মহাবীৰ (ইংৰাজী: Mahavira) বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়। প্ৰায় চাৰে বাৰ বছৰ তেওঁ পৰম জ্ঞানৰ সন্ধানত কঠোৰ তপ আৰু ব্ৰহ্মচাৰ্য পালন কৰে। তাৰ পিছত তেওঁ পৰম সত্যৰ সন্ধান পাই এজন ৰিপুঞ্জয় তথা জিন স্বৰূপে স্বীকৃতি পায়। তেওঁ প্ৰায় ৩০ বছৰ সাধনাৰ পৰা প্ৰাপ্ত জ্ঞান লোক সমাজত বিতৰণ কৰি খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত নশ্বৰ দেহ ত্যাগ কৰে। জৈন পৰম্পৰাৰ বাহিৰে কিছুমান পণ্ডিত যেনে কাৰ্ল পটাৰে বিশ্বাস কৰে যে মহাবীৰৰ জীৱনী সম্বন্ধীয় তথ্য সমূহ সম্পূৰ্ণ বিশ্বাসযোগ্য নহয় আৰু তেওঁ খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গৌতম বুদ্ধৰ সমসাময়িক আছিল।[1] মহাবীৰ ৭২ বছৰ বয়সত নশ্বৰ দেহ ত্যাগ কৰে আৰু তাৰপিছত তেওঁক সমাধিস্থ কৰা হয়।[2][3]

মহাবীৰ
জৈন ধৰ্মৰ ২৪তম তীৰ্থকৰ
Mahāvīra
ৰাজস্থানৰ শ্ৰী মহাবীৰজী মন্দিৰত মহাবীৰৰ মূৰ্তি
জন্ম খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা (ঐতিহাসিক)
খ্ৰীষ্টপূৰ্ব ৫৯৯ (পাৰম্পৰিক)
জন্ম ঠাই কুণ্ডগ্ৰাম, বৰ্তমান বৈশালী জিলা, বিহাৰ, ভাৰত
মৃত্যু খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা (ঐতিহাসিক)
খ্ৰীষ্টপূৰ্ব ৫২৭ (পাৰম্পৰিক)
মৃত্যু ঠাই পাৱাপুৰী, বৰ্তমান বিহাৰ, ভাৰত
পূৰ্বসুৰী পৰশঅনন্ত
পিতৃ সিদ্ধাৰ্থ
মাতৃ ত্ৰিশলা

পৰম সত্য বা কেৱল জ্ঞান লাভ কৰাৰ পিছত মহাবীৰে সত্য আৰু অহিংসাৰ বাণী বিলাইছিল। তেওঁ তেওঁৰ শিষ্যসকলক অহিংসা, সত্য, চুৰ নকৰা, ব্ৰহ্মচাৰ্য আৰু মায়া মোহৰ দ্বাৰা আবৃত নহৈ আত্মিক সংশোধন আৰু সঠিক জীৱন যাপনৰ শিক্ষা দিছিল। তেওঁ অনেক বেদান্ত অৰ্থাৎ বহুমুখী বাস্তৱৰ নীতি সমূহ উপস্থাপন কৰিছিল।[4] তেওঁৰ শিকনী সমূহ তেওঁৰ প্ৰিয় শিষ্য গৌতম স্বামীয়ে সংৰক্ষিত কৰে আৰু ইয়াকে জৈন আগম বোলে। প্ৰথমে ইয়াৰ বাণীসমূহ জৈন সন্ন্যাসীৰ মুখে মুখে প্ৰচলিত হৈছিল। পিছলৈ খ্ৰীষ্টীয় প্ৰথম শতিকাত ই লিপিবদ্ধ হয় যদিয় বহু বাণী সময়ৰ লগে লগে লোপ পাইছিল। বৰ্তমান উপলব্ধ জৈন আগম জৈন ধৰ্মৰ মূল কৃৰ্তিস্তম্ভ।

পাৰম্পৰিক জৈন ধৰ্মৰ মতে, মহাবীৰক দিগম্বৰ ৰূপত পূজা কৰা হয়। তেওঁৰ উচ্চতা ১০.৫ ফুট আছিল। তেওঁৰ হাত আঁঠুলৈ প্ৰসাৰিত আৰু বুকুত শ্ৰীবৎস থাকে। কৰ্ণ মণ্ডল ওলমি পৰা ধৰণৰ। সিংহ আৰু শাল গছ তেওঁৰ ধৰ্মীয় প্ৰতীক। সোণালী বৰ্ণৰ শৰীৰৰ মহাবীৰ সদায় তপস্যা ৰত অৱস্থাত কল্পনা কৰা হয়।

তেওঁৰ জন্মদিন গোটেই পৃথিৱীৰ জৈন ধৰ্মালম্বী সকলে মহাবীৰ জয়ন্তী হিচাপে পালন কৰে।

  1. Potter 2007, পৃষ্ঠা. 35–36.
  2. Dundas 2002, পৃষ্ঠা. 22, Quote: "Mahavira died aged seventy-two at the town of Pava in what is now the state of Bihar. His body was cremated, with the gods taking his bones to heavens and his ashes being distributed throughout the Ganges region"..
  3. Suresh K. Sharma; Usha Sharma (2004). Cultural and Religious Heritage of India: Jainism. Mittal Publications. পৃষ্ঠা. 39. ISBN 978-81-7099-957-7. https://books.google.com/books?id=VwsbJgJX84cC&pg=PA39. , Quote: "The body of Mahavira was cremated in Pava, and to this day the town of Pava, in the province of Bihar is the holy ground for his followers."
  4. Sharma & Khanna 2013, পৃষ্ঠা. 18.