মাঘ

অসমীয়া বৰ্ষৰ দশম মাহ
০১
16
০২
17
০৩
18
০৪
19
০৫
20
০৬
21
০৭
22
০৮
23
০৯
24
১০
25
১১
26
১২
27
১৩
28
১৪
29
১৫
30
১৬
31
১৭
01
১৮
02
১৯
03
২০
04
২১
05
২২
06
২৩
07
২৪
08
২৫
09
২৬
10
২৭
11
২৮
12
২৯
13
১৪৩০ ভাস্কৰাব্দ

মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ একাদশ মাহ। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] মাঘ মাহত ৩০ দিন থাকে।[2] মঘা নক্ষত্ৰৰ নামেৰে মাঘ বা "মাঘা" নামটি আহিছে। পুহ আৰু মাঘ এই ২ মাহ মিলি শীত কাল। শীতৰ সমাপ্তি। অসমীয়া লোক সকলে মাঘ মাহত খেতি চপোৱাৰ উৎসৱ পালন কৰে। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা ভোগালী বিহু পালন কৰি ভেলা ঘৰ সাজে আৰু সমূহীয়াকৈ ভোজ ভাত খাই আনন্দ কৰে।[3] এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷ [4] মাঘ মাহৰ শেষৰ ফালে বৰষুণ হয়। প্ৰবাদ আছে "মাঘৰ শীতত বাঘ পালায়"। এই মাহত আমৰ মুকুল আহে। প্ৰবচন আছে যে- "য'দি বৰ্ষে মাঘৰ শেষ, ধনী ৰজাৰ পূণ্য দেশ"। মাঘ মাহৰ পূৰ্ণিমাক মাঘী পূৰ্ণিমা বুলি কোৱা হয়‌‌‌। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা উদযাপন কৰা হয়। মাঘ মাহত শীত ঋতুৰ অন্তিম পৰব চলি থাকে।

অন্য পঞ্জিকাত মাঘৰ সমসাময়িক মাহ সম্পাদনা কৰক

অসমীয়া পঞ্জিকাত মাঘ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাজানুৱাৰী আৰু ফেব্ৰুৱাৰী হয়। মাঘ জানুৱাৰীৰ ১৬ বা ১৭ তাৰিখত আৰম্ভ হয় আৰু ফেব্ৰুৱাৰীৰ মধ্যলৈকে থাকে।[2] মাঘ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত পৌষ মাহ চলি থাকে।[1]

 
মাঘৰ বিহুত কলগছৰ শুকান পাত আৰু বাঁহেৰে তৈয়াৰ কৰা মেজি

উৎসৱ-পাৰ্বন সম্পাদনা কৰক

মাঘ মাহৰ আৰম্ভণিৰ আগেয়েই খেতিয়কে ধান কাটি সামৰি ভঁৰালত ভৰাই বছৰলৈ যতন কাৰি ৰাখে। এই সময়ত সকলোৰে ঘৰত ধান-মাহকে আদি কৰি টকা-পইচাৰ অভাৱ কম হয়। সেয়ে মাহৰ শেষত, মকৰসংক্ৰান্তিত অসমীয়া সকলে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰে।[5] বঙালী সম্প্ৰদায়ৰ লোক সকলেও উৎসৱ উদযাপন কৰে। বাংলাদেশৰ ঢাকাত এই সময়ত ডাঙৰ মেলা বহে।[6][7] চাহ জনজাতিৰ লোকসকলে টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক 'পৌৰ পৰৱ' বুলিও কোৱা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Assamese months names". http://hindupad.com/assamese-months/. 
  2. 2.0 2.1 বৰকটকী কোম্পানী, যোৰহাট
  3. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9be998-9ac9bf9b99c1
  4. "ৰচনা সঞ্চয়ন" লেখকদ্বয় - ড° দাস আৰু ড° ভট্টাচাৰ্য ৷ ISBN No-81-86384-28-6
  5. "Poush sankranti recipes" (en ভাষাত). The Daily Star. 2016-01-05. http://www.thedailystar.net/lifestyle/deshi-mix/poush-sankranti-recipes-196918. 
  6. "Winter melodies around Poush" (en ভাষাত). The Daily Star. 2011-01-09. http://www.thedailystar.net/news-detail-169229. 
  7. "Poush Mela held at Ramna" (en ভাষাত). The Daily Star. 2015-01-09. http://www.thedailystar.net/poush-mela-held-at-ramna-58989.