মাটিৰ স্বৰ্গ
অসমীয়া চলচ্চিত্ৰ (১৯৬৩)
মাটিৰ স্বৰ্গ (ইংৰাজী: Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।[1] ছবিখনত এখন অভাৱ-অনাতনে জুৰুলা কৰা গৃহস্থী আৰু আন এখন বিলাস-বৈভৱেৰে উপচি থকা গৃহস্থীৰ চিত্ৰায়ন কৰা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থীয়ে যেতিয়া দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কিদৰে ইয়াৰ প্ৰতিকাৰ উলিয়ায়, ইয়াত তাকেই দেখুওৱা হৈছে।[2]
মাটিৰ স্বৰ্গ Matir Swarga | |
---|---|
পৰিচালক | অনিল চৌধুৰী |
কাহিনী | গিৰিশ চৌধুৰী |
প্ৰযোজক | গিৰিশ চৌধুৰী |
চিত্ৰগ্ৰহণকাৰী | সুবোধ বন্দোপাধ্যায় |
সম্পাদনা | অজিত দাস |
সংগীত পৰিচালক | জিতেন দেৱ, বীৰেন্দ্ৰ দেৱ |
পৰিবেশক | ইষ্টাৰ্ণ ইণ্ডিয়া ডিষ্ট্ৰিবিউটৰ্চ |
মুক্তি |
১ মাৰ্চ, ১৯৬৩ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
শিল্পী আৰু কলা-কুশলী
সম্পাদনা কৰক- (তথ্যছকত নথকা)
- শব্দগ্ৰহণ- জে ডি ইৰাণী, শিশিৰ চেতাৰ্জী
- কলা নিৰ্দেশন- নৰেশ ঘোষ
- অভিনয়- প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলী, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ইভা আচাও, বৰুণা চৌধুৰী, অৰ্চনা দাস, পদ্মা চৌধুৰী আদি।[1]
গীত
সম্পাদনা কৰকমাটিৰ স্বৰ্গৰ সংগীত জীতেন দেৱ আৰু বীৰেন্দ্ৰ দেৱৰ। মুঠ গীত ছটা।[3]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "পূজা কী বাজাৰ বহুত মজাৰ, পুতুল খেলা গৰা কইনা" | নৱকান্ত বৰুৱা | অসিত কুমাৰ | |||||||
2. | "দিগন্তৰ পাৰেপাৰে বগাকৈ বগলী উৰে, কিনো মায়া জাগে পৰাণত" | পুৰুষোত্তম দাস | গুণদা দাস | |||||||
3. | "কান্দে ৰাধাৰাণী যমুনা পুলিনে, লোতক মুকুতামালা সৰে দুনয়নে" | মুক্তিনাথ বৰদলৈ | বীৰেন্দ্ৰ কুমাৰ | |||||||
4. | "চুমুকে চুমুকে চুম ছন-নন বাজে, ৰুণুজুনু ৰুণুজুনি নুপুৰৰ ধ্বনি" | জীতেন দেৱ | গুণদা দাস | |||||||
5. | "জয়ত্বং দেৱী চামুণ্ডে জয় ভূতপহাৰিণী, জয় সৰ্বগতে দেৱী কালৰাত্ৰি নমোহস্তুতে" | জীতেন দেৱ | বীৰেন্দ্ৰ কুমাৰ | |||||||
6. | "জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল" | নৱকান্ত বৰুৱা | শৰদিন্দু দাশগুপ্ত |
তথ্য উংস
সম্পাদনা কৰক- ↑ 1.0 1.1 Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati. পৃষ্ঠা. 120.
- ↑ "এফালে অভাৱ; আনফালে বিলাসঃ দুয়ো দিশকে কেন্দ্ৰ কৰি নিৰ্মিত ছবি “মাটিৰ স্বৰ্গ”". https://rupaliparda.com/archives/9989। আহৰণ কৰা হৈছে: 25 April 2020.
- ↑ Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugarh. পৃষ্ঠা. 87.