মহেশ এলকুঞ্চৱাৰ (ইংৰাজী: Mahesh Elkunchwar; জন্ম: ৯ অক্টোবৰ ১৯৩৯) মাৰাঠী ভাষাৰ এগৰাকী ভাৰতীয় লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তাত্ত্বিক লিখনি, সমালোচনামূলক ৰচনাৰ উপৰিও প্ৰায় ২০খনতকৈও অধিক নাটক লিখিছে। বিজয় টেণ্ডুলকাৰৰ সৈতে তেওঁক কেৱল মাৰাঠী থিয়েটাৰতে নহয়, ভাৰতীয় থিয়েটাৰৰো আটাইতকৈ প্ৰভাৱশালী আৰু প্ৰগতিশীল নাট্যকাৰ হিচাপে কৃতিত্ব দিয়া হয়। ২০১৪ চনত, তেওঁক সংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰদান কৰা হয়, ই হৈছে ভাৰতৰ প্ৰদৰ্শন কলাৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ সন্মান।[1]

মহেশ এলকুঞ্চৱাৰ
জন্ম ৯ অক্টোবৰ, ১৯৩৯ (৮৫ বছৰ)
পাৰৱা, মহাৰাষ্ট্ৰ
পেচা নাট্যকাৰ
জনা যায় য়ুগান্ত
পাৰ্টি
হলি
চনাটা
ৱাদা চিৰেবন্দী
মুগনাহ তল্যকাথি

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ পাৰৱা গাঁৱৰ এটি তেলেগু ব্ৰাহ্মণ পৰিয়ালত মহেশ এলকুঞ্চৱাৰ জন্ম হৈছিল। ৪ বছৰ বয়সতে তেওঁ মাক-দেউতাক আৰু সৰুৰেপৰা ডাঙৰ হোৱা ঠাইখন এৰি অন্য এখন চহৰলৈ গুচি যাব লগাত পৰিছিল। শিশু অৱস্থাত তেওঁ অকলশৰে ডাঙৰ-দীঘল হৈছিল আৰু পঢ়া-শুনাৰ প্ৰতি মুঠেও আগ্ৰহী নাছিল। চিনেমা আৰু নাটক চোৱাটো তেওঁৰ পৰিয়ালত নিষিদ্ধ আছি; সেয়ে ম্ৰেটিক পৰীক্ষাৰ বাবে নাগপুৰলৈ যাওঁতেহে তেওঁ তাত জীৱনৰ প্ৰথম নাটকখন চাইছিল। ইয়াত তেওঁ মৰিছ কলেজত পঢ়িছিল, আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. কৰিছিল। কলেজত থাকোঁতে তেওঁ এখন চিনেমা চাবলৈ গৈ চিনেমাৰ টিকট নাপাই এখন নাটক চাইছিল। সেই নাটকখনে তেওঁৰ জীৱনৰ গতি সলনি কৰিছিল। নাটকখন আছিল বিজয় তেণ্ডুলকাৰৰ মী জিংকালো মী হাৰালো (আই ৱন, আই লষ্ট)। এয়া আছিল ১৯৬৫ চনৰ কথা। নাটকখনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ তেওঁ পিছদিনা পুনৰ নাটক চাবলৈ গৈছিল আৰু নিজে নাটক লিখিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ পৰৱৰ্তী বছৰটো সকলো ধৰণৰ নাটক পঢ়াৰ বাবে উৎসৰ্গিত কৰিছিল।[2][3]

কৰ্মজীৱন

সম্পাদনা কৰক

তেওঁ ধৰমপেথ আৰ্টছ, কমাৰ্চ কলেজ, নাগপুৰ আৰু নাগপুৰৰ এম পি দেও মেম ’ৰিয়েল চাইন্স কলেজত ইংৰাজী সাহিত্য বিভাগত অধ্যাপনা কৰিছিল আৰু তাৰপাৰই অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ২০০০-২০০১ চনত পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত চিত্ৰনাট্য-লিখনৰ অতিথি অধ্যাপক আছিল। তেওঁ কেইবাবছৰো নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাত ভিজিটিং প্ৰফেচাৰ হিচাপে অধ্যাপনা কৰিছিল।

বাস্তৱধৰ্মীৰ পৰা প্ৰতীকী; সৃষ্টিশীলতাৰপৰা আৰম্ভ কৰি জীৱনলৈ, বন্ধ্যাত্বৰ পৰা মৃত্যুলৈ আদি থীমৰ জৰিয়তে অভিব্যক্তিবাদৰপৰা এৱচাৰ্ড নাটকলৈ এলকুঞ্চৱাৰে বিভিন্ন ধৰণৰ নাটকীয় অভিব্যক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিছে। তেওঁ তিনি দশকৰো অধিক সময় ধৰি আধুনিক ভাৰতীয় থিয়েটাৰক প্ৰভাৱিত কৰি আহিছে।[1] ১৯৬৭ চনত প্ৰসিদ্ধ সাহিত্য আলোচনী সত্যকথাত তেওঁৰ একক নাটক চুলতানৰ প্ৰকাশৰ লগে লগে এলকুঞ্চৱাৰ ৰাষ্ট্ৰীয় থিয়েটাৰলৈ আগমণ হয়। প্ৰকাশৰ লগে লগে এই নাটকখন বিজয়া মেহতাই লক্ষ্য কৰিছিল; যি তেওঁৰ চাৰিখন প্ৰাৰম্ভিক নাটক পৰিচালনা কৰিছিল, যাৰ ভিতৰত আছিল ৰংগায়ণৰ বাবে ক্ৰমে ১৯৬৯ আৰু ১৯৭০ চনৰ হোলী আৰু চুলতান।[1] এলকুঞ্চৱাৰৰ বাণিজ্যিকভাৱে নাটকস্মূহ হ'ল; হোলী (১৯৬৯), ৰক্তপুষ্পা (১৯৭১), পাৰ্টি (১৯৭২), বিৰাসত (১৯৮২), আৰু আত্মকথা (১৯৮৭)।

বিজয় টেণ্ডুলকাৰৰ উত্তৰাধিকাৰী হিচাপে জনাজাত[3] এলকুঞ্চৱাৰে তেওঁৰ নাটকসমূহ মাৰাঠী ভাষাত লিখিছে, এই ভাৰতীয় ভাষাটো প্ৰায় ৯০ নিযুত ভাৰতীয়ৰ কথিত ভাষা। তেওঁৰ নাটকসমূহ পৰৱৰ্তী সময়ত একাধিক ভাৰতীয় আৰু পাশ্চাত্য ভাষালৈ (ইংৰাজী, ফৰাচী আৰু জাৰ্মানসহ) অনূদিত হৈছে।

১৯৮৪ চনত তেওঁৰ নাটক ‘হোলী’ক লৈ কেতন মেহতাই ‘হোলী’ চলচ্চিত্ৰ নিৰ্মাণ কৰে, এই চলচ্চিত্ৰৰ তেওঁ চিত্ৰনাট্য লিখিছিল। একে বছৰতে গোবিন্দ নিহালনীয়ে তেওঁৰ একে নামৰ নাটকৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ ‘পাৰ্টি’ পৰিচালনা কৰে। অপৰ্ণা সেন, শ্বাবানা আজমী আৰু লিলেট ডুবে অভিনীত এখন চলচ্চিত্ৰ ‘সোনাটা’ (২০১৭) এলকুঞ্চৱাৰৰ একে নামৰ নাটকৰ ওপৰত আধাৰিত আছিল।

প্ৰবন্ধকাৰ হিচাপে মহেশ এলকুঞ্চৱাৰৰ বিশেষভাৱে জনা নাযায়। কিন্তু তেওঁৰ প্ৰবন্ধসংগ্ৰহ মৌনৰাগে এই ধাৰাৰ লেখনশৈলীলৈ এক পৰিৱৰ্তন আনিছিল আৰু ২০১২ চনত দশকটোৰ কিতাপ হিচাপে বিবেচিত হৈছিল। আত্মজীৱনীমূলক আৰু ধ্যানৰ এক অস্বাভাৱিক মিশ্ৰণেৰে, তেওঁৰ প্ৰবন্ধই তেওঁৰ পাণ্ডিত্য আৰু কল্পনা প্ৰৱণতাক প্ৰকাশিত কৰে।

বঁটা আৰু সন্মান

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক