মহাযান সূত্ৰসমূহ হৈছে এটি বহল বৌদ্ধ সূত্ৰৰ ধাৰা যি মহাযান বৌদ্ধ ধৰ্মত ধৰ্মানুশাসনগত আৰু বুদ্ধবচন বুলি মনা হয়। এই সূত্ৰসমূহ চীনা বৌদ্ধ ধৰ্মানুশাসন, তিব্বতী বৌদ্ধ ধৰ্মানুশাসন আৰু অনেক সংস্কৃত হস্তলিপিত সংৰক্ষিত। কেইবাশ মহাযান সূত্ৰ সংস্কৃত বা চীনা আৰু তিব্বতী ভাষাৰ অনূদিত সংস্কৰণত উপলব্ধ।[1] আগৰ উৎসসমূহত এই সূত্ৰসমূহক বৈপুল্য সূত্ৰও বোলা হয়।[2] বৌদ্ধ পণ্ডিত অসংগই মহাযান সূত্ৰসমূহক বোধিসত্বপিটকৰ অংশ আখ্যা দিছিল, যি বোধিসত্বসকলৰ উদ্দেশ্যে লিখা লেখৰ সংকলন।[3]

তিব্বতী ছবি: নাগাৰ্জুনে নাগসকলৰ পৰা মহাযান সূত্ৰ লাভ কৰিছে।

উৎস সম্পাদনা কৰক

আধুনিক গৱেষকসকলে সাধাৰণতে বিশ্বাস কৰে যে এই সূত্ৰসমূহ প্ৰথম লিখা হৈছিল খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা প্ৰথম শতিকা খ্ৰীষ্টাব্দত।[4][5] ভাৰতত বৌদ্ধ ধৰ্মৰ পতন হোৱালৈকে এই সূত্ৰসমূহৰ লেখন চলিয়েই আছিল। কোনো কোনো মহাযান সূত্ৰ ভাৰতৰ বাহিৰতো লিখা হৈছিল, যেনে মধ্য এছিয়া আৰু পূব এছিয়াত।[6]

মহাযান বৌদ্ধ ধৰ্মাৱলম্বী অনেক লোকে বিশ্বাস কৰে যে কেইবাখনো মহাযান সূত্ৰ স্বয়ং গৌতম বুদ্ধই নিজেই শিকাইছিল, যাক তেওঁৰ শিষ্যকলে, বিশেষকৈ আনন্দই মুখস্থ কৰি পাছলৈ আবৃত্তি কৰিছিল।[7] আন মহাযান সূত্ৰসমূহক পিচে গৌতম বুদ্ধই নহয়, আন লোকে শিকোৱা বুলি বিশ্বাস কৰা হয়, যেনে মঞ্জুশ্ৰী আৰু অৱলোকিতেশ্বৰে। মহাযান বৌদ্ধ ধৰ্মাৱলম্বী লোকে কেইবাটাও কাৰণ আগবঢ়ায় এই কথা বুজাবলৈ যে মহাযান সূত্ৰসমূহ গৌতম বুদ্ধৰ মৃত্যুৰ বহু সময় পাছতহে অস্তিত্বলৈ আহিল। তাৰেই এটি কাৰণ হ'ল, যে এই সূত্ৰসমূহক নাগসকলে নিজৰ ভূমিত লুকুৱাই ৰাখিছিল। সঠিক সময়তহে তেওঁলোকে এই সূত্ৰসমূহ ৰাজহুৱা কৰিলে।

বিবাদ সম্পাদনা কৰক

অনেক বৌদ্ধ পৰম্পৰাই মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান নকৰে। বিশেষকৈ তেওঁলোকে এই কথা নামানে যে এই সূত্ৰসমূহ "বুদ্ধৰ বাণী"।[8] আধুনিক যুগত, বিশেষকৈ, থেৰবাদত বিশ্বাসী লোকে বুদ্ধৰ বাণী বুলি মানি নলয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Skilton 1997, পৃষ্ঠা. 101.
  2. Drewes, David, Early Indian Mahayana Buddhism II: New Perspectives, Religion Compass 4/2 (2010): 66–74, doi:10.1111/j.1749-8171.2009.00193.x
  3. Boin-Webb, Sara (tr). Rahula, Walpola (tr). Asanga. Abhidharma Samuccaya: The Compendium of Higher Teaching. 2001. pp. 199–200
  4. Macmillan Encyclopedia of Buddhism (2004): p. 293
  5. Akira, Hirakawa (translated and edited by Paul Groner) (1993). A History of Indian Buddhism. Delhi: Motilal Banarsidass: p. 252
  6. Williams (2008), p. 85.
  7. McMahan 1998, পৃষ্ঠা. 249.
  8. Sree Padma. Barber, Anthony W. Buddhism in the Krishna River Valley of Andhra. 2008. p. 68.