মণিকৰ্ণেশ্বৰ দেৱালয় (ইংৰাজী: Manikarneswar Devalaya) কামৰূপ জিলাউত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিশৈল পাহাৰৰ ওপৰত অৱস্থিত ঐতিহাসিক দেৱালয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল।[1] এই শিলৰ ভেটি দশম-একাদশ শতিকাৰ বুলি জনা যায়। মনিকৰ্ণেশ্বৰ দেৱালয়খনৰ মুল উৎসৱ হ'ল মহা শিৱৰাত্ৰি। বৰ্তমান এই দেৱালয়খন অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।[2][3]

মণিকৰ্ণেশ্বৰ দেৱালয়

মণিকৰ্ণেশ্বৰ দেৱালয়
মণিকৰ্ণেশ্বৰ দেৱালয় is located in Assam
মণিকৰ্ণেশ্বৰ দেৱালয়
অসমৰ মানচিত্ৰত মণিকৰ্ণেশ্বৰ দেৱালয়ৰ অৱস্থান
ভূ-স্থানাংক 26°12′26″N 91°44′53″E / 26.2071353°N 91.7480039°E / 26.2071353; 91.7480039
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা কামৰূপ জিলা
এলেকা ৰাজাদুৱাৰ, উত্তৰ গুৱাহাটী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি
স্থাপত্য শৈলী আহোম স্থাপত্যশৈলী
মন্দিৰৰ সংখ্যা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৬৭৭ শক
প্ৰতিস্থাপক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ

কিংবদন্তি

সম্পাদনা কৰক

উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ব্ৰহ্মপুত্ৰৰ পাৰত এখন সৰু পাহাৰৰ ওপৰত মণিকৰ্ণেশ্বৰ দেৱালয় অৱস্থিত। এই সৰু পাহাৰখনক মণিশৈল পৰ্বত বা মণিশৈল পাহাৰ বুলি কোৱা হয়। এই মণিশৈল পৰ্বতত ‘স্বয়ম্ভূ শিৱলিংগ বিদ্যমান'। পূৰ্বতে ইয়াৰ ঈষাণ কোণত মংগলা নদীৰ (বৰ্তমান বৰনদী) সংগম স্থল আছিল। লোকবিশ্বাস অনুসৰি মণিকৰ্ণেশ্বৰ দেৱালয়ৰ জাগ্ৰত শিৱলিংগ ৰজা নৰকাসুৰৰ দিনৰ। পূৰ্বতে দেৱালয় প্ৰাংগণত ‘মণিকৰ্ণ' নামৰ এটা পুখুৰীও আছিল। এই পুখুৰী বৰ্তমান ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। বুৰঞ্জীমতে মণিকৰ্ণেশ্বৰক চাহবুৰজ বোলা হৈছিল। জনশ্ৰুতি অনুসৰি কিৰাট ৰজা নৰকাসুৰে আৱদ্ধ কৰি ৰখা ষোল্লহাজাৰ ৰাণীক নানা মণি- মুকুতা আভৰণেৰে উত্তৰ গুৱাহাটীৰ পূবফালে ৰখা হৈছিল। তেতিয়াৰ পৰা এই ঠাইখনৰ নাম মণিকৰ্ণেশ্বৰ হ'ল। যোগিনীতন্ত্ৰ অনুসৰি মণিকৰ্ণিকা' নামৰ দ্বাবিংশতি ধনু পৰিমাণৰ এটা কুশু বা কুঁৰ আছিল। আন এক প্ৰবাদ মতে সতীৰ আত্মজাহৰ পিছত মহাদেৱে সতীৰ দেহ কান্ধত কঢ়িয়াই ফুৰিছিল। তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড কৰে। সতীৰ দেহ খণ্ডিত হোৱাৰ পিছত ভগৱান শিৱয়ে এই বৰনদী-ব্ৰহ্মপুত্ৰৰ সংগমস্থলী মণিশৈলত অৱস্থিত বেল গছ এজোপাৰ তলত আশ্ৰয় লৈছিল।[1]

আহোমৰ ৰাজত্বৰ আগলৈকে মণিকৰ্ণেশ্বৰ শিৱলিংগ হাবি-জংঘলেৰে পোত খাই আছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত এই শিৱ লিংগ উদ্ধাৰ কৰা হয়। ১৬৭৭ শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে দেৱালয়খন নিৰ্মাণ কৰিছিল। কিন্তু বৰভূঁইকঁপত মন্দিৰটো প্ৰায়খিনি ধ্বংস হৈ যায়। এই দেৱালয়খনৰ বিশেষত্ব হ'ল- ই ত্ৰিভুজৰ দৰে তিনিশিৰীয়া তৰাৰ দৰে ভেটি আৰু ওপৰৰ ফালে বাৰশিৰীয়াকৈ নিৰ্মাণ কৰা। ইয়াৰ উদ্ধাৰ হোৱা শিলাখণ্ডৰ পৰা এই মন্দিৰ আহোম যুগৰ নহয় বুলি অনুমান কৰিব পাৰি। মণিকৰ্ণেশ্বৰ দেৱালয়ৰ দক্ষিণ-পশ্চিমত থকা এখন শিলৰ ফলিত উল্লেখ থকা মতে, ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইত কবিচন্দ্ৰ-ভাৰতী বা অনন্ত কন্দলীৰ মণ্ডপ আছিল। ১৫৫১ চনত কোচ ৰজা নৰনাৰায়ণৰ ইয়ালৈ আগমনত পণ্ডিতসকলে ৰজাৰ সন্মানাৰ্থে উমানন্দমহাভাৰত পাঠ কৰি শুনাইছিল আৰু এই সভালৈ চন্দ্ৰভাৰতীও আহিছিল। বৰ্তমান দৌল গোবিন্দ মন্দিৰ অৱস্থিত পাহাৰখনক চন্দ্ৰভাৰতী পাহাৰ বুলি কোৱা হয়।

উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰত দেৱোত্তৰ ভূমিৰ ওপৰত সজোৱা মণিকৰ্ণেশ্বৰ মন্দিৰটো ব্ৰহ্মপুত্ৰৰ মুখামুখিকৈ আছে। মধ্যযুগৰ পিছৰ ফালে পুৰণি শিলৰ ভেটিৰ ধ্বংসাৱশেষৰ গাঁঠনিৰ ওপৰত ইটাৰে সজা। মূল গাঁঠনিৰ আকাৰ তৰাৰ আকৃতিৰ আৰু বিমানৰ দিশ বাৰটা। শিলৰ মন্দিৰৰ পুৰণি ধ্বংসাৱশেষৰ ভেটিৰ গাঁঠনিৰ ওপৰত মধ্যযুগৰ শেষৰ ফালে ইটাৰে সজাই মন্দিৰটো ভগৱান শিৱৰ নামত উছৰ্গা কৰা হয়। মন্দিৰটো বৰ্তমানৰ ধ্বংসপ্ৰাপ্ত হৈছে আৰু শিখৰটোৰ কোনো চিন-মোকাম নাই। পুৰণি কালৰ ভাস্কৰ্য্যসমূহ মন্দিৰৰ দেৱালৰ বাহিৰফালে আছে। ২০০৫ চনত নতুনকৈ সজোৱা মণ্ডপৰ তলৰ ভাগত মাটিৰ সমান্তৰালকৈ ভাস্কৰ্য্যসমূহ আছে আৰু উলম্ব দিশত লতা-পাতৰ দৃষ্টিনন্দন নক্সাসমূহ আছে। মন্দিৰৰ স্থাপত্য সহজ আৰু আহোম যুগৰ কোনো ভাস্কৰ্য্যৰ পৰা শূন্য।[2]

এই স্থানত উদ্ধাৰ হোৱা তিনিগৰাকী নৃত্যৰতা নাৰী আকৃতি, দুগৰাকী বিদ্যাধৰ (মালাধাৰী), এটা য়ালীৰ (পৌৰাণিক প্ৰাণী) প্ৰতিমূৰ্তি আৰু বাহিৰৰ বেৰত থকা এটা অচিনাক্ত দেৱতাৰ ভাস্কৰ্য্যৰ আদিয়ে মধ্যযুগৰ আৰম্ভণিৰ কলাত্মক বৈশিষ্ট্যসমূহক প্ৰতিনিধিত্ব কৰে। মন্দিৰৰ চৌহদত ঠিক প্ৰৱেশদ্বাৰতে আহোম যুগৰ পূৰ্বৰ উমা-মহেশ্বৰৰ প্ৰতিমূৰ্তি আছে। এই প্ৰতিমূৰ্তিত শিৱক পদুম ফুলৰ ওপৰত বামললিতাসনত বহি বাওঁ ভৰিখন ভাঁজ কৰি আৰু সোঁ ভৰিখন তললৈ ওলমি থকা অৱস্থাত চিত্ৰিত কৰা হৈছে। ইফালে দেৱীক ভগৱান শিৱৰ কোলাত বহি থকা চিত্ৰিত কৰা হৈছে। দেৱীৰ সোঁ ভৰিখন ভাঁজ কৰি বাওঁ ভৰিখন ওলমি থকা অৱস্থাত আছে। এই বিশেষ প্ৰতিমূৰ্তিটো মণিকৰ্ণেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ উত্তৰ দিশত থকা অসমৰ কামৰূপ জিলাৰ মদন কামদেৱ মন্দিৰৰ মুখ্য বিগ্ৰহৰ সৈতে ওতপ্ৰোত মিল আছে। দেৱালয়ৰ গৰ্ভগৃহত মাটিৰ তলৰ সৰু গুহা এটাত মূল শিৱলিংগটো আছে।[1][4]

যাতায়াত

সম্পাদনা কৰক

এই মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বাবে ইয়ালৈ যাবলৈ চৰকাৰী-বেচৰকাৰী বিভিন্ন নাওৰ ব্যৱস্থা আছে। ফাঁচিবজাৰ ফেৰীঘাটৰ পৰা জাহাজ বা যন্ত্ৰচালিত নাৱেৰে আহি ৰজাদুৱাৰ পাৰঘাটত নামিলেই দেৱালয়খন দেখিবলৈ পোৱা যায়। একেদৰে গুৱাহাটীৰ পৰা শৰাইঘাট দলং পাৰহৈ ৰাস্তাৰেও এই মন্দিৰলৈ যাব পাৰি[5] লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ২৫ কিঃমিঃ আৰু আমিনগাঁও ৰেল ষ্টেচনৰ পৰা ১০ কিঃমিঃ নিলগত অৱস্থিত।

  1. 1.0 1.1 1.2 "Guwahati Gyan: Manikarneswar Devalaya". guwahatiplus.com. https://www.guwahatiplus.com/buzz/guwahati-gyan-manikarneswar-devalaya। আহৰণ কৰা হৈছে: 27 June 2023. 
  2. 2.0 2.1 "Protected Archaeological Sites and Monuments". archaeology.assam.gov.in. https://archaeology.assam.gov.in/information-services/detail/list-of-protected-archaeological-sites-and-monuments। আহৰণ কৰা হৈছে: 27 June 2023. 
  3. "The Uniqueness of Manikarneswar Devalaya". assam.mygov.in. https://assam.mygov.in/en/talk/uniqueness-manikarneswar-devalaya/। আহৰণ কৰা হৈছে: 27 June 2023. 
  4. "Early medieval rock-cut sculptures on North Bank of Brahmaputra Remains to be explored". thenewsmill.com. https://thenewsmill.com/2023/03/early-medieval-rock-cut-sculptures-on-north-bank-of-brahmaputra-remains-to-be-explored/?amp। আহৰণ কৰা হৈছে: 27 June 2023. 
  5. বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা