মাউণ্ট কিলিমাঞ্জাৰ (ইংৰাজী: Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷[4]

মাউণ্ট কিলিমাঞ্জাৰ' (Kilimanjaro)

মাউণ্ট কিলিমাঞ্জাৰ'ৰ কিব' (Kibo) গিৰিশৃঙ্গ
উচ্চতা 5,895 m (19,341 ft)[1]
Prominence 5,885 m (19,308 ft)[2]
Ranked 4th
তালিকা Seven Summits
Volcanic Seven Summits
Country highest point
Ultra
অৱস্থান
Tanzania
অৱস্থিতি Kilimanjaro Region, Tanzania
স্থানাংক 03°04′33″S 37°21′12″E / 3.07583°S 37.35333°E / -3.07583; 37.35333স্থানাংক: 03°04′33″S 37°21′12″E / 3.07583°S 37.35333°E / -3.07583; 37.35333
টপ'‌ মেপ Kilimanjaro map and guide by Wielochowski[3]
ভূতত্ত্ব
প্ৰকাৰ Stratovolcano
শেহতীয়া উদ্গীৰণ None in recorded history
আৰোহন
প্ৰথম আৰোহনকাৰী 1889
Hans Meyer
Ludwig Purtscheller
সহজতম পথ Hike
Kibo 3D

বিৱৰণ সম্পাদনা কৰক

মাউণ্ট কিলিমাঞ্জাৰ'ৰ তিনিটা পৃথক আগ্নেয়গিৰি (volcanic cone) ৰে গঠিত৷ এইবোৰ হ'ল- কিব' 5,895 মিটাৰ (19,341 ফুট); মাৱেঞ্জি- 5,149 মিটাৰ (16,893 ফুট); আৰু শ্বিৰা- 3,962 মিটাৰ (13,000 ফুট). কিব' শৃংগৰ ওপৰত থকা উহুৰু (Uhuru) নামৰ শৃংগটো এই তিনিওটাৰ ভিতৰত সৰ্বোচ্চ৷

মাউণ্ট কিলিমাঞ্জাৰ' এটা সুবৃহৎ সংযুক্ত আগ্নেয়গিৰি (stratovolcano) ৷ ইয়াৰে দুটা শৃংগ অৰ্থাৎ মাৱেঞ্জি আৰু শ্বিৰাৰ আগ্নেয়গিৰি বৰ্তমান সম্পূৰ্ণ বিলুপ্ত (extinct) ৷ কিন্তু তৃতীয় আৱু সৰ্বোচ্চ শৃংগ কিব' বৰ্তমান সুপ্ত অৱস্থাত আছে আৰু ভবিষ্যতে পুনৰ জাগ্ৰত হৈ উঠিব পাৰে৷ ইয়াৰ শেহতীয়া উদগীৰণ প্ৰায় ১৫০,০০০-২০০,০০০ বছৰ পূৰ্বে হৈছিল বুলি জনা যায়৷[5]

যদিউ সুপ্ত, কিব' আগ্নেয়গিৰিৰ ফুমাৰ'ল বা সুৰুঙা (fumaroles) বোৰৰ পৰা বৰ্তমানেও বিভিন্ন গেছ নিঃসৰণ হয়৷ তাৰোপৰি অতীতত কিব'ৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰো তথ্য পোৱা যায়৷

মশ্বি (Moshi) নামৰ চহৰৰ আশে পাশে মাউণ্ট কিলিমাঞ্জাৰ' ৰ উচ্চতা প্ৰায় 5,100 মিটাৰ (16,732 ফুট) ৷ কিব'ৰ টিঙত সমমিত ( symmetrical) এক শংকু (cone) ৰে আৱৰি আছে৷ এই শংকুৰ গঁড়াসমূহৰ (scarps) দক্ষিণ দিশত উচ্চতা ১৮০-২০০ মিটাৰ৷ এই গঁড়াসমূহে প্ৰায় ২.৫ কিলোমিটাৰ জুৰি এটা কেলডেৰা (caldera) সৃষ্টি কৰিছে৷ এই অঞ্চলৰ মাজত থকা গাঁতসদৃশ ক্ৰেটাৰ (crater) অঞ্চলটোক 'Reusch Crater' বুলি কোৱা হয়৷ ডক্তৰ ৰিচাৰ্ড ৰেউশ্বে ৬৫ বাৰ কৰা কিলিমাঞ্জাৰ'ৰ পৰ্বতাৰোহণৰ স্মৃতিতে টাঞ্জানিয়াৰ চৰকাৰে এই অঞ্চলৰ তেওঁৰ উপাধিৰে নামকৰণ কৰে৷[6][7] [8]

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

আফ্ৰটপিক অঞ্চলত অৱস্থিত এক স্কাই আইলেণ্ড (Afromontane sky island) হোৱাৰ বাবে কিলিমাঞ্জাৰ' জৈৱবৈচিত্ৰ্যত অত্যন্ত চহকী৷ ইয়াৰ জায়েণ্ট গ্ৰাউণ্ডচেল (giant groundsels) এবিধ endemic উদ্ভিদ৷ সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত কিলিমাঞ্জাৰ'ৰ বনাঞ্চলৰ প্ৰকাৰ বৈচিত্ৰ্যপূৰ্ণ৷ এই অঞ্চলত প্ৰায় ১২০০বিধ vascular উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত Montane Ocotea, Cassipourea, Juniperus আদি প্ৰধান৷ তাৰোপৰি ইয়াৰ ৮,১০০ উচ্চতাত Subalpine Erica বনাঞ্চল দেখা যায়৷

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Kilimajaro Guide—Kilimanjaro 2010 Precise Height Measurement Expedition". http://www.mountkilimanjaroguide.com/kilimanjaro-height.html। আহৰণ কৰা হৈছে: 16 May 2009. 
  2. "Kilimanjaro". Peakbagger.com. http://www.peakbagger.com/peak.aspx?pid=11202। আহৰণ কৰা হৈছে: 2012-08-16. 
  3. EWP (2009). Kilimanjaro Map and tourist Guide (Map). 1:75,000 with 1:20,000 and 1:30,000 insets. EWP Map Guides. Cartography by EWP (4th সম্পাদনা). ISBN 0-906227-66-6. http://www.ewpnet.com/KILIMAP.HTM. 
  4. the Kilimanjaro 2008 Precise Height Measurement Expedition. "Precise Determination of the Orthometric Height of Mt. Kilimanjaro". http://www.fig.net/pub/fig2009/papers/ts08c/ts08c_fernandes_teamkili2008_3438.pdf। আহৰণ কৰা হৈছে: May 12, 2009. 
  5. Nonnotte, Philippe; Hervé Guillou, Bernard Le Gall, Mathieu Benoit, Joseph Cotten, Stéphane Scaillet (2008). "New K-Ar age determinations of Kilimanjaro volcano in the North Tanzanian diverging rift, East Africa". Journal of Volcanology and Geothermal Research খণ্ড 173 (1-2): 99–112. doi:10.1016/j.jvolgeores.2007.12.042. http://hal.univ-brest.fr/docs/00/30/44/58/PDF/Nonnotte_et_al.J.Volc.Geoth.Res-08.pdf. 
  6. "আৰ্কাইভ কপি". Archived from the original on 2011-07-15. https://web.archive.org/web/20110715183113/http://www.richardreusch.com/testimonials.php। আহৰণ কৰা হৈছে: 2013-12-16. 
  7. The Power of Purpose: Find Meaning, Live Longer. Richard J Leider. page 13.
  8. On Thin Ice. Mark Bowen. 2005. ISBN 0-8050-6443-5. page 342. Explore Mount Kilmanjaro. fold out map.

লগতে চাওক সম্পাদনা কৰক

  • Dundas, Sir Charles (1924) Kilimanjaro and Its People: A History of the Wachagga, Their Laws, Customs and Legends, Together with Some Account of the Highest Mountain in Africa 1st Edition London: Cass.
  • Ernest Hemingway, "The Snows of Kilimanjaro".

বাহ্যিক সংযোগ সম্পাদনা কৰক