৩০ নৱেম্বৰ
তাৰিখ
৩০ নৱেম্বৰ (ইংৰাজী: 30 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৪ তম (অধিবৰ্ষত ৩৩৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজীসম্পাদনা কৰক
- ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ অসমীয়া কথাছবিখনে মুক্তি পাইছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে।
- ১৯৬৮ চনত আজিৰ দিনটোতে মৃত্যু হয় যশস্বী সাহিত্যিক জ্ঞাননাথ বৰাৰ।
- ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হয় ১৮৫৮ চনৰ আজিৰ দিনটোতে।
- ১৬৬৭ চনৰ আজিৰ দিনটোতে ইংৰাজ ব্যংগ লেখক ছুইফটৰ জন্ম হয়।
- ব্ৰিটিছ প্ৰধান মন্ত্ৰী তথা ৰাজনীতিবিদ ছাৰ উইনষ্টন চাৰ্চিলৰ জন্ম হয় ১৮৭৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ সম্পূৰ্ণ নাম উইনষ্টন লিঅনাৰ্ড স্পেন্সাৰ চাৰ্চিল।
- আজি বাৰবাডোজৰ স্বাধীনতা দিৱস। ১৯৬৬ চনৰ আজিৰ দিনটোতে বাৰবাডোজে স্বাধীনতা লাভ কৰিছিল।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩০ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা