মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী
নৃত্যৰতা যুৱতী (ইংৰাজী: Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।
শিল্পী | অজ্ঞাত, প্ৰাকঐতিহাসিক |
---|---|
বছৰ | ২৫০০ খ্ৰী:পূ: |
প্ৰকাৰ | ব্ৰঞ্জ[1] |
আয়তন | ১০.৫ চে:মি[1] × ৫ চে:মি: (?? × ??) |
অৱস্থিতি | জাতীয় সংগ্ৰহালয়, নতুন দিল্লী |
বিৱৰণ
সম্পাদনা কৰকনৃত্যৰতা যুৱতীৰ মূৰ্ত্তিটো দীঘে ১০.৫ চে:মি[2] আৰু ই প্ৰায় ৪,৫০০ বছৰ পুৰণি। এই মূৰ্ত্তিটো ১৯২৬ চনত মহেঞ্জোদাৰোত পোৱা গৈছিল।[2] মূৰ্ত্তিৰ যুৱতীগৰাকী থিয় হৈ থকা অৱস্থাত আছে যদিও আনুমানিক বৃত্তিৰ ভিত্তিত ইয়াক নৃত্যৰতা যুৱতী আখ্যা দিয়া হয়।[3] মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা দুটা ব্ৰঞ্জৰ মূৰ্ত্তিৰ ই অন্যতম আৰু অন্যান্য কঠিন মূৰ্ত্তিসমূহৰ তুলনাত নমনীয়।[3] থিয় দি থকা নগ্ন অৱস্থাৰ যুৱতীগৰাকীৰ শৰীৰত কিছুসংখ্যক খাৰু আৰু এধাৰি মণি দেখা যায়।[3] তাইৰ বাওঁহাতত ২৪ ৰ পৰা ২৫ ডাল খাৰু থকাৰ বিপৰীতে সোঁহাতত ৪ দাল খাৰু আছে আৰু তাইক সোঁহাতেৰে উৰুত লাগি থকাকৈ কিছুমান সামগ্ৰী ধৰি থকা অৱস্থাত উপস্থাপন কৰা হৈছে। মূৰ্ত্তিটোৰ হাত দুখন অস্বাভাৱিকভাৱে দীঘল।[4]
২০০৪-০৫ চনত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে ভিৰানাত নৃত্যৰতা যুৱতীৰ সৈতে সাদৃশ্য থকা প্ৰতিকৃতি অংকিত মাটিৰ এটা ভঙা টুকুৰা উদ্ধাৰ কৰে।[5]
দ্বিতীয়টো মূৰ্ত্তি
সম্পাদনা কৰক১৯৩০-৩১ চনত আৰ্ণেষ্ট জে. এইচ. মেককেই মহেঞ্জোদাৰোত আন এক ব্ৰঞ্জৰ মূৰ্ত্তি উদ্ধাৰ কৰে। ইয়াৰ নিৰ্মাণশৈলী পূৰ্বৰ মূৰ্ত্তিটোতকৈ নিম্নখাপৰ।[6] বৰ্তমান ইয়াক কৰাছী সংগ্ৰহালয়ত থোৱা হৈছে।[7]
অভিজ্ঞসকলৰ মতামত
সম্পাদনা কৰক১৯৭৩ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ মৰ্টিমাৰ হুইলাৰে এই মূৰ্ত্তিটো তেওঁৰ প্ৰিয় বুলি মন্তব্য কৰে:
"মই ভাবো তাই ১৫ বছৰমান বয়সৰ, তাতোকৈ বেছি নহয়, কিন্তু তাই তাই হাতৰ ওপৰলৈকে কেৱল খাৰু পিন্ধি আন একো নিপিন্ধাকৈ থিয় দি আছে। এজনী ছোৱালী সম্পূৰ্ণৰূপে, সেই সময়ছোৱাৰ বাবে, নিজৰ আৰু পৃথিৱীৰ ওপৰত সম্পূৰ্ণৰূপে আত্মবিশ্বাসী। এই পৃথিৱীত, মই ভাবো, তাইৰ দৰে কোনো নাই।"
মহেঞ্জোদাৰোৰ আন এজন পুৰাতত্ত্ববিদজন মাৰ্শ্বেলৰ মতে এই মূৰ্ত্তিটো, “এজনী কমবয়সীয়া ছোৱালী, তাইৰ হাতখন তপিনাত আধা অমাৰ্জিত ভংগীত আছে, আৰু সংগীতৰ লহৰত ভৰি আৰু পতাকেইখন লৰাওতে ভৰিকেইখন আগলৈ দি আছে।”[8] পুৰাতত্ত্ববিদ গ্ৰেগৰী প’ছেলে কৈছে, “আমি নিশ্চিত নহয় যে তাই এজনী নাচনী, কিন্তু তাই যি কৰিছে সেই কামত তাই ভাল আৰু তাই এয়া জানে।” এই মূৰ্ত্তিটোৱে সিন্ধু সভ্যতাৰ দুটা দিশ উন্মোচন কৰে: প্ৰথমটো হ’ল, তেওঁলোকে ধাতু মিহলি কৰাকে ধৰি কিছুমান কৃত্ৰিম পদ্ধতিৰ বিষয়ে জানিছিল আৰু দ্বিতীয়তে, বিনোদন, বিশেষকৈ নৃত্য তেওঁলোকৰ সংস্কৃতিৰ অংগ আছিল।[2]
এই মূৰ্ত্তিটো বৰ্তমান নতুন দিল্লীৰ জাতীয় সংগ্ৰহালয়ত থোৱা হৈছে।[2]
জনপ্ৰিয় সংস্কৃতিসমূহত
সম্পাদনা কৰকমহেঞ্জোদাৰোত প্ৰাচীন সভ্যতাক প্ৰদৰ্শন কৰি নৃত্যৰতা যুৱতীগৰাকীৰ এক মানৱ আকাৰৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছে।[9] ইয়াৰোপৰি আধুনিক শিল্পীসকলে এই নৃত্যাংগনাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Dancing girl". National Museum, New Delhinationalmuseumindia.gov.in. http://nationalmuseumindia.gov.in/prodCollections.asp?pid=44&id=1&lk=dp1। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ 2.0 2.1 2.2 2.3 "Collections:Pre-History & Archaeology". National Museum, New Delhi. http://nationalmuseumindia.gov.in/prodCollections.asp?pid=44&id=1&lk=dp1। আহৰণ কৰা হৈছে: 3 February 2014.
- ↑ 3.0 3.1 3.2 McIntosh, Jane R. (2008). The Ancient Indus Valley : New Perspectives. প্ৰকাশক Santa Barbara, California: ABC-CLIO. পৃষ্ঠা. 281,407. ISBN 9781576079072. http://books.google.co.in/books?id=1AJO2A-CbccC&q=dancing+girl#v=snippet&q=dancing%20girl&f=false। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ Singh, Upinder (2008). A History of Ancient and Aarly Medieval India : from the Stone Age to the 12th century. প্ৰকাশক New Delhi: Pearson Education. পৃষ্ঠা. 162. ISBN 9788131711200. http://books.google.co.in/books?id=H3lUIIYxWkEC&pg=PA162&dq=dancing+girl+harappa&hl=en&sa=X&ei=3E9oVLnXNcmIuASOtoLwAQ&ved=0CBsQ6AEwAA#v=onepage&q=dancing%20girl%20harappa&f=false। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ Subramanian, T.S. (12 September 2007). "The ageless tale a potsherd from Bhirrana tells". The Hindu, Newspaper. http://www.thehindu.com/todays-paper/article1909703.ece। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ Possehl, Gregory L. (2002). The indus civilization : a contemporary perspective (2. print. সম্পাদনা). প্ৰকাশক Walnut Creek, CA: AltaMira Press. পৃষ্ঠা. 114. ISBN 9780759101722. http://books.google.co.in/books?id=pmAuAsi4ePIC&pg=PA112&dq=dancing+girl+harappa&hl=en&sa=X&ei=3E9oVLnXNcmIuASOtoLwAQ&ved=0CCEQ6AEwAQ#v=onepage&q=dancing%20girl%20harappa&f=false। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ "Bronze female figure, Mohenjodaro". Masterfilemasterfile.com. http://www.masterfile.com/stock-photography/image/841-02824318/Bronze-female-figure-Mohenjodaro-Karachi-Museum-Pakistan-Asia। আহৰণ কৰা হৈছে: 15 November 2014.
- ↑ Possehl, Gregory (2002). The Indus Civilization: A Contemporary Perspective. AltaMira Press. পৃষ্ঠা. 113. ISBN 978-0-7591-0172-2.
- ↑ Shah, Zulfikar (1 December 2013). "Saving the lost city". TNS the news on Sunday. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129044904/http://tns.thenews.com.pk/saving-the-lost-city/#.VGfADzSUep4। আহৰণ কৰা হৈছে: 15 November 2014.