মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস

মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস (ইংৰাজী: Mysore Narasimhachar Srinivas, ১৯১৬–১৯৯৯)[1] বা চমুকৈ এম. এন. শ্ৰীনিবাস হৈছে এজন সমাজতত্ত্ববিদ।[2] তেওঁ ভাৰতীয় সমাজতত্ত্বক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ British School of Anthropology আৰু America Anthropology ৰ লগত সক্ৰিয় সহযোগ আছিল। ভৰতৰ নৱপ্ৰজন্ম বহুতো সমাজতত্ত্ববিদক শ্ৰীনিবাসে সমাজতাত্বিক শিক্ষাৰে শিক্ষিত কৰি গৈছে।

মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস
জন্ম ১৬ নৱেম্বৰ, ১৯১৬
মহীশূৰ, ভাৰত
মৃত্যু ৩০ নৱেম্বৰ, ১৯৯৯ (৮৩ বছৰ)
বাংগালোৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অক্সফ'ৰ্ড বিশ্ববিদ্যালয়,
মুম্বাই বিশ্ববিদ্যালয়
উল্লেখযোগ্য কৰ্ম The Remembered Village, Indian Society through Personal Writings, Village, Caste, Gender and Method: Essays in Indian Social Anthropology
প্ৰভাৱ Alfred Radcliffe-Brown
দাম্পত্যসঙ্গী ৰুক্মিণী শ্ৰীনিবাস
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (১৯৭৭)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

এম. এন. শ্ৰীনিবাসৰ জন্ম হৈছিল মহীশূৰৰ এটা বাহ্মণ পৰিয়ালত ১৯১৬ চনৰ ১৬ নৱেম্বৰত।[3] শ্ৰীনিবাসে মহীশূৰ বিশ্ববিদালয়ত অধ্যয়ন কৰিছিল আৰু পাছত বম্বে বিশ্ববিদ্যালয়ৰ পৰা জি.এচ ঘূৰীৰ তত্ত্বাৱধানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা পত্ৰ "Marriage and Family among the Coorgs"খন ১৯৪২ চনত গ্ৰন্থ আকাৰে প্ৰকাশ পায়। শ্ৰীনিবাসে ১৯৪৪ চনত ঘূৰীৰ তত্ত্বাৱধানতে ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা গ্ৰন্থখন দুটা ভাগত জমা দিয়ে আৰু ডক্টৰেট ডিগ্ৰী ৰাভ কৰে। ইয়াৰ পাছতে তেওঁ ১৯৪৫ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰলৈ অধ্যয়নৰ বাবে যায়। তাত প্ৰথমে তেওঁ Radcliffe Brown আৰু পাছত Evans Pritchard ৰ ওচৰত শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৪৮ চনত শ্ৰীনিবাসক অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় সমাজতত্ত্বৰ প্ৰৱক্তাৰূপে নিযুক্তি দিয়া হয় আৰু তেওঁ ৰামপুৰত ক্ষেত্ৰ অধ্যয়নৰ কাম আৰম্ভ কৰে। ১৯৫১ চনত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰে আৰু বৰোদাৰ মহাৰাজ চায়াজী ৰাও বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ আৰম্ভ কৰে। শ্ৰীনিবাসে ১৯৫৬ চনত Delhi School of Economics ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাত সমাজতত্ত্ব বিভাগ স্থাপন কৰে।[4] ইয়াৰ পাছত তেওঁ বাংগালোৰত "Institute of Social Change Development" স্থাপন কৰিবৰ বাবে ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাংগালোৰলৈ আহে।[4]

ৰচনাসমূহ সম্পাদনা কৰক

শ্ৰীনিবাসে প্ৰণয়ন উল্লেখনীয় গ্ৰন্থসমূহ হ'ল:

  • Studies in Sociology and Social Anthropology.
  • Marriage and Family in Mysore (1942).
  • Religion and Society among the Coorgs of South India(1952).
  • Caste in modern India and other Essays(1964).
  • Social Change in Modern India.
  • The Remembered Village(1976).Etc

মৃত্যু সম্পাদনা কৰক

ভাৰতীয় সমাজতত্ত্ববিদ এম. এন শ্ৰীনিবাসৰ ১৯৯৯ চনৰ ৩০ নৱেম্বৰত মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Barry Bearak, M. N. Srinivas Is Dead at 83; Studied India's Caste System, The New York Times, 3 December 1999.
  2. M.N. Srinivas: Obituary in the Hindu Frontline Archived 4 March 2009 at the Wayback Machine.
  3. 3.0 3.1 Joshi, P. C. (March 2000). "Remembering M. N. Srinivas (16.11.1916 — 30.11.1999)". Sociological Bulletin (Indian Sociological Society) খণ্ড 49 (1): 117–135. https://www.jstor.org/stable/23619893. 
  4. 4.0 4.1 Menon, Parvathi. "A scholar remembered". Frontline. The Hindu. http://www.frontlineonnet.com/fl1626/16261120.htm। আহৰণ কৰা হৈছে: 17 January 2013. 
  5. উচ্চতৰ মাধ্যমিক সমাজতত্ত্ব (সমাজতত্ত্ব পৰিচয় আৰু সমাজবোধ),উৎপল শইকীয়া,মৃদুল শইকীয়া, প্ৰদ্যুত হাজৰিকা প্ৰকাশ,সপ্তম সংস্কৰণ ২০১৬,পৃষ্ঠা-২৪২-২৪৩