আগ্নেয়গিৰি
আগ্নেয়গিৰি বা জ্বালামুখী (ইংৰাজী: Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃষ্ঠ পায়হি৷ যিবোৰ পৰ্ব্বত বা পাহাৰৰ অন্তৰ্ভাগৰ পৰা উত্তপ্ত,ধোঁৱা,ছাই আৰু গলিত পদাৰ্থ ওলায় সেইবোৰ পৰ্ব্বতক আগ্নেয়গিৰি বোলে৷ ভূ-বিজ্ঞানীসকলৰ মতে ভূত্বকৰ কোনো ছিদ্ৰইদি ধোঁৱা,ছাই,গলিত পদাৰ্থ সজোৰে বাহিৰলৈ ওলাই আহে এইবোৰক আচলতে লাভা বোলে৷ ছিদ্ৰটোৰ চাৰিওফালে এই লাভাবোৰ জমা হৈ একোটা পাহৰৰ নিচিনা হয়৷ ছিদ্ৰটোৰে সৈতে এই পাহাৰটোক আগ্নেয়গিৰি বোলে৷ [1]
আগ্নেয়গিৰিৰ প্ৰকাৰ
সম্পাদনা কৰকউদগীৰণৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি আগ্নেয়গিৰিক প্ৰধানকৈ তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি-
- জাগ্ৰত (Active)- যিবিলাক আগ্নেয়গিৰিৰ মুখেদি সদায় নিয়মিত ভাবে ধোঁৱা,ছাই,গলিত লাভা আদি ওলাই থাকে,সেইবোৰ আগ্নেয়গিৰিক জাগ্ৰত আগ্নেয়গিৰি বোলে৷ যেনে-ছিছিলৰ মাউণ্ট এটনা৷ জাগ্ৰত আগ্নেয়গিৰিক আকৌ দুভাগত ভাগ কৰিব পাৰি-সবিৰাম আৰু অবিৰাম আগ্নেয়গিৰি৷ যিবিলাক জাগ্ৰত আগ্নেয়গিৰিত অবিৰামভাৱে লাভা নিৰ্গত হৈ থাকে তাক অবিৰাম আগ্নেয়গিৰি আৰু যিবিলাকত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালতহে ধোঁৱা,ছাই আদি ওলায় সেইবোৰক সবিৰাম আগ্নেয়গিৰি বোলা হয়৷ ইটালীৰ ষ্ট্ৰম্বলী আগ্নেয়গিৰি এনে ধৰণৰ৷
- সুপ্ত (Dorment) - যিবিলাক আগ্নেয়গিৰিত আগতে উদগীৰণ হৈছিল,কিন্তু বৰ্তমানে সক্ৰিয় অৱস্থাত নাই ,কিন্তু আগলৈ উদগীৰণ হোৱাৰ সম্ভাৱনা আছে,সেইবোৰ আগ্নেয়গিৰিক সুপ্ত আগ্নেয়গিৰি বোলে৷ যেনে - জাপানৰ ফুজিয়ামা৷
- লুপ্ত (Extinct)- যিবোৰ আগ্নেয়গিৰি আগতে জাগ্ৰত আছিল কিন্তু এতিয়া বা ভৱিষ্যতে তাত অগ্ন্যুৎপাত হোৱাৰ কোনো সম্ভাৱনা নাই,তেনেবোৰক লুপ্ত আগ্নেয়গিৰি বোলা হয়৷ যেনে - আফ্ৰিকাৰ কিলিমাঞ্জাৰো৷ কেতিয়াবা কেতিয়াবা লুপ্ত আৰু সুপ্ত আগ্নেয়গিৰিৰ মুখত পানী জমা হৈ একোটা হ্ৰদৰ সৃষ্টি হয়৷ এনে ধৰণৰ হ্ৰদক আগ্নেয়গিৰি হ্ৰদ বোলে৷[1]
আগ্নেয়গিৰিৰ সংৰচনা
সম্পাদনা কৰকআগ্নেয়গিৰি সাধাৰণতে শংকু আকৃতিৰ এটা পাহাৰৰ নিচিনা৷ ইয়াৰ মুখখন চুপি বা শঙ্কু এটাৰ দৰে৷ শঙ্কুটোৰ ওপৰভাগত এটা গোলাকাৰ গাঁত দেখিবলৈ পোৱা যায়৷ ইয়াকেই জ্বালামুখ (Crater) বোলে৷ যি নলীয়েদি লাভা নিৰ্গত হয় তাক নলী (Vent) বোলা হয়৷ কেতিয়াবা আগ্নেয়গিৰি উদগীৰণ হওঁতে গলিত লাভা,পদাৰ্থ,শিল,ভষ্ম আদি মুখ্য নলীয়েদি ওলাই নাহি কাষৰ অন্য কোনো বিদৰেদি ওলাই আহিবলৈ যত্ন কৰে৷ কাৰণ মুখ্য আগ্নেয়গিৰি নলীত আগেয়ে বিক্ষিপ্ত হোৱা পদাৰ্থবোৰ গোট মাৰি নলী বন্ধ কৰি থয়৷ এইদৰে কাষৰ বিদৰেদি যিবোৰ লাভা ওলাই আহে,সেইবোৰে জ্বালামুখৰ সৃষ্টি কৰে৷ এনেধৰণে হোৱা জ্বালামুখক গৌণ জ্বালামুখ (Secondary Crater) বোলে৷ কিছুমান আগ্নেয়গিৰিৰ উপৰিভাগত বৃহৎ আকাৰৰ গোলাকৃতিৰ অৱনমিত অঞ্চল দেখিবলৈ পোৱা যায়৷ এনেধৰণৰ জ্বালামুখক আগ্নেয়গিৰি কুণ্ড (Caldera) বোলে৷[1]
আগ্নেয়গিৰি উৎপত্তিৰ কাৰণ
সম্পাদনা কৰকআগ্নেয়গিৰিৰ উৎপত্তিৰ কাৰণ এতিয়াও অনিশ্চিত অৱস্থাত আছে যদিও ভূমিকম্পৰ দৰে আগ্নেয়গিৰি সৃষ্টি হোৱাৰো মূল কাৰণ হ'ল -
- ভূ-পৃষ্ঠৰ পৰা যিমানেই অভ্যন্তৰ ভাগলৈ গৈ থকা হয় সিমানেই উত্তাপৰ মাত্ৰা বাঢ়ি যায়৷ ফলত ভূগৰ্ভৰ উপাদানসমূহ গলিত অৱস্থাত আছে৷ কিন্তু পৃথিৱীৰ উপৰিভাগৰ শিলাস্তৰসমূহৰ প্ৰচণ্ডচাপত এই উপাদানবোৰ গলিত হ'লেও স্থিতিশীল অৱস্থাত আছে৷ কিবা কাৰণত এই চাপৰ পৰিমাণ কমি গ'লে পৃথিৱীৰ অভ্যন্তৰৰ পদাৰ্থবোৰৰ স্থিতিস্থাপক অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে৷ ইয়াৰ ফলত এই পদাৰ্থবোৰ তৰল ঐ পৰে আৰু কোনো বিভংগ,বিদৰ বা কোনো দুৰ্বল স্তৰৰ মাজেৰে বাহিৰলৈ ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰে৷
- আগ্নেয়গিৰিৰ উৎপত্তিৰ আন এটা কাৰণ হৈছে ভূগৰ্ভত থকা জলীয় ভাপ আৰু আন আন বাষ্পৰ প্ৰচণ্ড চাপ৷ পৃথিৱীৰ কোনো বিদৰৰ মাজেদি ভূগৰ্ভলৈ পানী সোমাই গ'লে ভূগৰ্ভৰ উত্তাপত সেই পানী ভাপলৈ পৰিণত হয় আৰু আয়তনত বাঢ়ে৷ এইদৰে আয়তন বঢ়াৰ ফলত অভ্যন্তৰ ভাগত প্ৰচণ্ড চাপৰ সৃষ্টি হয়৷ ফলত গলিত পদাৰ্থসমূহ জুলীয়া ভাপ আৰু আন বাষ্পৰ হেঁচাৰ ফলত ভূ-পৃষ্ঠলৈ ওলাই আহে৷
- তেজষ্ক্ৰিয় উপাদান যেনে - ৰেডিয়াম,ইউৰেনিয়াম আদিৰ অবিৰাম তাপ বিকিৰণৰ ফলত ভূগৰ্ভৰ উত্তাপ বাঢ়ে আৰু ইয়াৰ বিভিন্ন উপাদানবোৰ তৰল হৈ আয়তনত বাঢ়ে৷ তাৰ ফলত কোনো সুৰুঙা বা বিদৰেদি এই উত্তপ্ত পদাৰ্থবোৰ ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰিব পাৰে৷
- ভূগৰ্ভত কেতিয়াবা কিবা ৰাসায়নিক কাৰণত বাষ্পৰ সৃষ্টিহৈ সেই বাষ্প পৃথিৱীৰ উপৰি ভাগৰ দুৰ্বল অংশৰে ওলাই আহি আগ্নেয়গিৰিৰ সৃষ্টি কৰিব পাৰে৷[1]
আগ্নেয়গিৰিৰ বিতৰণ
সম্পাদনা কৰকপৃথিৱীৰ উপৰিভাগত আগ্নেয়গিৰিৰ বিতৰণ সমান নহয়৷ কিছুমান ঠাইত আগ্নেয়গিৰি একেবাৰে নাই৷ উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়া৷ পৃথিৱীৰ ভিতৰত এচিয়া মহাদেশতেই আটাইতকৈ বেছি আগ্নেয়গিৰি আছে৷ প্ৰশান্ত মহাসাগৰৰ চাৰিওকাষে আগ্নেয়গিৰিৰ এটা বলয় আছে৷ এই বলয়ক আগ্নেয় বলয় বোলা হয়৷ আগ্নেয়গিৰিৰ অন্য এটা অঞ্চল হ'ল বেলুচিস্তানৰ পৰা পাৰ্ছিয়া,এচিয়া মাইনৰ,ভূমধ্য সাগৰৰ মাজেদি গৈ কেনেৰি আৰু এজোৰ্ছ দ্বীপপুঞ্জ অতিক্ৰম কৰি পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ ফালে গৈছে৷ ওপৰোক্ত অঞ্চলসমূহৰ বাহিৰেও আগ্নেয়গিৰি উদগীৰণৰ আৰু দুটা অঞ্চল আছে৷ এটা অঞ্চলে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ পৰা দক্ষিণ আমেৰিকাৰ উত্তৰাংশ,মধ্য আমেৰিকা হৈ মেক্সিকোৰ দক্ষিণাংশ পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ আনটো অঞ্চলে ছুমাত্ৰা,জাভা,নিউগিনি অতিক্ৰম কৰি ফিলিপাইনচ দ্বীপপুঞ্জ পৰ্যন্ত আগুৰি আছে৷ ইয়াৰ বাহিৰেও প্ৰশান্ত মহাসাগৰৰ মাজত দুই এটা আগ্নেয়গিৰি দেখিবলৈ পোৱা যায়৷ [1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
লগতে পঢ়ক
সম্পাদনা কৰক- Cas, R.A.F. and J.V. Wright, 1987. Volcanic Successions. Unwin Hyman Inc. 528p. ISBN 0-04-552022-4
- Macdonald, Gordon and Agatin T. Abbott. (1970). Volcanoes in the Sea. University of Hawaii Press, Honolulu. 441 p.
- Marti, Joan and Ernst, Gerald. (2005). Volcanoes and the Environment. Cambridge University Press. ISBN 0-521-59254-2.
- Ollier, Cliff. (1988). Volcanoes. Basil Blackwell, Oxford, UK, ISBN 0-631-15664-X (hardback), ISBN 0-631-15977-0 (paperback).
- Sigurðsson, Haraldur, ed. (1999). Encyclopedia of Volcanoes. Academic Press. ISBN 0-12-643140-X. This is a reference aimed at geologists, but many articles are accessible to non-professionals.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আগ্নেয়গিৰি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Volcanoes বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Volcano, U.S. Federal Emergency Management Agency FEMA
- Volcano World
- Volcanos (Worsley School)