মহিলা আত্মৰক্ষা সমিতি (ইংৰাজী: Mahila Atma Raksha Samiti, চমুকৈ MARS) আছিল ভাৰতৰ বংগত হোৱা নাৰীসমাজৰ এক আন্দোলন। [1] এই গণসংগঠনটো ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ লগত সংযুক্ত আছিল। [2]

প্ৰতিষ্ঠা

সম্পাদনা কৰক

১৯৪২ চনত এই সংগঠনটো স্থাপন কৰা হৈছিল। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। আনহাতে বংগৰ দুৰ্ভিক্ষৰ প্ৰাক্-মুহূৰ্ত।[1][3] দুৰ্ভিক্ষত পীড়িত হৈ দেশ ত্যাগ কৰা মহিলাৰে সেইসসময়ৰ কলিকতা ভৰি আছিল আৰু তেওঁলোক যৌন শোষণৰো বলি হৈছিল (তেওঁলোকক সামৰিক শিৱিৰ অথবা চহৰৰ বেশ্যালয়লৈ বলপূৰ্বকভাৱে প্ৰেৰণ কৰা হৈছিল। )[3][4] কলিকতাৰ বেশ্যালয়ত মহিলাৰ সংখ্যা দুগুণে বৃদ্ধি পাইছিল।[4] যৌন শোষণ আৰু আমেৰিকান সৈন্যৰ দ্বাৰা স্থানীয় মহিলাৰ অপহৰণৰ ঘটনাও ঠায়ে-ঠায়ে হ'বলৈ ধৰিছিল। এইধৰণৰ ঘটনাৰ সংখ্যা আৰু পৰিসৰ বৃদ্ধি হোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে এচাম কমিউনিষ্ট মহিলা সংগঠিত হৈ "মহিলা আত্মৰক্ষা সমিতি" গঠন কৰিছিল।[3]MARSৰ মূল উৎস হৈছে কংগ্ৰেছ মহিলা সংঘ, যাৰ প্ৰতিষ্ঠা হৈছিল ১৯৩৯ চনত কলিকতাত। সেই সংঘৰ উদ্দেশ্য আছিল বংগত খোপনি পোতা জাপানীসকলৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা। ১৯৪১ চনত এই গোটটোত কমিউনিষ্ট মহিলাসকলে যোগদান কৰে। তাৰে একাংশ কিছুদিনৰ আগতেহে কাৰাগাৰৰ পৰা মুক্ত হৈছিল।[4]

মহিলা আত্মৰক্ষা সমিতিৰ নেতৃত্বৰ গুৰি ধৰিছিল ৰাণী মিত্ৰ দাসগুপ্তা, মণিকুন্তলা সেন আৰু ৰেণু চক্ৰৱৰ্তীয়ে। কিন্তু সংগঠনটোত অ-কমিউনিষ্ট প্ৰসিদ্ধ নাৰী যৈনে-ৰাণী মহালনবিছ আৰু লীলা মজুমদাৰো চামিল হৈছিল।[3] মহালনবিছে সংগঠনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]

প্ৰাৰম্ভিক সংগ্ৰাম

সম্পাদনা কৰক

মহিলা আত্মৰক্ষা সমিতিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ মহিলাৰ আত্মসুৰক্ষাৰ লগতে ফেঁচিবাদৰ বিৰোধিতা কৰিছিল৷[1][4] সংগঠনটোৱে দুৰ্ভিক্ষ-পীড়িত সম্প্ৰদায়ৰ লোকসকলৰ মাজত সাহায্য শিবিৰ পাতিছিল৷[6] ১৯৪৩ চনৰ ১৭ মাৰ্চত তেওঁলোকে ৫,০০০ গৰাকী মহিলাক লৈ বংগ বিধানসভালৈ এটি সমদল উলিয়াইছিল আৰু খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ [1][4] কলকতাৰ সেই সমদলটোৰ পাছত দিনাজপুৰ, চিতাগঙ, মিদনাপুৰ, বদৰগঞ্জ, পাবনা আৰু বানকুৰাতো ভোক হৰতাল হৈছিল৷[4] ১৯৪৩ চনৰ এপ্ৰিল তেওঁলোকে প্ৰথমখন সন্মিলনিৰ আয়োজন কৰিছিল৷ ইয়াত সভাপতিত্ব কৰিছিল মোহিনী দেৱী আৰু ইলা ৰেইডে৷ ৰেইড আছিল সম্পাদক৷[4] বংগৰ কেইবাখনো জিলাত সংগঠনৰ শাখা গঠন কৰা হৈছিল আৰু সমগ্ৰ প্ৰদেশতে প্ৰতিবাদী কাৰ্যকলাপ সূচিত হৈছিল৷ ১৯৪৪ চন পৰ্যন্ত এই আন্দোলনত অংশগ্ৰহণকাৰীৰ সংখ্যা ৪৩,৫০০ গৰাকী হৈছিলগৈ৷[1] টেভাগা আন্দোলনত MARS-য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷[1] "Tebhaga andolan Jodi prodeep hoye taahole MARS holo sholte pakano" (If the Tebhaga movement were a lamp, then the Mahila Atmaraksha Samiti (MARS) represented the rolling of the wick).[7]

বিভাজনৰ পাছত

সম্পাদনা কৰক

১৯৪৭ চনত, এই সংগঠনত নামটো সলনি কৰি পশ্চিম বংগ মহিলা আত্মৰক্ষা সমিতি ('West Bengal Women's Self-Defense Association') কৰা হয়৷ [8] ১৯৪৯ চনৰ ২৭ এপ্ৰিলত ৰাজনৈতিক কাৰাবন্দীসকলৰ ভোক হৰতালৰ সমৰ্থনত কলিকতাত এটি সমদল উলিওৱা হয়৷ আৰক্ষীয়ে বৌবজাৰত এইসকল প্ৰতিবাদীক বাধা দিবলৈ গুলী চালনা কৰে৷ গুলী চালনাত ছগৰাকী ব্যক্তি নিহত হয়৷[9]

১৯৫৪ চনৰ এপ্ৰিল পৰ্যন্ত MARS-য়ে ১৮,০০০ সদস্যভুক্তিৰ দাবী কৰে৷ ইয়াৰে অধিকাংশ আছিল কৃষক বা মৰাপাটৰ কৰ্মী৷ [2] ইয়াৰ দুমাহৰ পিছত সংগঠনটোৱে ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনী গঠন কৰাত আগভাগ লৈছিল৷ [2][10]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Agarwal, Bina. Gender and Land Rights in South Asia. Cambridge, England: Cambridge University Press, 1994. p. 439
  2. 2.0 2.1 2.2 Overstreet, Gene D., and Marshall Windmiller. Communism in India. Berkeley: University of California Press, 1959. p. 402
  3. 3.0 3.1 3.2 3.3 Chakravartty, Gargi. P.C. Joshi: A Biography. New Delhi: National Book Trust, 2007. p. 28
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Johnson, Gordon, and Geraldine Hancock Forbes. The New Cambridge History of India. 4:2. Cambridge: Cambridge Univ. Press, 1996. p. 210
  5. Sarkar, Sumit, and Sabyasachi Bhattacharya. Towards Freedom: Documents on the Movement for Independence in India. 1946. New Delhi: Oxford University Press, 2007. p. 345
  6. Bandyopadhyay, Sekhar (2004). From Plassey to Partition: A History of Modern India. Orient Longman. পৃষ্ঠা. 395. ISBN 978-81-250-2596-2. https://books.google.com/books?id=0oVra0ulQ3QC&pg=PA395. 
  7. Panjabi, Kavita. 2017. Unclaimed Harvest: An Oral History of the Tebhaga Women's Movement. Zubaan Publishers Pvt. Ltd. (page number XLI)
  8. The Journal of Women's Studies, Vol. 2. Women's Studies Research Centre, Calcutta University, 1997. p. 156
  9. Desai, A. R. Expanding Governmental Lawlessness and Organized Crime: Violation of Democratic Rights of the Minorities, Women, Slum Dwellers, Press and Some Other Violations. Bombay: Popular Prakashan, 1991. p. 237
  10. Menon, Parvathi. Breaking Barriers: Stories of Twelve Women. New Delhi: LeftWord, 2005. p. 37