কৰক

মণিকুন্তলা সেনৰ পিতৃ-মাতৃয়ে প্ৰথমতে তেওঁক ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত হোৱাৰ পোষকতা কৰা নাছিল। কিন্তু ১৯৩৯ চনত কমিউনিষ্ট দলত যোগদান কৰাৰ কিছু সময়ৰ পিছতে সেনে মাকক লৈ বিশ্বনাথ মুখাৰ্জীয়ে ভাষণ দিয়া এখন সভালৈ লৈ যায়। তেওঁৰ আবেগিক ভাষণে মাকক প্ৰভাৱিত কৰে। সামান্য দলীয় কৰ্মীৰ দায়িত্ব লৈ সেনে ১৯৪২ চনৰ পৰা দেশৰ সৰু সৰু গাঁৱলৈ গৈ ৰাইজক সজাগ কৰিবলৈ আৰম্ভ কৰে। তেওঁ বৰ্ণনা কৰিছে যে কেনেকৈ পুৰুষসকলে তেওঁক কেৱল নাৰী হোৱাৰ বাবে কেনেকৈ এৰাই চলিছিল, আৰু তেওঁ এগৰাকী ‘নেত্ৰী’ তথা এজন পুৰুষৰ সমতুল্য হোৱাটো বিচৰা নাছিল। বহু ধৈৰ্য্য আৰু কৌশলৰ অন্তত তেওঁ এই সকলো বাধা অতিক্ৰম কৰিছিল।

১৯৪৩ চনত বংগত এক ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হয়। মেদিনীপুৰ জিলাৰ কিছু অংশ এক ঘূৰ্ণীবতাহেও বিধ্বস্ত কৰে। সেনে তাত সাহায্য প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছিল আৰু যুদ্ধৰ সময়ত মহিলাসকলক সহায় কৰিছিল। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে; তাৰ কেইমাহমানৰ পিছতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰা হয় আৰু ১৯৪৮ চনত মণিকুন্তলা সেনক কাৰাগাৰত ভৰোৱা হয়। ১৯৫১ চনলৈকে তেওঁ কাৰাগাৰত থাকে। তেওঁ যেতিয়া কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে তেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টি বিতৰ্কত জড়িত হৈ পৰে আৰু তেওঁৰ প্ৰিয় বৰিশাল পূব পাকিস্তানৰ অংশ হিচাপে পৰিগণিত হয়। পিছলৈ তেওঁ “উইমেনছ ইণ্টাৰনেচনেল ডেমক্ৰেটিক ফেডাৰেচন” আৰু সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ দৰে বিভিন্ন নাৰীবাদী সংগঠনৰ সৈতে জড়িত হৈ পৰে। এই সময়তে তেওঁ জলী কৌলক (Jolly Kaul) লগ পায়। পিছলৈ তেওঁলোক বিবাহ পাশত আবদ্ধ হয়। ১৯৫২ চনত তেওঁ কালিঘাট সমষ্টিৰ পৰা পশ্চিমবংগ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ বাবে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত বিভাজনৰ সূচনা হয়। সেনৰ স্বামীয়ে দলৰ পৰা পদত্যাগ কৰে। তেওঁ দলৰ ভিতৰতে থাকিল যদিও সক্ৰিয় অংশগ্ৰহণৰ পৰা বিৰত থাকে।

১৯৮৭ চনৰ ১১ ছেপ্তেম্বৰত কলিকতাত মণিকুন্তলা সেনৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Manikuntala Sen Infinite Women
  2. Sena, Maṇikuntalā (2001). In Search of Freedom: An Unfinished Journey. ISBN 81-85604-26-6. 
  3. Sengupta, Nitish K. (2011). Land of Two Rivers: A History of Bengal from the Mahabharata to Mujib. Penguin Books. পৃষ্ঠা. 212. ISBN 978-0143416784. https://books.google.com/books?id=kVSh_TyJ0YoC&q=Bangalakshmi+Mills+history&pg=PA212.