মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্‌ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়। স্বৰ্গদেউৰ ভায়েককে ধৰি আহোম বিষয়ববীয়াসকলৰ চক্ৰান্তত গড়গাঁও পতনৰ পিছত স্বৰ্গদেৱে পলায়ন কৰে। পিছত আহোম ৰজাই তেওঁৰ মন্ত্ৰী আইখেক বুঢ়াগোহাঁইৰ জৰিয়তে শান্তি স্থাপনাৰ বাবে কোচ ৰজাক আমন্ত্ৰণ জনায়। শান্তি আলোচনাৰ সময়ত নৰনাৰায়ণে মাজুলীত বাহৰ পাতি আছিল।[1] শেষত দুয়োপক্ষই মানি লোৱা চৰ্তসমূহ আছিল:[2]

  1. আহোম ৰজাই কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব।
  2. ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি[1] কোচসকলক গতাই দিয়া হ'ব।
  3. আহোম বিষয়াৰ পাঁচজন পুত্ৰক বন্দী হিচাপে গতাই দিয়া হ'ব।
  4. খামৰিং নামৰ হাতী আৰু পাকচিৰাই নামৰ ঘোঁৰাটো দিয়া হ'ব।
  5. আহোমসকলে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে এইখিনি বস্তু দিব লাগিব- ষাঠীটা হাতী, ষাঠীযোৰ কাপোৰ, ষাঠীজনী বান্দী, তিনিশজন মানুহ আৰু সোণ-ৰূপৰ সৈতে এটা ৰঙা ৰাজকীয় চত্ৰ।

ইয়াৰ লগতে কোচ ৰজাই তিনিজন কোচ বিষয়াক ৰাজখোৱা হিচাপে প্ৰতিষ্ঠা কৰে- উজীৰ বামুণ, তপস্বী লস্কৰ আৰু মালমূল্য লস্কৰ। নতুনকৈ আহৰণ কৰা অঞ্চলটোৰ চোৱা-চিতাৰ বাবে নাৰায়ণপুৰত এটা কোঠো প্ৰতিষ্ঠা কৰা হয়।

টোকা সম্পাদনা কৰক

  1. 1.0 1.1 (Nath 1989, পৃষ্ঠা 58)
  2. (Sarkar 1992, পৃষ্ঠা 80)

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Nath, D (1989), History of the Koch Kingdom: 1515-1615, প্ৰকাশক Delhi: Mittal Publications 
  • Sarkar, J N (1992), "Chapter IV: Early Rulers of Koch Bihar", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board