ব’হাগ

অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ
(ব'হাগৰ পৰা পুনঃনিৰ্দেশিত)
০১
15
০২
16
০৩
17
০৪
18
০৫
19
০৬
20
০৭
21
০৮
22
০৯
23
১০
24
১১
25
১২
26
১৩
27
১৪
28
১৫
29
১৬
30
১৭
01
১৮
02
১৯
03
২০
04
২১
05
২২
06
২৩
07
২৪
08
২৫
09
২৬
10
২৭
11
২৮
12
২৯
13
৩০
14
৩১
15
১৪৩০ ভাস্কৰাব্দ

ব'হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] বহাগত ৩১ দিন থাকে।[2] ১ ব'হাগ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনত অসমীয়া নববৰ্ষৰ উপলক্ষে 'মানুহ বিহু' পতা হয়।

অন্য পঞ্জিকাত ব'হাগৰ সমসাময়িক মাহসম্পাদনা কৰক

অসমীয়া পঞ্জিকাত ব'হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাএপ্ৰিল আৰু মে' হয়। ব'হাগ ১৪ বা ১৫ এপ্ৰিলত আৰম্ভ হয় আৰু মে'ৰ মধ্যলৈকে থাকে।[3] ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত চৈত্ৰ (চ্ছেইত্ৰ) মাহ চলি থাকে।[4]

 
তগৰ ফুল

উৎসৱ পৰ্ব আদিসম্পাদনা কৰক

  • ১৩বহাগ: অক্ষয়তৃতীয়া ব্ৰত

প্ৰাকৃতিক পৰিৱৰ্তনসম্পাদনা কৰক

 
চ'তৰ পৰা ব'হাগ মাহৰ অসমত ফুলা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে

ব'হাগ মাহৰ সময়ত বসন্ত ঋতু চলি থাকে। এই সময়ত অসমৰ হাবিত নানাবিধ অৰ্কিড ফুলা দেখা যায়। ইয়াৰ লগতে এই সময়ত অসমৰ মাটিত গজা আৰু ফুলা কেতেকী(ফুল), নাহৰ আৰু তগৰ ফুলো আন তিনিবিধ সুগন্ধি ফুল। প্ৰায় সকলোবোৰ গছৰে নতুন পাত ওলাই, বৰষুণ আৰম্ভ হয় আৰু বতাহৰ গতিবেগ বাঢ়ে। এই সময় চোৱাত অসমৰ হাবিত বিশেষকৈ কুলি আৰু কেতেকীৰ শুৱলা মাত শুনিবলৈ পোৱা যায়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. http://hindupad.com/assamese-months/
  2. বৰকটকী কোম্পানী, যোৰহাট
  3. বৰকটকী কোম্পানী, যোৰহাট
  4. http://hindupad.com/assamese-months/
  5. http://festivals.iloveindia.com/bihu/rongali-bihu/days-of-rongali-bihu.html