৯ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
৯ অক্টোবৰ (ইংৰাজী: 9 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮২তম (অধিবৰ্ষত ২৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৩টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
সম্পাদনা কৰক- ১৪৪৬ - হেংগুল বৰ্ণমালা কোৰিয়াত প্ৰথম প্ৰকাশিত হয়।
- ১৬০৪ - হাতীপটিৰ ভিতৰত পৰ্যবেক্ষণ কৰা আটাইতকৈ শেহতীয়া চুপাৰনোভা 'কেপলাৰৰ চুপাৰনোভা' দেখা পোৱা গৈছিল।
- ১৮৭৪ - বাৰ্ণ চুক্তিৰ দ্বাৰা ইউনিভাৰ্ছেল ডাক সংঘ সৃষ্টি কৰা হয়।
- ১৯৪১ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে এক পাৰমাণৱিক কাৰ্যসূচীৰ অনুমোদন জনাই যিটো পিছত মেনহাটান প্ৰকল্পত পৰিণত হৈ পৰে।
- ১৯৪৬ - ভাৰত চৰকাৰে বিদেশত ভাৰতৰ কূটনৈতিক, কনচুলাৰ আৰু বাণিজ্যিক প্ৰতিনিধিত্বৰ বাবে ভাৰতীয় বৈদেশিক সেৱা স্থাপন কৰে।
- ১৯৪৯ - ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীয়ে আধুনিক ক্ষেত্ৰীয় সেনা উদ্বোধন কৰে।
- ১৯৬৭ - বন্দী হোৱাৰ এদিন পিছত বলিভিয়াত বিপ্লৱ কৰিবলৈ চেষ্টা কৰা বাবে আৰ্নেষ্টো "চে" গুৱেভাৰাক মৃত্যুদণ্ড দিয়া হয়।
- ২০০৬ - উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰে।
- ২০০৮ - মাফিয়াৰ পৰা তেল সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল।
- ২০১২ - পাকিস্তানী তালিবানে স্পষ্টবাদী স্কুলীয়া ছাত্ৰী মালালা ইউছুফজাইক হত্যাৰ চেষ্টা কৰে।
- ২০২১ - অসমৰ যোৰহাটৰ ৭ বছৰীয়া ফ্ল'ৰিনা গগৈয়ে ছ'নী টিভিৰ চুপাৰ ডেঞ্চাৰ অধ্যায় ৪ৰ চূড়ান্ত বিজয়ী হয়।
জন্ম
সম্পাদনা কৰক- ১৭৫৭ - চাৰ্লছ এক্স, ফ্ৰান্সৰ ৰজা (১৮২৪-৩০)। (মৃঃ ১৮৩৬)
- ১৮২৬ - ৰাজা লক্ষ্মণ সিং, হিন্দী সাহিত্য এগৰাকী প্ৰসিদ্ধ সাহিত্যক৷
- ১৮৫২ - হেৰমন ইমিল ফিচাৰ, নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
- ১৮৯৭ - মিঞ্জুৰ ভক্তৱতছালাম, স্বাধীনতা সংগ্ৰামী আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
- ১৯২৯ - সুধীন দাশগুপ্ত, বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী।
- ১৯৪০ - জন লেনন, আমেৰিকান সংগীতজ্ঞ আৰু শান্তি কৰ্মী।
- ১৯৪৫ - ওস্তাদ আমজাদ আলি খান, বিখ্যাত ভাৰতীয় সৰোদ বাদক।
- ১৯৬৬ - ডেভিদ কেমেৰুন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ লণ্ডনত জন্ম হৈছিল।
- ১৯৭৯ - মেনকা পি পি বৰা (মেনকা প্ৰফুল্ল প্ৰসাদ বৰা), ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
- ১৯৮৫ - ছায়ানী গুপ্তা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৪৩ - পিটাৰ জিমান, এজন ডাচ্চ পদাৰ্থবিজ্ঞানী যিয়ে জিমান প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে হেন্দ্ৰিক লৰেণ্টজৰ সৈতে ১৯০২ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা পাইছিল।
- ১৯৬৭ - চে গুৱেভাৰা, এজন আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবিদ আৰু সামৰিক তাত্ত্বিক। কিউবান বিপ্লৱৰ এক মুখ্য ব্যক্তিত্ব।
- ১৯৮৭ - গুৰু গোপীনাথ, অভিনেতা আৰু কথাকলি কিংবদন্তী।
- ১৯৯৫ - এলেক ড'গলাছ-হোম, ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
- ২০০৬ - কাঞ্চী ৰাম, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু বহুজন নায়ক।
- ২০১৫ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
- ২০২৪ - ৰতন টাটা, ভাৰতীয় উদ্যোগপতি তথা সমাজহিতৈষী, পদ্মবিভূষণ।[1][2]
ছুটী আৰু দিৱস
সম্পাদনা কৰক- বিশ্ব মহাকাশ সপ্তাহৰ ষষ্ঠ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
- বিশ্ব ডাক দিৱস।
- আঞ্চলিক বা ক্ষেত্ৰীয় সেনা দিৱস। (ভাৰতৰ)
- ভাৰতীয় বৈদেশিক সেৱা দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৯ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "Ratan Tata, Whose Indian Business Empire Went Global, Dies at 86". The New York Times. 9 October 2024. https://www.nytimes.com/2024/10/09/business/ratan-tata-dead.html.
- ↑ "Ratan Tata no more; Business Titan dead at 86". Deccan Herald. 9 October 2024. https://www.deccanherald.com/business/ratan-tata-no-more-business-titan-dead-at-86-3226473.