মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী।[1] তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি। একক কণ্ঠৰ গীতৰ এলবামসমূহ হ’ল- লহৰ, মনজৰী, আৱেগেৰে, ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী, চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) আদি। মহন্ত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। উল্লিখিত চলচ্চিত্ৰ আৰু এলবামসমূহৰ উপৰিও অসমৰ বহুতো জনপ্ৰীয় গীতত তেওঁ কণ্ঠ নিগৰাইছে। মহন্তই বৰ্তমানলৈকে দুখনকৈ গ্ৰন্থ সম্পাদনা কৰিছে।[1]

মনজ্যোৎস্না মহন্ত
প্ৰাথমিক তথ্য
জন্ম ফেব্ৰুৱাৰী ১৪, ১৯৬৭
মূল গুৱাহাটী, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ আধুনিক
পেচা কণ্ঠশিল্পী, সংগীত প্ৰযোজক, অধ্যাপক
বাদ্যযন্ত্ৰ কণ্ঠ
পিতৃ-মাতৃ কেশৱ মহন্ত
নিকুঞ্জলতা মহন্ত

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

মনজ্যোৎস্না মহন্তৰ জন্ম হৈছিল গুৱাহাটীৰ শান্তিপুৰত ১৯৬৭ চনৰ ১৪ ফেব্ৰুৱাৰীত। পিতৃৰ নাম কেশৱ মহন্ত আৰু মাতৃৰ নাম নিকুঞ্জলতা মহন্ত। তেখেতৰ পিতৃ অসমৰ এগৰাকী কবি-সাহিত্যিক, গীতিকাৰ আছিল৷ আনহাতে মাতৃ আছিল বৰগীতৰ গায়িকা৷[2] আনহাতে তেখেতৰ মোমায়েক আছিল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, বিহুসম্ৰাট হিচাপে খ্যাত সংগীতশিল্পী খগেন মহন্ত৷ প্ৰাৰম্ভিক সময়ছোৱাত মনজ্যোৎস্না মহন্তৰ খেলা-ধূলাত ৰাপ আছিল৷ খেলুৱৈ হ'ব বুলিয়েই তেওঁ আশা কৰিছিল৷ কিন্তু ঘৰখনৰ সাংগীতিক পৰিৱেশে তেওঁক ক্ৰমাৎ সংগীতৰ দিশে আকৰ্ষিত কৰিলে৷ [2]

তেখেতৰ শাস্ত্ৰীয় সংগীতৰ গুৰু আছিল গুণদা দাস কোঁৱৰ৷ শৈশৱৰ সংগীত শিক্ষাৰ কথা সুঁৱৰি তেখেতে এটা সাক্ষাৎকাৰত কৈছে-

মোৰ জন্ম গুৱাহাটীৰ শান্তিপুৰত হৈছিল৷ পাছলৈ যি মোৰ শাস্ত্ৰীয় সংগীতৰ গুৰু হৈছিল গুণদা দাস কোঁৱৰ বাইদেউ৷ তেওঁৰ হাততে মোৰ জন্ম হৈছিল৷

মনজ্যোৎস্না মহন্তই তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা তেখেতে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। অষ্টম শ্ৰেণীত তেখেতে সংগীতক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিছিল৷ সংগীতত তেখেতে লেটাৰ লাভ কৰিছিল৷[2] পৰৱৰ্তী সময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰপৰা ১৯৮৭ চনত অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা একেটা বিষয়তে ১৯৯০ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে "শ্ৰেষ্ঠ গায়িকা"ৰ সন্মান লাভ কৰিছিল৷ [2]

চাকৰি জীৱন

সম্পাদনা কৰক

তেখেত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।

  1. ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ১৯৯৬-১৯৯৮
  2. ‘সপোন’ চলচ্চিত্ৰৰ ‘এনেকৈয়ে ভাগেনে সপোন শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা।
  3. শ্ৰেষ্ঠ জনপ্ৰিয় গীত শিতানত ‘গপ-চপ মিউজিক এৱাৰ্ড’। ২০১৪
  4. সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ একেৰাহে তিনি বছৰৰ ‘শ্ৰেষ্ঠ সংগীত শিল্পী’, ১৯৮৫,১৯৮৬,১৯৮৭
  5. গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘শ্ৰেষ্ঠ সংগীত শিল্পী’, ১৯৮৯-১৯৯০
  1. তেখেত অল ইণ্ডিয়া ৰেডিঅ’ৰ ‘বি’ গ্ৰেড শিল্পী হিচাপে স্বীকৃত।
  2. ‘গপ-চপ মিউজিক এৱাৰ্ড’ৰ জুৰী মেম্বাৰ। (২০১৪ চনৰপৰা ২০১৭)
  3. ৰামধেনু টেলিভিশ্যন চেনেলৰ ঝংকাৰ-লিটল চেম্পচ্’ৰ জুৰী মেম্বাৰ। (২০১৪ৰপৰা ২০১৬)
  4. ৰেঙণি টেলিভিশ্যন চেনেলৰ ‘যুগলবন্দী’ অনুষ্ঠানৰ জুৰী মেম্বাৰ।

সাংস্কৃতিক জীৱন

সম্পাদনা কৰক

তেখেতে কণ্ঠ দিয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি তেখেতৰ একক কণ্ঠৰ গীতৰ এলবাম- লহৰ, মনজৰী, আৱেগেৰে,ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী. চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) ৷[1]

প্ৰকাশিত গ্ৰন্থ

সম্পাদনা কৰক
  1. কেশৱ মহন্তৰ গীত সমগ্ৰ (সম্পাদনা), ২০১৭
  2. প্ৰেম অমৃতৰ নদী, ২০১৬

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 "মনজ্যোৎস্না মহন্তৰ সৈতে অন্তৰংগ আলাপ". সাহিত্য ডট অৰ্গ. 15 July 2013. https://xahitya.org/monjyotshna_mahanta/। আহৰণ কৰা হৈছে: 30 মে' 2021. 
  2. 2.0 2.1 2.2 2.3 সাক্ষাৎ গ্ৰহণ-ভাস্বতী দেৱী (১৩ নৱেম্বৰ ২০২৪). "সুৰৰ মাজত সুৱদি সুৰ". সাক্ষাৎকাৰ. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ১১. https://dainikasam.assamtribune.com/login?redirectUrl=/full-page-pdf/epaper/pdf/2024/11/13/dainik-asam/6465&itemName=Dainik%20Asam। আহৰণ কৰা হৈছে: 13 November 2024.