অনন্ত কন্দলি

(অনন্ত কন্দলীৰ পৰা পুনঃনিৰ্দেশিত)

অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ[1][2] পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি অনন্ত কন্দলি নাম লাভ কৰে। পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়।[3] অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল।[3][4]

অনন্ত কন্দলি
জন্ম হৰিচৰণ
আনুমানিক ১৫২০ খ্ৰীষ্টাব্দ
হাজো,কামৰূপ, অসম
মৃত্যু আনুমানিক ১৬২০ খ্ৰীষ্টাব্দ
পেচা কবি, বৈয়াকৰণ
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি ৰামায়ণ, কুমাৰ হৰণ

আত্ম পৰিচয়

সম্পাদনা কৰক

কন্দলিয়ে দশমত তেওঁৰ আত্মপৰিচয় এনেদৰে লিখিছে:

ৰতন পাঠক নামে পণ্ডিত পৰম।
ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্ৰম॥
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি।
ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী॥
তৰ্কত লভিলা নাম অনন্ত কন্দলি।
ভাগৱতে আচাৰ্য পদবী ভৈলা আৰ্যজন॥
ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজনে।
তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে॥[3]

সাহিত্যকৃতি

সম্পাদনা কৰক

অনন্ত কন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল।[2] গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ মাধৱ কন্দলিৰ মূল পুথিখনৰ সহায়ত ৰামায়ণৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলিৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়।[2] তেওঁ ভাগৱতৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়।[2] অনন্ত কন্দলিৰ আন আন কাব্য হ'ল:[3]

  • কুমাৰ হৰণ
  • কাব্য ভাগৱত
  • ষষ্ঠ স্কন্ধৰ বৃত্ৰাসুৰ-বধ
  • মধ্য আৰু শেষ দশম
  • মহীৰাৱণ বধ
  • সীতাৰ পাতাল প্ৰৱেশ
  • হৰি-হৰ যুদ্ধ
  • সহস্ৰ নাম বৃত্তান্ত

ব্যাকৰণ শাস্ত্ৰত লাভ কৰা ব্যুৎপত্তিৰ বাবে তেওঁক শ্ৰীচন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয়। তৰ্ক আৰু ন্যায়ত থকা পণ্ডিত্যৰ বাবে অনন্ত কন্দলি বিভূষণ আৰু ভাগৱত-শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে ভাগৱতাচাৰ্য আৰু ভাগৱত-ভট্টাচাৰ্য সন্মান প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Ganga Ram Garg (1992). "Encyclopaedia of the Hindu World". Concept Publishing Company. পৃষ্ঠাসমূহ: 428-429. http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false। আহৰণ কৰা হৈছে: April 16, 2012. 
  2. 2.0 2.1 2.2 2.3 Satyendranath Sarma (1976). "Assamese literature". Otto Harrassowitz, Wiesbaden. পৃষ্ঠাসমূহ: 61. http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false। আহৰণ কৰা হৈছে: April 16, 2012. 
  3. 3.0 3.1 3.2 3.3 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬
  4. শিৱনাথ বৰ্মন (২০০৯). চন্দ্ৰপ্ৰভা শইকীয়ানী. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৩.